--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ বিৰুদ্ধে নিৰ্বাচনী বণ্ড সম্পৰ্কীয় গোচৰত এফআইআৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে বেংগালুৰু আদালতে নিৰ্বাচনী বণ্ড গোচৰত বেংগালুৰু আদালতৰ নিৰ্দেশৰ পিছতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই তীব্ৰ সমালোচনা কৰি নিৰ্মলা সীতাৰমণ, এইচ ডি কুমাৰস্বামীৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। 

জানিব পৰা মতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিৰুদ্ধে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন দাবীৰ অভিযোগত এফআইআৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে বেংগালুৰু আদালতে। জনাধিকাৰ সংঘৰ্ষ অৰ্গেনাইজেশ্যনৰ আদৰ্শ আয়াৰে নিৰ্মলা সীতাৰমণৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।এই সন্দৰ্ভত ২৮ ছেপ্টেম্বৰত আদালতে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। এক্সৰ এটা পোষ্টত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই  সীতাৰমণ, এইচ ডি কুমাৰস্বামীৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ পদত্যাগৰ দাবী উত্থাপন কৰি তিনি মাহৰ ভিতৰত এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব লাগে বুলি উল্লেখ কৰিছে৷ লগতে, বিজেপিয়ে তেওঁক পদত্যাগ কৰিবলৈ ক’বনে? প্ৰতিবাদ কৰি পদযাত্ৰা কৰিব নে? বুলি প্ৰশ্ন কৰে৷

আৰক্ষীয়ে জনোৱা মতে, আদালতৰ নিৰ্দেশৰ ভিত্তিত কেন্দ্ৰীয় মন্ত্ৰী, ইডিৰ বিষয়া, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজেপিৰ বিষয়াৰ বিৰুদ্ধে ৩৮৪  আৰু ১২০বিৰ লগতে ধাৰা ৩৪ পঞ্জীয়ন কৰা হৈছে। উল্লেখযোগ্য যে ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড আঁচনিখনে সংবিধানৰ অধীনত তথ্যৰ অধিকাৰ আৰু মত প্ৰকাশৰ স্বাধীনতা উলংঘা কৰে বুলি খাৰিজ কৰিছিল। এই গোচৰত বিত্তমন্ত্ৰী সীতাৰমণক মূল অভিযুক্ত আখ্যা দিয়া হৈছে।এই অভিযোগত ইডিৰ বিষয়াসকলৰ নাম উল্লেখ কৰা লগতে কেন্দ্ৰীয় কাৰ্যালয়ৰ বিষয়া, কৰ্ণাটকৰ প্ৰাক্তন বিজেপি সাংসদ নলিন কুমাৰ কটিল, বিজেপিৰ সভাপতি বি.ৱাই. বিজয়েন্দ্ৰ, ৰাজ্যিক বিজেপিৰ বিষয়াসকলৰ নামো এফআইআৰত উল্লেখ আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু