--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী মহিলাৰ প্ৰেম কাহিনীয়ে এতিয়া যেন নতুন পাক লৈছে। উত্তৰ প্ৰদেশৰ এটিএছে পাকিস্তানৰ পৰা ভাৰতলৈ পলাই আহি ভাৰতীয় যুৱকৰ সৈতে থাকিবলৈ লোৱা সীমা হাইদৰক নিৰন্তৰ জেৰা চলাই আছে।  

এটিএছে সন্দেহ কৰিছে যে  পাকিস্তানী মহিলাগৰাকী দেশ খনৰ চোৰাংচোৱা সেৱাৰ সৈতে জড়িত হ'ব পাৰে। উত্তৰ প্ৰদেশৰ এটিএছ বিষয়াসকলে  বিভিন্ন সূত্ৰৰ জৰিয়তে লাভ কৰা   তথ্য পোৱাৰ পিছতে সন্দেহ  বৃদ্ধি পাইছে। মহিলাগৰাকীৰ ভায়েক আৰু  আন আত্মীয় পাকিস্তানৰ  সেনাত কাম কৰি আছে।  ইয়াৰ উপৰি সীমাই ভাৰতলৈ আহিবলৈ  দীৰ্ঘদিন ধৰি পৰিকল্পনা কৰাৰ পিছত গাওঁলীয়া মহিলাৰ ছদ্মবেশ লৈছিল বুলি সন্দেহ কৰা হৈছে। 

খবৰ অনুসৰি সীমা ইতিমধ্যে কেইবাজনো ভাৰতীয়ৰ সৈতে পৰিচিত । সীমাই সলসলীয়াকৈ ইংৰাজী ক’ব পাৰে বুলিও জানিব পৰা গৈছে। আদুনিকা সীমাই গাওঁলীয়া মহিলাৰ ভাও দিবলৈ বহুদিন ধৰি প্ৰশিক্ষণ লৈছিল বুলিও খবৰ পোৱা গৈছে। 

চোৰাংচোৱা বিষয়াসকলৰ মতে, সীমা প্ৰকৃততে যথেষ্ট শিক্ষিত আৰু ভাল ইংৰাজী কয়। তেওঁ চহৰীয়া জীৱনত  অভ্যস্ত। কিন্তু ভাৰতলৈ অহাৰ আগতে তেওঁ নিজকে সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছিল। সীমাই তেওঁৰ চাৰিটা সন্তানকো প্ৰশিক্ষণ দিছিল বুলি জানিব পৰা গৈছে।

বিষয়াসকলৰ মতে শচীন নামৰ এজন ভাৰতীয় যুৱকক লগ পোৱাৰ আগতেই সীমাই বহু ভাৰতীয়ক চিনি পাইছিল। তেওঁলোকৰ বহুতেই দিল্লীৰ বাসিন্দা । সীমাৰ ফোনটো ইতিমধ্যে জব্দ কৰা হৈছে। তাৰ পৰা কেইবাটাও ফোন নম্বৰ উদ্ধাৰ কৰা হৈছে। ফোন নম্বৰবোৰ বৰ্তমান অনুসন্ধানৰ বাবে গ্ৰহণ কৰা হৈছে। 















FOLLOW US F
POPULAR
FEATURE
TRENDY
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে