--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদানিৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰি শক্তিশালী গোষ্ঠীটোৰ ৰোষত পৰা দুগৰাকী সাংবাদিকক অৱশেষত  উচ্চতম ন্যায়ালয়ে সকাহ প্ৰদান কৰিছে৷  আদানি গোষ্ঠীৰ  বিষয়ে লিখা প্ৰতিবেদনৰ বাবেই  দুই সাংবাদিকলৈ গুজৰাট আৰক্ষীয়ে চমন জাৰি কৰিছিল৷ গুজৰাট আৰক্ষীৰ এনে চমনক  প্ৰত্যাহ্বান জনাই দুই সাংবাদিকে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল৷ অৱশেষত আদালতে  দুয়োগৰাকী সাংবাদিককে গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা প্ৰদান কৰি নিৰ্দেশনা জাৰি কৰে৷

 ন্যায়াধীশ বি আৰ গাভাই আৰু পি কে মিশ্ৰাৰ বিচাৰপীঠে সাংবাদিকদুগৰাকীক তদন্তত সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়ে আৰু ইয়াৰ বাবে তেওঁলোকক পৰৱৰ্তী শুনানি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাযাব বুলি কয় ৷ খণ্ডপীঠে কয় "আমি নিৰ্দেশ দিছো যে পৰৱৰ্তী শুনানিৰ তাৰিখলৈকে আবেদনকাৰীসকলৰ বিৰুদ্ধে কোনো বলপূৰ্বক ব্যৱস্থা গ্ৰহণ কৰা নহ'ব,  তেওঁলোকে তদন্তত সহযোগিতা কৰা উচিত," ।

শীৰ্ষ ন্যায়ালয়ে দুই সাংবাদিক ক্ৰমে বেঞ্জামিন নিকোলাছ ব্ৰুক পাৰ্কিন আৰু ক্লো নিনা কৰ্ণিশে দাখিল কৰা  আবেদনৰ শুনানি গ্ৰহণ কৰি এনেদৰে ৰায় দিয়ে৷ 

উল্লেখ্য উচ্চতম ন্যায়ালয়ে  কিছুদিন পূৰ্বে আন দুগৰাকী সাংবাদিক ৰবি নায়াৰ আৰু আনন্দ মাংগনালেকো আদানি-হিণ্ডেনবাৰ্গ বিবাদৰ বিষয়ে লিখা  এখন প্ৰতিবেদনৰ ক্ষেত্ৰত অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰিছিল।

 উল্লেখ্য ইয়াৰ পূৰ্বে আদানি গ্ৰুপৰ ষ্টক মূল্যৰ "কৃত্ৰিম বৃদ্ধি"ৰ অভিযোগ উত্থাপন কৰি দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰ আৰু বজাৰ নিয়ন্ত্ৰক ছেবিৰ মতামত বিচাৰিছিল ন্যায়ালয়ে ।বিত্ত মন্ত্ৰালয়ৰ পৰাও এই বিষয়ত যাৱতীয় তথ্য বিচাৰিছিল।আদালতে বজাৰত বিনিয়োগকাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে নিয়ামক প্ৰণালী শক্তিশালী কৰাৰ বিষয়তো পৰামৰ্শ দিছিল।। ন্যায়াধীশ পি এছ নৰসিংহ আৰু জে বি পাৰ্দিৱালাক লৈ গঠিত বিচাৰপীঠখনে "বিনিয়োগকাৰীসকলক সুৰক্ষা দিয়াৰ বাবে শক্তিশালী পদ্ধতি" উদ্ভাৱন  কৰাৰ উপৰি ডমেইন বিশেষজ্ঞ আৰু অন্যান্যসকলকলৈ সমিতি গঠন কৰাৰ পৰামৰ্শ দিছিল।আদানীৰ নানান অনিয়ম উদঙাই সাংবাদিক একাংশই প্ৰতিবেদন প্ৰকাশ কৰিছিল৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক