--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰেলৰ দুৱাৰমুখত হাত দাঙি যুৱতীগৰাকী, পিছফালে দৌৰিছে ডেলিভাৰী বয়- Sahilarioussss নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে পোষ্ট কৰা ৭ ছেকেণ্ডৰ ভিডিঅ’টোৱে নিশ্চয় আপোনাক দিলৱালে দুলহানিয়া লে জায়েংগে ছবিখনৰ ৰে’ল ধৰাৰ দৃশ্যটোৰ কথা মনত পেলাব। হয় এনে এটা নতুন ভিডিঅ’ই ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছে। এটা ডেলিভাৰী কোম্পানীৰ এজন কৰ্মচাৰীয়ে অতি ফিল্মীভাৱে সামগ্ৰী ডেলিভাৰী কৰা দেখা গ’ল। চলন্ত ৰে’লখনৰ সৈতে সমানে  দৌৰি গৈ তেওঁ এজন যাত্ৰীৰ হাতত সামগ্ৰী যোগান ধৰিলে।


ভিডিঅ’টোত ডেলিভাৰী এজেণ্টজনে চলন্ত ৰে’লৰ দুৱাৰমুখত থিয় হৈ থকা এগৰাকী মহিলাৰ ফালে দৌৰি যোৱা দেখা গৈছে। ভিডিঅ’টোত দেখুওৱা ডেলিভাৰী এজেণ্টজনে যিমান পাৰে বেগেৰে দৌৰি পেকেজটো ডেলিভাৰী কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। দৌৰি থাকোঁতে ৰেলত উপস্থিত থকা মহিলাগৰাকীয়ে তেওঁক অতি সোনকালে আহিবলৈ কয়।

ভিডিঅ'টো দেখিলে এনে লাগে যেন ৰেলত বহি থকা যাত্ৰীগৰাকীয়ে কিছু বস্তু ডুনজো এপৰ সহায় লৈ আনিছিল। ডেলিভাৰী বয়জন ষ্টেচন পোৱাৰ লগে লগে তেওঁ দেখিলে যে ৰেলখন গুচি গৈছে। ইয়াৰ পিছত তেওঁ যৎপৰোনাস্তি চেষ্টা কৰে যে ৰে’লত থকা মহিলাগৰাকীক সামগ্ৰী যোগান ধৰিব লাগে। সামগ্ৰী ডেলিভাৰী কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰিলে ডেলিভাৰী জনে। শেষত তেওঁ টোপোলাটো ডেলিভাৰী কৰিবলৈ সক্ষম হয়। 

৬০০ৰো অধিক লাইক আৰু বহু কমেন্টৰ সৈতে ২৩ হাজাৰৰো অধিক বাৰ চোৱা হৈছে এই ভিডিঅ’টো। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে লোকজনৰ প্ৰচেষ্টা আৰু নিষ্ঠাক প্ৰশংসা কৰে। Sahilarioussss এ তেওঁৰ ভিডিঅ’টোৰ সৈতে কেপচনত লিখিছে, ‘এয়া আমাৰ আধুনিক যুগৰ শ্বাহৰুখ, এই ডেলিভাৰী বয়জনক চেলুট।’

ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দি আছে বিভিন্ন লোকে।দিনে-নিশাই জীৱিকাৰ বাবে কাম কৰা ডেলিভাৰী কৰ্মী সকলক ছচিয়েল মিডিয়াত শলাগ লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’