--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবলীউডত যৌনতাৰ মেলা বহে বুলি উঠি থকা অভিযোগক নতুন মাত্ৰা প্ৰদান কৰিলে এগৰাকী অভিনেত্ৰীৰ আন এক অভিযোগে। অভিনেত্ৰীগৰাকীৰ মতে বলীউডত কাম পোৱাৰ বিনিময়ত  শৰীৰৰ আদান-প্ৰদান হয়। শেহতীয়াকৈ অভিনেত্ৰী শ্বামা সিকন্দৰে এনে দাবীৰে মুখ খুলিছে। 

তেওঁ কৈছে যে বহুতো প্ৰযোজকে বন্ধুত্বৰ টোপ দি নতুন অভিনেত্ৰীসকলক যৌন কাৰ্যত লিপ্ত হ’বলৈ বাধ্য কৰোৱায়। বহু অভিনেত্ৰীয়ে বাৰে বাৰে কৈছে যে বলীউডৰ ভিতৰত  এটা কাষ্টিং কাউচ আছে। প্ৰবীণ অভিনেত্ৰী নীনা গুপ্তাই তেওঁৰ আত্মজীৱনী 'সচ কহুঁ তো'ত এই ব্যভিচাৰৰ কথা  বিষয়ে মুকলি লিখিছিল। এইবাৰ নতুন প্ৰজন্মৰ অভিনেত্ৰীসকলেও একেটা অভিযোগকলৈ বিষয়ে সোচ্চাৰ হৈ পৰা পৰিলক্ষিত হৈছে। অভিনেত্ৰী শ্বামা সিকন্দৰেও  বলীউডত  কাম পোৱাৰ বাবে যৌনতাত লিপ্ত হ’ব লাগে বুলি অভিযোগ উত্থাপন কৰিছে।


অভিনেত্ৰী শ্বামা সিকন্দৰ দীৰ্ঘদিন ধৰি চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত হৈ আছে। এইবাৰ তেওঁ দাবী কৰিছে যে এটা সময়ত বলীউডত কাম পোৱাৰ বিনিময়ত যৌন সম্ভোগ এটা সাধাৰণ কথাত পৰিণত হৈছিল। এতিয়াও সেই ধাৰা অব্যাহত আছে। অভিনেত্ৰীগৰাকীয়ে দাবী কৰিছে যে তেওঁ নিজেই এই কাষ্টিং কাউচৰ  অভিজ্ঞতা লাভ কৰিছে। 

তেওঁ কৈছে যে তেওঁক পোনপটীয়াকৈ প্ৰস্তাৱ দিয়া হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে, প্ৰযোজকসকলে অন্য কৌশলেৰে তেওঁৰ পৰা সুবিধা ল'ব বিচাৰিছিল। বহুলোকে ধুনীয়া অভিনেত্ৰীগৰাকীক   বন্ধুত্বৰ প্ৰস্তাৱ দিছিল। দৰাচলতে, সেই বন্ধুত্ব কেৱল এটা কৌশল আছিল, ইয়াৰ আঁৰত আছিল যৌনতাৰ আবেদন। তেওঁ অনুভৱ কৰিছিল যে সেই প্ৰভাৱশালী  লোকসকলৰ উদ্দেশ্য  বন্ধু হোৱা নহয়, কিন্তু শাৰীৰিক সম্পৰ্ক স্থাপন কৰাহে। 

শ্বামাই দাবী কৰে যে প্ৰযোজকৰ পৰা কাম বিচাৰি থাকোঁতে বা কামৰ বিষয়ে আলোচনা কৰোঁতে তেওঁ এনে ধৰণৰ বহুতো 'বন্ধুত্ব'ৰ প্ৰস্তাৱ লাভ কৰিছে। অৱশ্যে, শ্বামাই স্বীকাৰ কৰিছিল যে সকলোকে এই শ্ৰেণীটোত ৰখাটো ভুল হ’ব। ইয়াৰ মাজতে কিছু ভাল প্ৰযোজকো আছে।অভিনেত্ৰীগৰাকীয়ে লগতে এইবুলিও কয় যে তেওঁলোকহে  এনে ফান্দত পৰে যাৰ নিজৰ বিশেষ কোনো প্ৰতিভা নাই। কেৱল চিনেমাৰ জগত খনতে  নহয়, আন বহু কৰ্মক্ষেত্ৰত এনে যৌনতাৰ খেল চলে বুলিও অভিনেত্ৰীগৰাকীয়ে মন্তব্য কৰে। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’