--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদানিৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰি শক্তিশালী গোষ্ঠীটোৰ ৰোষত পৰা দুগৰাকী সাংবাদিকক অৱশেষত  উচ্চতম ন্যায়ালয়ে সকাহ প্ৰদান কৰিছে৷  আদানি গোষ্ঠীৰ  বিষয়ে লিখা প্ৰতিবেদনৰ বাবেই  দুই সাংবাদিকলৈ গুজৰাট আৰক্ষীয়ে চমন জাৰি কৰিছিল৷ গুজৰাট আৰক্ষীৰ এনে চমনক  প্ৰত্যাহ্বান জনাই দুই সাংবাদিকে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল৷ অৱশেষত আদালতে  দুয়োগৰাকী সাংবাদিককে গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা প্ৰদান কৰি নিৰ্দেশনা জাৰি কৰে৷

 ন্যায়াধীশ বি আৰ গাভাই আৰু পি কে মিশ্ৰাৰ বিচাৰপীঠে সাংবাদিকদুগৰাকীক তদন্তত সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়ে আৰু ইয়াৰ বাবে তেওঁলোকক পৰৱৰ্তী শুনানি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাযাব বুলি কয় ৷ খণ্ডপীঠে কয় "আমি নিৰ্দেশ দিছো যে পৰৱৰ্তী শুনানিৰ তাৰিখলৈকে আবেদনকাৰীসকলৰ বিৰুদ্ধে কোনো বলপূৰ্বক ব্যৱস্থা গ্ৰহণ কৰা নহ'ব,  তেওঁলোকে তদন্তত সহযোগিতা কৰা উচিত," ।

শীৰ্ষ ন্যায়ালয়ে দুই সাংবাদিক ক্ৰমে বেঞ্জামিন নিকোলাছ ব্ৰুক পাৰ্কিন আৰু ক্লো নিনা কৰ্ণিশে দাখিল কৰা  আবেদনৰ শুনানি গ্ৰহণ কৰি এনেদৰে ৰায় দিয়ে৷ 

উল্লেখ্য উচ্চতম ন্যায়ালয়ে  কিছুদিন পূৰ্বে আন দুগৰাকী সাংবাদিক ৰবি নায়াৰ আৰু আনন্দ মাংগনালেকো আদানি-হিণ্ডেনবাৰ্গ বিবাদৰ বিষয়ে লিখা  এখন প্ৰতিবেদনৰ ক্ষেত্ৰত অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰিছিল।

 উল্লেখ্য ইয়াৰ পূৰ্বে আদানি গ্ৰুপৰ ষ্টক মূল্যৰ "কৃত্ৰিম বৃদ্ধি"ৰ অভিযোগ উত্থাপন কৰি দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰ আৰু বজাৰ নিয়ন্ত্ৰক ছেবিৰ মতামত বিচাৰিছিল ন্যায়ালয়ে ।বিত্ত মন্ত্ৰালয়ৰ পৰাও এই বিষয়ত যাৱতীয় তথ্য বিচাৰিছিল।আদালতে বজাৰত বিনিয়োগকাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে নিয়ামক প্ৰণালী শক্তিশালী কৰাৰ বিষয়তো পৰামৰ্শ দিছিল।। ন্যায়াধীশ পি এছ নৰসিংহ আৰু জে বি পাৰ্দিৱালাক লৈ গঠিত বিচাৰপীঠখনে "বিনিয়োগকাৰীসকলক সুৰক্ষা দিয়াৰ বাবে শক্তিশালী পদ্ধতি" উদ্ভাৱন  কৰাৰ উপৰি ডমেইন বিশেষজ্ঞ আৰু অন্যান্যসকলকলৈ সমিতি গঠন কৰাৰ পৰামৰ্শ দিছিল।আদানীৰ নানান অনিয়ম উদঙাই সাংবাদিক একাংশই প্ৰতিবেদন প্ৰকাশ কৰিছিল৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ