--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্জাবত সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত চমকপ্ৰদ বিজয়ৰ পাছত এইবাৰ আম আদমী পাৰ্টীৰ লক্ষ্য হৈ পৰিছে গুজৰাট৷ গুজৰাট দখলৰ লক্ষ্যৰে ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে আম আদমী পাৰ্টীয়ে৷ গুজৰাটত ৰাজনৈতিক অনুশীলনৰ অংশস্বৰূপে দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটত উপস্থিত হৈছেগৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান৷ 

চলিত বছৰৰ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এতিয়াৰে পৰাই প্ৰস্তুতি আৰম্ভ কৰিছে দলটোৱে৷ আঢ়ৈ দশকজুৰি বিজেপিৰ হাতত থকা ৰাজ্যখন যিকোনো প্ৰকাৰে আম আদমী পাৰ্টীৰ দখললৈ আনিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে অৰবিন্দ কেজৰিৱালে৷ 

অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মানে আজি আহমেদাবাদত উপস্থিত হৈ সবৰমতী আশ্ৰম পৰিদৰ্শন কৰে।

শুকুৰবাৰে নিশা আম আদমী পাৰ্টিৰ (আপ) দুয়োজন নেতা চহৰখনত উপস্থিত হৈছিল।
তেওঁলোকৰ বিজেপি শাসিত গুজৰাট ভ্ৰমণক গুজৰাট বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ দলৰ বাবে ভিত্তি প্ৰস্তুত কৰাৰ প্ৰয়াস হিচাপে দেখা গৈছে। কেজৰিৱাল আৰু মানে ‘হৃদয়কুঞ্জ’ ভ্ৰমণ কৰিছিল৷ তেওঁলোকে মহাত্মা গান্ধীৰ সবৰমতী আশ্ৰমত উপস্থিত হৈ তাত থকা সংগ্ৰহালয়সমূহো পৰিদৰ্শন কৰে আৰু গান্ধীজীৰ প্ৰতিমূৰ্তিৰ সন্মুখত নমস্কাৰ জনোৱাৰ জনোৱাৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷

সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কেজৰিৱালে কয় দিল্লীৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত এয়া তেওঁৰ প্ৰথম সবৰমতী আশ্ৰম ভ্ৰমণ। তেওঁ লগতে কয়, আগতে যেতিয়া মই এজন কৰ্মী আছিলোঁ, মই কেইবাবাৰো এই ঠাইখন পৰিদৰ্শন কৰিছিলোঁ৷ তেওঁ কয়, যেতিয়াই মই ইয়ালৈ আহো, মই মানসিক প্ৰশান্তি লাভ কৰো৷

কেজৰিৱাল আৰু মানে আজি সন্ধিয়া চহৰখনৰ পূব অঞ্চলত দুই কিলোমিটাৰজোৰা ৰোড শ্ব’ অনুষ্ঠিত কৰাৰ কথা আছে৷  

ইফালে, তামিলনাডুৰ মুখ্যমন্ত্ৰী এমকে ষ্টেলিনে শুকুৰবাৰে কয় যে তেওঁৰ চৰকাৰে দিল্লীৰ দৰে দক্ষিণৰ ৰাজ্যখনত এখন মডেল স্কুল সৃষ্টি কৰিব আৰু অৰবিন্দ কেজৰিৱালক ইয়াক পৰিদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনাব। ষ্টেলিনে অৰবিন্দ কেজৰিৱালৰ সৈতে বিনোদ নগৰৰ ৰাজকিয়া সৰ্বোদয় বল বিদ্যালয় পৰিদৰ্শন কৰিছিল য’ত বিষয়াসকলে তামিলনাডুৰ মুখ্যমন্ত্ৰীক আপ চৰকাৰৰ অধীনত চহৰখনৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনৰ বিষয়ে অৱগত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস