--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰেলৰ দুৱাৰমুখত হাত দাঙি যুৱতীগৰাকী, পিছফালে দৌৰিছে ডেলিভাৰী বয়- Sahilarioussss নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে পোষ্ট কৰা ৭ ছেকেণ্ডৰ ভিডিঅ’টোৱে নিশ্চয় আপোনাক দিলৱালে দুলহানিয়া লে জায়েংগে ছবিখনৰ ৰে’ল ধৰাৰ দৃশ্যটোৰ কথা মনত পেলাব। হয় এনে এটা নতুন ভিডিঅ’ই ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছে। এটা ডেলিভাৰী কোম্পানীৰ এজন কৰ্মচাৰীয়ে অতি ফিল্মীভাৱে সামগ্ৰী ডেলিভাৰী কৰা দেখা গ’ল। চলন্ত ৰে’লখনৰ সৈতে সমানে  দৌৰি গৈ তেওঁ এজন যাত্ৰীৰ হাতত সামগ্ৰী যোগান ধৰিলে।


ভিডিঅ’টোত ডেলিভাৰী এজেণ্টজনে চলন্ত ৰে’লৰ দুৱাৰমুখত থিয় হৈ থকা এগৰাকী মহিলাৰ ফালে দৌৰি যোৱা দেখা গৈছে। ভিডিঅ’টোত দেখুওৱা ডেলিভাৰী এজেণ্টজনে যিমান পাৰে বেগেৰে দৌৰি পেকেজটো ডেলিভাৰী কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। দৌৰি থাকোঁতে ৰেলত উপস্থিত থকা মহিলাগৰাকীয়ে তেওঁক অতি সোনকালে আহিবলৈ কয়।

ভিডিঅ'টো দেখিলে এনে লাগে যেন ৰেলত বহি থকা যাত্ৰীগৰাকীয়ে কিছু বস্তু ডুনজো এপৰ সহায় লৈ আনিছিল। ডেলিভাৰী বয়জন ষ্টেচন পোৱাৰ লগে লগে তেওঁ দেখিলে যে ৰেলখন গুচি গৈছে। ইয়াৰ পিছত তেওঁ যৎপৰোনাস্তি চেষ্টা কৰে যে ৰে’লত থকা মহিলাগৰাকীক সামগ্ৰী যোগান ধৰিব লাগে। সামগ্ৰী ডেলিভাৰী কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰিলে ডেলিভাৰী জনে। শেষত তেওঁ টোপোলাটো ডেলিভাৰী কৰিবলৈ সক্ষম হয়। 

৬০০ৰো অধিক লাইক আৰু বহু কমেন্টৰ সৈতে ২৩ হাজাৰৰো অধিক বাৰ চোৱা হৈছে এই ভিডিঅ’টো। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে লোকজনৰ প্ৰচেষ্টা আৰু নিষ্ঠাক প্ৰশংসা কৰে। Sahilarioussss এ তেওঁৰ ভিডিঅ’টোৰ সৈতে কেপচনত লিখিছে, ‘এয়া আমাৰ আধুনিক যুগৰ শ্বাহৰুখ, এই ডেলিভাৰী বয়জনক চেলুট।’

ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দি আছে বিভিন্ন লোকে।দিনে-নিশাই জীৱিকাৰ বাবে কাম কৰা ডেলিভাৰী কৰ্মী সকলক ছচিয়েল মিডিয়াত শলাগ লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?