--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আধাৰ কাৰ্ড তৈয়াৰ কৰাৰ বাবে আঙুলিৰ ছাপ বা ৰেটিনা স্কেন আৰু বাধ্যতামূলক নহয়। কেন্দ্ৰই বিশেষ প্ৰয়োজনীয়তা থকা সকলৰ কথা মনত ৰাখি এই নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে । তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে সিদ্ধান্ত লৈছে যে এজন ব্যক্তিৰ বাবে আঙুলিৰ ছাপ দিয়াটো সম্ভৱ নহ'লেও, আধাৰ কাৰ্ড বন্ধ কৰিব নোৱাৰি। তেনে ক্ষেত্ৰত, আইৰিছ স্কেন প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব। 

শেহতীয়াকৈ, কেৰালাৰ এগৰাকী মহিলা জোচিমল পি জোছে আধাৰ কাৰ্ড লাভ  কৰিবলৈ অক্ষম হৈছিল ।কিয়নো তেওঁৰ আঙুলি নাছিল। অৱশ্যে পিছত কেন্দ্ৰীয় তথ্য প্ৰযুক্তি ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰৰ হস্তক্ষেপত  তেওঁৰ নামত আধাৰ হয় । ইয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰে আধাৰ সন্দৰ্ভত এক নতুন বিবৃতি জাৰি কৰে। চন্দ্ৰশেখৰে কয় যে আধাৰ কাৰ্ড বন্ধ কৰিব নোৱাৰি যদিও এজনৰ আঙুলি নাই বা ৰেটিনা স্কেন সম্ভৱ নহয়।

কেন্দ্ৰৰ নতুন বিবৃতি অনুসৰি বিশেষ প্ৰয়োজনীয়তা থকা লোকসকল অৰ্থাৎ শাৰীৰিক অক্ষমতা থকাসকলক  বৈকল্পিক বায়োমেট্ৰিৰ জৰিয়তে আধাৰ কাৰ্ড জাৰি কৰিব লাগিব। যদি কাৰোবাৰ আঙুলি নাই, তেন্তে আইৰিছ স্কেন কৰিব লাগে আৰু আধাৰ কাৰ্ড দিব লাগে। আকৌ, যদি কাৰোবাৰ চকুৰ মণি স্কেন কৰা নহয়, আঙুলিৰ ছাপ ল’ব পাৰি। 

যদি দুয়োটাৰ কোনোটো উপলব্ধ নহয়, তথাপি তেওঁক আধাৰ কাৰ্ড পোৱাটো বন্ধ কৰিব নোৱাৰি। তেনে ক্ষেত্ৰত কেৱল নাম, লিংগ, ঠিকনা, যোগ্য আবেদনকাৰীৰ জন্ম তাৰিখ আৰু আন যিকোনো বায়োমেট্ৰিক নামভৰ্তি ছফ্টৱেৰত আপলোড কৰা হ'ব। ছবি তুলি এনে তথ্য বোৰ 'ব্যতিক্ৰমী' হিচাপে ৰেকৰ্ড কৰিব লাগিব। অৰ্থাৎ, কোনো প্ৰকাৰে আধাৰ কাৰ্ড প্ৰাপ্ত কৰাত বাধা দিব পৰা নাযাব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক