--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আধাৰ কাৰ্ড তৈয়াৰ কৰাৰ বাবে আঙুলিৰ ছাপ বা ৰেটিনা স্কেন আৰু বাধ্যতামূলক নহয়। কেন্দ্ৰই বিশেষ প্ৰয়োজনীয়তা থকা সকলৰ কথা মনত ৰাখি এই নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে । তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে সিদ্ধান্ত লৈছে যে এজন ব্যক্তিৰ বাবে আঙুলিৰ ছাপ দিয়াটো সম্ভৱ নহ'লেও, আধাৰ কাৰ্ড বন্ধ কৰিব নোৱাৰি। তেনে ক্ষেত্ৰত, আইৰিছ স্কেন প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব। 

শেহতীয়াকৈ, কেৰালাৰ এগৰাকী মহিলা জোচিমল পি জোছে আধাৰ কাৰ্ড লাভ  কৰিবলৈ অক্ষম হৈছিল ।কিয়নো তেওঁৰ আঙুলি নাছিল। অৱশ্যে পিছত কেন্দ্ৰীয় তথ্য প্ৰযুক্তি ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰৰ হস্তক্ষেপত  তেওঁৰ নামত আধাৰ হয় । ইয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰে আধাৰ সন্দৰ্ভত এক নতুন বিবৃতি জাৰি কৰে। চন্দ্ৰশেখৰে কয় যে আধাৰ কাৰ্ড বন্ধ কৰিব নোৱাৰি যদিও এজনৰ আঙুলি নাই বা ৰেটিনা স্কেন সম্ভৱ নহয়।

কেন্দ্ৰৰ নতুন বিবৃতি অনুসৰি বিশেষ প্ৰয়োজনীয়তা থকা লোকসকল অৰ্থাৎ শাৰীৰিক অক্ষমতা থকাসকলক  বৈকল্পিক বায়োমেট্ৰিৰ জৰিয়তে আধাৰ কাৰ্ড জাৰি কৰিব লাগিব। যদি কাৰোবাৰ আঙুলি নাই, তেন্তে আইৰিছ স্কেন কৰিব লাগে আৰু আধাৰ কাৰ্ড দিব লাগে। আকৌ, যদি কাৰোবাৰ চকুৰ মণি স্কেন কৰা নহয়, আঙুলিৰ ছাপ ল’ব পাৰি। 

যদি দুয়োটাৰ কোনোটো উপলব্ধ নহয়, তথাপি তেওঁক আধাৰ কাৰ্ড পোৱাটো বন্ধ কৰিব নোৱাৰি। তেনে ক্ষেত্ৰত কেৱল নাম, লিংগ, ঠিকনা, যোগ্য আবেদনকাৰীৰ জন্ম তাৰিখ আৰু আন যিকোনো বায়োমেট্ৰিক নামভৰ্তি ছফ্টৱেৰত আপলোড কৰা হ'ব। ছবি তুলি এনে তথ্য বোৰ 'ব্যতিক্ৰমী' হিচাপে ৰেকৰ্ড কৰিব লাগিব। অৰ্থাৎ, কোনো প্ৰকাৰে আধাৰ কাৰ্ড প্ৰাপ্ত কৰাত বাধা দিব পৰা নাযাব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক