--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন হোৱাৰ প্ৰাক্ক্ষণত ৰাজকীয় দীপাৱলীৰ আয়োজন কৰিছে উত্তৰ প্ৰদেশৰ চৰকাৰে৷  আজি নিশা সৰযু নৈৰ পাৰত  জ্বলোৱা হ’ব ২৪ লাখ মাটিৰ চাকি । সমগ্ৰ বিশ্বতে এনে কাৰ্যই অভিলেখ ৰচনা কৰিব৷   যোৱা বছৰ  দেৱালীৰ সময়ত  অযোধ্যাত একেলগে ১৬ লাখ চাকি জ্বলোৱা হৈছিল।

 অৱশ্যে উত্তৰ প্ৰদেশ চৰকাৰে কৈছে যে অযোধ্যাই এই বছৰ দেৱালীৰ সময়ত পূৰ্বৰ   সকলো অভিলেখ ভংগ কৰিব৷  ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে এইবেলি  এই দীপাৱলী  অতি গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে। দীপাৱলী  উপলক্ষে অযোধ্যা চহৰখন পোহৰেৰে সজোৱা হৈছে। 'লেজাৰ লাইট'ৰ পৰা সৰু আৰু ডাঙৰ বাল্ব, চাকি কিমান যে কি...  শনিবাৰে, দেৱালীৰ আগদিনা  চহৰখনত এক বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হৈছে। এই অনুষ্ঠানত  ১৪ বছৰৰ নিৰ্বাসনৰ পিছত ৰাম, সীতা আৰু লক্ষ্মণে  অযোধ্যালৈ ঘূৰি অহাৰ দৃশ্য উপস্থাপন কৰা হ’ব৷  অনুষ্ঠানত  মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো উপস্থিত থাকিব।

শনিবাৰে চহৰখনত এটা 'লাইট এণ্ড চাউণ্ড শ্ব'ৰো আয়োজন কৰা হৈছে। ইয়াৰ ব্যয় হ’ব  ২০ কোটি টকা। উত্তৰ প্ৰদেশ চৰকাৰে  দাবী কৰিছে যে অনুষ্ঠানটোৱে দৰ্শকসকলক আচৰিত কৰি তুলিব। 

চৰকাৰে উত্তৰ প্ৰদেশৰ সাধাৰণ লোকসকলকো এই ৰাজকীয় উৎসৱত অংশগ্ৰহণ কৰাৰ সুযোগ দিছে। সাধাৰণ নাগৰিকেও চাকি কিনি সৰযুৰ পাৰত জ্বলাব পাৰিব৷ এটা চাকিৰ মূল্য ৫১ টকা নিৰ্ধাৰণ কৰা হৈছে। উল্লেখ্য  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  অহা বছৰৰ ২২ জানুৱাৰীত উত্তৰ প্ৰদেশৰ অযোধ্যাত নিৰ্মাণ কৰা ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। পৃথিৱীৰ সৰ্ববৃহৎ ৰাম মন্দিৰটো অযোধ্যাৰ বহু চৰ্চিত ভূমিত নিৰ্মাণ কৰি থকা হৈছে। এই মন্দিৰ ৩৮০ ফুট দীঘল আৰু ২৫০ ফুট বহল। উচ্চতা ১৬১  ফুট। বিশাল মন্দিৰটো থাকিব ৩৯২ টা স্তম্ভত । 

মন্দিৰৰ ৪৬ খন দুৱাৰ  চেগুনৰ কাঠেৰে  নিৰ্মাণ কৰা হৈছে। গৰ্ভগৃহৰ দুৱাৰখন হ'ব সোণৰ । এই মন্দিৰ নিৰ্মাণৰ সামগ্ৰী পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অনা হৈছে। মন্দিৰ নিৰ্মাণৰ বাবে ধনো ভক্তসকলৰ দানৰ পৰা আহিছে।শ্ৰী ৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই কয় যে মন্দিৰটো অহা বছৰৰ ২২ জানুৱাৰীত উদ্বোধন কৰা হ'ব। ৰাম মন্দিৰৰ নিৰ্মাণ চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ