--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ বিৰুদ্ধে নিৰ্বাচনী বণ্ড সম্পৰ্কীয় গোচৰত এফআইআৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে বেংগালুৰু আদালতে নিৰ্বাচনী বণ্ড গোচৰত বেংগালুৰু আদালতৰ নিৰ্দেশৰ পিছতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই তীব্ৰ সমালোচনা কৰি নিৰ্মলা সীতাৰমণ, এইচ ডি কুমাৰস্বামীৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। 

জানিব পৰা মতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিৰুদ্ধে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন দাবীৰ অভিযোগত এফআইআৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে বেংগালুৰু আদালতে। জনাধিকাৰ সংঘৰ্ষ অৰ্গেনাইজেশ্যনৰ আদৰ্শ আয়াৰে নিৰ্মলা সীতাৰমণৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।এই সন্দৰ্ভত ২৮ ছেপ্টেম্বৰত আদালতে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। এক্সৰ এটা পোষ্টত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই  সীতাৰমণ, এইচ ডি কুমাৰস্বামীৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ পদত্যাগৰ দাবী উত্থাপন কৰি তিনি মাহৰ ভিতৰত এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব লাগে বুলি উল্লেখ কৰিছে৷ লগতে, বিজেপিয়ে তেওঁক পদত্যাগ কৰিবলৈ ক’বনে? প্ৰতিবাদ কৰি পদযাত্ৰা কৰিব নে? বুলি প্ৰশ্ন কৰে৷

আৰক্ষীয়ে জনোৱা মতে, আদালতৰ নিৰ্দেশৰ ভিত্তিত কেন্দ্ৰীয় মন্ত্ৰী, ইডিৰ বিষয়া, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজেপিৰ বিষয়াৰ বিৰুদ্ধে ৩৮৪  আৰু ১২০বিৰ লগতে ধাৰা ৩৪ পঞ্জীয়ন কৰা হৈছে। উল্লেখযোগ্য যে ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড আঁচনিখনে সংবিধানৰ অধীনত তথ্যৰ অধিকাৰ আৰু মত প্ৰকাশৰ স্বাধীনতা উলংঘা কৰে বুলি খাৰিজ কৰিছিল। এই গোচৰত বিত্তমন্ত্ৰী সীতাৰমণক মূল অভিযুক্ত আখ্যা দিয়া হৈছে।এই অভিযোগত ইডিৰ বিষয়াসকলৰ নাম উল্লেখ কৰা লগতে কেন্দ্ৰীয় কাৰ্যালয়ৰ বিষয়া, কৰ্ণাটকৰ প্ৰাক্তন বিজেপি সাংসদ নলিন কুমাৰ কটিল, বিজেপিৰ সভাপতি বি.ৱাই. বিজয়েন্দ্ৰ, ৰাজ্যিক বিজেপিৰ বিষয়াসকলৰ নামো এফআইআৰত উল্লেখ আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু