--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন হোৱাৰ প্ৰাক্ক্ষণত ৰাজকীয় দীপাৱলীৰ আয়োজন কৰিছে উত্তৰ প্ৰদেশৰ চৰকাৰে৷  আজি নিশা সৰযু নৈৰ পাৰত  জ্বলোৱা হ’ব ২৪ লাখ মাটিৰ চাকি । সমগ্ৰ বিশ্বতে এনে কাৰ্যই অভিলেখ ৰচনা কৰিব৷   যোৱা বছৰ  দেৱালীৰ সময়ত  অযোধ্যাত একেলগে ১৬ লাখ চাকি জ্বলোৱা হৈছিল।

 অৱশ্যে উত্তৰ প্ৰদেশ চৰকাৰে কৈছে যে অযোধ্যাই এই বছৰ দেৱালীৰ সময়ত পূৰ্বৰ   সকলো অভিলেখ ভংগ কৰিব৷  ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে এইবেলি  এই দীপাৱলী  অতি গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে। দীপাৱলী  উপলক্ষে অযোধ্যা চহৰখন পোহৰেৰে সজোৱা হৈছে। 'লেজাৰ লাইট'ৰ পৰা সৰু আৰু ডাঙৰ বাল্ব, চাকি কিমান যে কি...  শনিবাৰে, দেৱালীৰ আগদিনা  চহৰখনত এক বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হৈছে। এই অনুষ্ঠানত  ১৪ বছৰৰ নিৰ্বাসনৰ পিছত ৰাম, সীতা আৰু লক্ষ্মণে  অযোধ্যালৈ ঘূৰি অহাৰ দৃশ্য উপস্থাপন কৰা হ’ব৷  অনুষ্ঠানত  মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো উপস্থিত থাকিব।

শনিবাৰে চহৰখনত এটা 'লাইট এণ্ড চাউণ্ড শ্ব'ৰো আয়োজন কৰা হৈছে। ইয়াৰ ব্যয় হ’ব  ২০ কোটি টকা। উত্তৰ প্ৰদেশ চৰকাৰে  দাবী কৰিছে যে অনুষ্ঠানটোৱে দৰ্শকসকলক আচৰিত কৰি তুলিব। 

চৰকাৰে উত্তৰ প্ৰদেশৰ সাধাৰণ লোকসকলকো এই ৰাজকীয় উৎসৱত অংশগ্ৰহণ কৰাৰ সুযোগ দিছে। সাধাৰণ নাগৰিকেও চাকি কিনি সৰযুৰ পাৰত জ্বলাব পাৰিব৷ এটা চাকিৰ মূল্য ৫১ টকা নিৰ্ধাৰণ কৰা হৈছে। উল্লেখ্য  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  অহা বছৰৰ ২২ জানুৱাৰীত উত্তৰ প্ৰদেশৰ অযোধ্যাত নিৰ্মাণ কৰা ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। পৃথিৱীৰ সৰ্ববৃহৎ ৰাম মন্দিৰটো অযোধ্যাৰ বহু চৰ্চিত ভূমিত নিৰ্মাণ কৰি থকা হৈছে। এই মন্দিৰ ৩৮০ ফুট দীঘল আৰু ২৫০ ফুট বহল। উচ্চতা ১৬১  ফুট। বিশাল মন্দিৰটো থাকিব ৩৯২ টা স্তম্ভত । 

মন্দিৰৰ ৪৬ খন দুৱাৰ  চেগুনৰ কাঠেৰে  নিৰ্মাণ কৰা হৈছে। গৰ্ভগৃহৰ দুৱাৰখন হ'ব সোণৰ । এই মন্দিৰ নিৰ্মাণৰ সামগ্ৰী পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অনা হৈছে। মন্দিৰ নিৰ্মাণৰ বাবে ধনো ভক্তসকলৰ দানৰ পৰা আহিছে।শ্ৰী ৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই কয় যে মন্দিৰটো অহা বছৰৰ ২২ জানুৱাৰীত উদ্বোধন কৰা হ'ব। ৰাম মন্দিৰৰ নিৰ্মাণ চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক