--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহুলচৰ্চিত ছবি ‘এনিমেল’ক চৰ্চা চলিল সদনত৷ ৰাজ্যসভাত ছবিখনৰ প্ৰসংগ উত্থাপন কৰিলে কংগ্ৰেছৰ সাংসদ ৰঞ্জিত ৰঞ্জনে। 

হিংসা আৰু নাৰীবিদ্বেষী কাহিনীক ছবিখনে নায্যতা দিয়া বুলি মন্তব্য কংগ্ৰেছ সাংসদগৰাকীৰ। ছবিখনে যুৱ প্ৰজন্মৰ মাজত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা কৰে ৰঞ্জিত ৰঞ্জনে। ইয়াৰ লগতে ছবিখনৰ অৰ্জন ভেইলি গীতটোক লৈও আপত্তি দৰ্শায় কংগ্ৰেছ সাংসদগৰাকীয়ে। গীতটোৰ আপত্তিজনক কথাই নতুন প্ৰজন্মক বিপথে পৰিচালিত কৰিব বুলি ৰাজ্যসভাত মন্তব্য কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে৷

উল্লেখ্য যে সদ্যসমাপ্ত নিৰ্বাচনত গীতটোৰ কথাংশ ব্যৱহাৰ কৰিছিল বিজেপিয়ে। সম্প্ৰতি দেশৰ ছবিগৃহত সফলতাৰে চলি আছে এনিমেল নামৰ ছবিখন। সন্দীপ ৰেড্ডী ভাংগাৰ দ্বাৰা পৰিচালিত ছবিখনত দেখুওৱা হৈছে পিতা-পুত্ৰৰ দণ্ডৰ কাহিনীক। ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰে। ৰণবীৰৰ লগতে ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে ববী দেওল, দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী ৰস্মিকা মন্ধানাই। 

বক্স অফিচত সফলতা অৰ্জন কৰাৰ বিপৰীতে একাংশ চলচ্চিত্ৰপ্ৰেমীৰ দ্বাৰা সমালোচিতও হৈছে ছবিখন। ইতিমধ্যে ছবিখনে ৬০০ কোটিৰো অধিক ধন উপাৰ্জনৰে দেশে বিদেশে সমাদৰ বুটলিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক