--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত বহুজন সমাজ পাৰ্টীৰ উত্তৰাধিকাৰীৰ নাম ঘোষণা কৰিলে মায়াৱতীয়ে।  মায়াৱতীয়ে তেওঁৰ এগৰাকী  ভতিজাকক দলৰ উত্তৰাধিকাৰী হিচাবে ঘোষণা কৰিছে। বিএছপিৰ মুৰব্বী  মায়াৱতীৰ ভতিজাক আকাশ আনন্দে তেওঁৰ উত্তৰাধিকাৰী হ’ব। বিএছপিৰ ৰাষ্ট্ৰীয় কাৰ্য্যালয়ৰ কৰ্মকৰ্তাসকলৰ এখন সভাত ভাষণ দি  মায়াৱতীয়ে এই বিশেষ ঘোষণা কৰে।

এক দলীয় বৈঠকত মায়াৱতীয়ে ঘোষণা কৰে যে তেওঁৰ ভতিজা আকাশ আনন্দে উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বাহিৰে সকলো ৰাজ্যতে দলৰ কাম-কাজ চোৱাচিতা কৰিব। উল্লেখ্য বিএছপি  ৰাষ্ট্ৰীয় দল যদিও  উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বাহিৰত দলটোৰ প্ৰভাৱ সীমিত। ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তীশগড়, পঞ্জাৱৰ দৰে কিছুমান ৰাজ্যত বিএছপিৰ কিছু  প্ৰভাৱ আছে।  সেই  ৰাজ্যসমূহত সংগঠনটো সম্প্ৰসাৰিত কৰাৰ দায়িত্ব এতিয়া  আকাশ আনন্দৰ ওপৰত অৰ্পন কৰা হৈছে। 

মায়াৱতীৰ সিদ্ধান্ত মুখ্যতঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে দলটোৰ স্থিত আন ৰাজ্য সমূহত শক্তিশালী কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে। দলটোৰ  নেতা উদয়বীৰ সিঙে কয়  যে আকাশ আনন্দে  দুৰ্বল ৰাজ্যসমূহত দলটো শক্তিশালী কৰাৰ কাম কৰিব।
 আকাশে সেই ৰাজ্যসমূহত  সাংগঠনিক শক্তি বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। উদয়বীৰে কয়  যে উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বাহিৰে আকাশে দেশৰ  বাকী অংশত কাম কৰিবলৈ গৈ আছে। মায়াৱতীয়ে লগতে স্পষ্ট কৰি দিছে যে তেওঁৰ অনুপস্থিতিত দলৰ দায়িত্ব  তেওঁৰ ভতিজাক আকাশৰ হাততে থাকিব।বহু বিএছপি নেতাই দলত আকাশৰ  গুৰুত্ব বৃদ্ধিত আপত্তি কৰিছিল। মায়াৱতীয়ে যোৱা কেইবছৰমানত তেওঁলোকৰ বহুতকে নিলম্বন কৰিছে। শেহতীয়াকৈ  দলটোৰ লোকসভাৰ সাংসদ  দানিশ আলীক নিলম্বিত কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা