--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিষেক-ঐশ্বৰ্যৰ বিয়াকলৈ দেশ-বিদেশৰ সংবাদমাধ্যম সজাগ হৈ আছিল যদিও বচ্চন পৰিয়ালে সংবাদ মাধ্যমৰ লোকসকলক এৰাই চলিছিল। সেয়ে বিভিন্ন ধৰণৰ মুখৰোচক কাহিনীয়ে তেতিয়া সংবাদ শিৰোনাম দখল কৰিছিল। কথা ওলাইছিল যে অভিষেকৰ সৈতে বিয়া দিয়াৰ পূৰ্বে দোষ  খণ্ডন কৰিবলৈ ঐশ্বৰ্যক গছৰ সৈতে বিয়া দিয়া হৈছিল।

এক সাক্ষাৎকাৰত বিবাহৰ দীৰ্ঘদিনৰ পিছত  ঐশ্বৰ্যই এই উৰাবাতৰিবোৰৰ বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁ কয় যে বিদেশলৈ যোৱাৰ সময়তো তেওঁ এই সন্দৰ্ভত অবাঞ্ছিত প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছিল।
খবৰ ওলাইছিল যে  অভিষেকৰ সৈতে বিবাহৰ আগতে ঐশ্বৰ্য বাৰাণসীৰ এজোপা গছৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। 

ঐশ্বৰ্যই ২০০৭ চনত অভিষেক বচ্চনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। সংবাদ মাধ্যমে আনকি সেই উচ্চ-প্ৰফাইল বিবাহত উপস্থিত থকাৰ কোনো সুযোগেই পোৱা নাছিল।  গতিকে বিয়া খনকলৈ বহুতৰে আগ্ৰহ বেছি আছিল। বিয়াৰ আগৰ কেইমাহমানৰ পৰা পৰৱৰ্তী কেইমাহমানলৈ সংবাদমাধ্যমক এৰাই চলিছিল বচ্চন পৰিয়ালে। বিয়াখনক লৈ বহুতে বহু কথা  অনুমান কৰি লৈছিল। এইটো বহুতে কৈছিল যে অভিষেকৰ সৈতে বিবাহৰ আগতে ঐশ্বৰ্য বাৰাণসীৰ এজোপা গছৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। সঁচাকৈয়ে তেনে হৈছিল নেকি? দীৰ্ঘদিনৰ বিৰতিত অভিনেত্ৰীগৰাকীয়ে নিজেই সেই কথাৰ  উত্তৰ দিছিল।

তেওঁ এই বিষয়ে বহুতৰে প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছিল। মানুহে তেওঁক সুধিছিল, "আপুনি অভিশপ্ত নেকি?" সাক্ষাৎকাৰটোত তেওঁক সোধা হৈছিল, এনে ধৰণৰ উৰাবাতৰি বিয়পিব পাৰে বুলি তেওঁৰ কোনো ধাৰণা নাছিল নেকি? ইয়াৰ প্ৰত্যুত্তৰত ঐশ্বৰ্যই কয়, "কিবা এটা আশা কৰা হৈছিল। কিন্তু ইমান বেছি কিবা হ’ব বুলি ভবা নাছিলো। ''

ঐশ্বৰ্যই গছৰ সৈতে বিবাহৰ প্ৰসংগত  কৈছিল, "বিষয়টো  অতিৰঞ্জিত কৰা  হৈছিল। মই নাভাবো যে ইমান খিনি কৰাৰ কোনো প্ৰয়োজন আছিল।  এটা উৰাবাতৰিৰ বাবে সংবাদমাধ্যমে  কাগজ, চিয়াহীৰ ব্যয় , টিভি শ্ব'ত বিতৰ্কৰ কোনো প্ৰয়োজন নাছিল। এটা পৰিয়াল হিচাপে, আমি অতি ঘনিষ্ঠ। আমাৰ পৰিয়ালৰ প্ৰতিজন সদস্য দিনে-ৰাতিয়ে ৰাজহুৱা হৈ থাকো। আমাৰ লুকুৱাবলগীয়া একো নাই। তাৰ পাছতো, আমি ব্যক্তিগতভাৱে এই ঘটনাটোৰ বিষয়ে একো কোৱা নাই।"


অমিতাভ বচ্চনেও ঐশ্বৰ্যৰ গছৰ সৈতে বিবাহৰ অভিযোগ খণ্ডন কৰি কয় যে তেওঁৰ পৰিয়ালে এনে অন্ধবিশ্বাসতডুব গৈ থকা নাই। আনকি ঐশ্বৰ্যৰ ৰাশিফলো তেওঁলোকৰ পৰিয়ালৰ  পৰা বিচৰা হোৱা নাছিল।বিগ বিৰ প্ৰশন , "ঐশ্বৰ্যৰ বিয়া হোৱা গছজোপা ক'ত আছে? অনুগ্ৰহ কৰি মোক দেখুৱাওক। মোৰ পুত্ৰই একমাত্ৰ ব্যক্তি  যিয়ে ঐশ্বৰ্যৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। আৰু অভিষেক নিশ্চিতভাৱে গছ নহয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?