--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিষেক-ঐশ্বৰ্যৰ বিয়াকলৈ দেশ-বিদেশৰ সংবাদমাধ্যম সজাগ হৈ আছিল যদিও বচ্চন পৰিয়ালে সংবাদ মাধ্যমৰ লোকসকলক এৰাই চলিছিল। সেয়ে বিভিন্ন ধৰণৰ মুখৰোচক কাহিনীয়ে তেতিয়া সংবাদ শিৰোনাম দখল কৰিছিল। কথা ওলাইছিল যে অভিষেকৰ সৈতে বিয়া দিয়াৰ পূৰ্বে দোষ  খণ্ডন কৰিবলৈ ঐশ্বৰ্যক গছৰ সৈতে বিয়া দিয়া হৈছিল।

এক সাক্ষাৎকাৰত বিবাহৰ দীৰ্ঘদিনৰ পিছত  ঐশ্বৰ্যই এই উৰাবাতৰিবোৰৰ বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁ কয় যে বিদেশলৈ যোৱাৰ সময়তো তেওঁ এই সন্দৰ্ভত অবাঞ্ছিত প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছিল।
খবৰ ওলাইছিল যে  অভিষেকৰ সৈতে বিবাহৰ আগতে ঐশ্বৰ্য বাৰাণসীৰ এজোপা গছৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। 

ঐশ্বৰ্যই ২০০৭ চনত অভিষেক বচ্চনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। সংবাদ মাধ্যমে আনকি সেই উচ্চ-প্ৰফাইল বিবাহত উপস্থিত থকাৰ কোনো সুযোগেই পোৱা নাছিল।  গতিকে বিয়া খনকলৈ বহুতৰে আগ্ৰহ বেছি আছিল। বিয়াৰ আগৰ কেইমাহমানৰ পৰা পৰৱৰ্তী কেইমাহমানলৈ সংবাদমাধ্যমক এৰাই চলিছিল বচ্চন পৰিয়ালে। বিয়াখনক লৈ বহুতে বহু কথা  অনুমান কৰি লৈছিল। এইটো বহুতে কৈছিল যে অভিষেকৰ সৈতে বিবাহৰ আগতে ঐশ্বৰ্য বাৰাণসীৰ এজোপা গছৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। সঁচাকৈয়ে তেনে হৈছিল নেকি? দীৰ্ঘদিনৰ বিৰতিত অভিনেত্ৰীগৰাকীয়ে নিজেই সেই কথাৰ  উত্তৰ দিছিল।

তেওঁ এই বিষয়ে বহুতৰে প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছিল। মানুহে তেওঁক সুধিছিল, "আপুনি অভিশপ্ত নেকি?" সাক্ষাৎকাৰটোত তেওঁক সোধা হৈছিল, এনে ধৰণৰ উৰাবাতৰি বিয়পিব পাৰে বুলি তেওঁৰ কোনো ধাৰণা নাছিল নেকি? ইয়াৰ প্ৰত্যুত্তৰত ঐশ্বৰ্যই কয়, "কিবা এটা আশা কৰা হৈছিল। কিন্তু ইমান বেছি কিবা হ’ব বুলি ভবা নাছিলো। ''

ঐশ্বৰ্যই গছৰ সৈতে বিবাহৰ প্ৰসংগত  কৈছিল, "বিষয়টো  অতিৰঞ্জিত কৰা  হৈছিল। মই নাভাবো যে ইমান খিনি কৰাৰ কোনো প্ৰয়োজন আছিল।  এটা উৰাবাতৰিৰ বাবে সংবাদমাধ্যমে  কাগজ, চিয়াহীৰ ব্যয় , টিভি শ্ব'ত বিতৰ্কৰ কোনো প্ৰয়োজন নাছিল। এটা পৰিয়াল হিচাপে, আমি অতি ঘনিষ্ঠ। আমাৰ পৰিয়ালৰ প্ৰতিজন সদস্য দিনে-ৰাতিয়ে ৰাজহুৱা হৈ থাকো। আমাৰ লুকুৱাবলগীয়া একো নাই। তাৰ পাছতো, আমি ব্যক্তিগতভাৱে এই ঘটনাটোৰ বিষয়ে একো কোৱা নাই।"


অমিতাভ বচ্চনেও ঐশ্বৰ্যৰ গছৰ সৈতে বিবাহৰ অভিযোগ খণ্ডন কৰি কয় যে তেওঁৰ পৰিয়ালে এনে অন্ধবিশ্বাসতডুব গৈ থকা নাই। আনকি ঐশ্বৰ্যৰ ৰাশিফলো তেওঁলোকৰ পৰিয়ালৰ  পৰা বিচৰা হোৱা নাছিল।বিগ বিৰ প্ৰশন , "ঐশ্বৰ্যৰ বিয়া হোৱা গছজোপা ক'ত আছে? অনুগ্ৰহ কৰি মোক দেখুৱাওক। মোৰ পুত্ৰই একমাত্ৰ ব্যক্তি  যিয়ে ঐশ্বৰ্যৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। আৰু অভিষেক নিশ্চিতভাৱে গছ নহয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি