--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবলীউডত যৌনতাৰ মেলা বহে বুলি উঠি থকা অভিযোগক নতুন মাত্ৰা প্ৰদান কৰিলে এগৰাকী অভিনেত্ৰীৰ আন এক অভিযোগে। অভিনেত্ৰীগৰাকীৰ মতে বলীউডত কাম পোৱাৰ বিনিময়ত  শৰীৰৰ আদান-প্ৰদান হয়। শেহতীয়াকৈ অভিনেত্ৰী শ্বামা সিকন্দৰে এনে দাবীৰে মুখ খুলিছে। 

তেওঁ কৈছে যে বহুতো প্ৰযোজকে বন্ধুত্বৰ টোপ দি নতুন অভিনেত্ৰীসকলক যৌন কাৰ্যত লিপ্ত হ’বলৈ বাধ্য কৰোৱায়। বহু অভিনেত্ৰীয়ে বাৰে বাৰে কৈছে যে বলীউডৰ ভিতৰত  এটা কাষ্টিং কাউচ আছে। প্ৰবীণ অভিনেত্ৰী নীনা গুপ্তাই তেওঁৰ আত্মজীৱনী 'সচ কহুঁ তো'ত এই ব্যভিচাৰৰ কথা  বিষয়ে মুকলি লিখিছিল। এইবাৰ নতুন প্ৰজন্মৰ অভিনেত্ৰীসকলেও একেটা অভিযোগকলৈ বিষয়ে সোচ্চাৰ হৈ পৰা পৰিলক্ষিত হৈছে। অভিনেত্ৰী শ্বামা সিকন্দৰেও  বলীউডত  কাম পোৱাৰ বাবে যৌনতাত লিপ্ত হ’ব লাগে বুলি অভিযোগ উত্থাপন কৰিছে।


অভিনেত্ৰী শ্বামা সিকন্দৰ দীৰ্ঘদিন ধৰি চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত হৈ আছে। এইবাৰ তেওঁ দাবী কৰিছে যে এটা সময়ত বলীউডত কাম পোৱাৰ বিনিময়ত যৌন সম্ভোগ এটা সাধাৰণ কথাত পৰিণত হৈছিল। এতিয়াও সেই ধাৰা অব্যাহত আছে। অভিনেত্ৰীগৰাকীয়ে দাবী কৰিছে যে তেওঁ নিজেই এই কাষ্টিং কাউচৰ  অভিজ্ঞতা লাভ কৰিছে। 

তেওঁ কৈছে যে তেওঁক পোনপটীয়াকৈ প্ৰস্তাৱ দিয়া হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে, প্ৰযোজকসকলে অন্য কৌশলেৰে তেওঁৰ পৰা সুবিধা ল'ব বিচাৰিছিল। বহুলোকে ধুনীয়া অভিনেত্ৰীগৰাকীক   বন্ধুত্বৰ প্ৰস্তাৱ দিছিল। দৰাচলতে, সেই বন্ধুত্ব কেৱল এটা কৌশল আছিল, ইয়াৰ আঁৰত আছিল যৌনতাৰ আবেদন। তেওঁ অনুভৱ কৰিছিল যে সেই প্ৰভাৱশালী  লোকসকলৰ উদ্দেশ্য  বন্ধু হোৱা নহয়, কিন্তু শাৰীৰিক সম্পৰ্ক স্থাপন কৰাহে। 

শ্বামাই দাবী কৰে যে প্ৰযোজকৰ পৰা কাম বিচাৰি থাকোঁতে বা কামৰ বিষয়ে আলোচনা কৰোঁতে তেওঁ এনে ধৰণৰ বহুতো 'বন্ধুত্ব'ৰ প্ৰস্তাৱ লাভ কৰিছে। অৱশ্যে, শ্বামাই স্বীকাৰ কৰিছিল যে সকলোকে এই শ্ৰেণীটোত ৰখাটো ভুল হ’ব। ইয়াৰ মাজতে কিছু ভাল প্ৰযোজকো আছে।অভিনেত্ৰীগৰাকীয়ে লগতে এইবুলিও কয় যে তেওঁলোকহে  এনে ফান্দত পৰে যাৰ নিজৰ বিশেষ কোনো প্ৰতিভা নাই। কেৱল চিনেমাৰ জগত খনতে  নহয়, আন বহু কৰ্মক্ষেত্ৰত এনে যৌনতাৰ খেল চলে বুলিও অভিনেত্ৰীগৰাকীয়ে মন্তব্য কৰে। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?