--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত বহুজন সমাজ পাৰ্টীৰ উত্তৰাধিকাৰীৰ নাম ঘোষণা কৰিলে মায়াৱতীয়ে।  মায়াৱতীয়ে তেওঁৰ এগৰাকী  ভতিজাকক দলৰ উত্তৰাধিকাৰী হিচাবে ঘোষণা কৰিছে। বিএছপিৰ মুৰব্বী  মায়াৱতীৰ ভতিজাক আকাশ আনন্দে তেওঁৰ উত্তৰাধিকাৰী হ’ব। বিএছপিৰ ৰাষ্ট্ৰীয় কাৰ্য্যালয়ৰ কৰ্মকৰ্তাসকলৰ এখন সভাত ভাষণ দি  মায়াৱতীয়ে এই বিশেষ ঘোষণা কৰে।

এক দলীয় বৈঠকত মায়াৱতীয়ে ঘোষণা কৰে যে তেওঁৰ ভতিজা আকাশ আনন্দে উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বাহিৰে সকলো ৰাজ্যতে দলৰ কাম-কাজ চোৱাচিতা কৰিব। উল্লেখ্য বিএছপি  ৰাষ্ট্ৰীয় দল যদিও  উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বাহিৰত দলটোৰ প্ৰভাৱ সীমিত। ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তীশগড়, পঞ্জাৱৰ দৰে কিছুমান ৰাজ্যত বিএছপিৰ কিছু  প্ৰভাৱ আছে।  সেই  ৰাজ্যসমূহত সংগঠনটো সম্প্ৰসাৰিত কৰাৰ দায়িত্ব এতিয়া  আকাশ আনন্দৰ ওপৰত অৰ্পন কৰা হৈছে। 

মায়াৱতীৰ সিদ্ধান্ত মুখ্যতঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে দলটোৰ স্থিত আন ৰাজ্য সমূহত শক্তিশালী কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে। দলটোৰ  নেতা উদয়বীৰ সিঙে কয়  যে আকাশ আনন্দে  দুৰ্বল ৰাজ্যসমূহত দলটো শক্তিশালী কৰাৰ কাম কৰিব।
 আকাশে সেই ৰাজ্যসমূহত  সাংগঠনিক শক্তি বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। উদয়বীৰে কয়  যে উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বাহিৰে আকাশে দেশৰ  বাকী অংশত কাম কৰিবলৈ গৈ আছে। মায়াৱতীয়ে লগতে স্পষ্ট কৰি দিছে যে তেওঁৰ অনুপস্থিতিত দলৰ দায়িত্ব  তেওঁৰ ভতিজাক আকাশৰ হাততে থাকিব।বহু বিএছপি নেতাই দলত আকাশৰ  গুৰুত্ব বৃদ্ধিত আপত্তি কৰিছিল। মায়াৱতীয়ে যোৱা কেইবছৰমানত তেওঁলোকৰ বহুতকে নিলম্বন কৰিছে। শেহতীয়াকৈ  দলটোৰ লোকসভাৰ সাংসদ  দানিশ আলীক নিলম্বিত কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক