--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী মহিলাৰ প্ৰেম কাহিনীয়ে এতিয়া যেন নতুন পাক লৈছে। উত্তৰ প্ৰদেশৰ এটিএছে পাকিস্তানৰ পৰা ভাৰতলৈ পলাই আহি ভাৰতীয় যুৱকৰ সৈতে থাকিবলৈ লোৱা সীমা হাইদৰক নিৰন্তৰ জেৰা চলাই আছে।  

এটিএছে সন্দেহ কৰিছে যে  পাকিস্তানী মহিলাগৰাকী দেশ খনৰ চোৰাংচোৱা সেৱাৰ সৈতে জড়িত হ'ব পাৰে। উত্তৰ প্ৰদেশৰ এটিএছ বিষয়াসকলে  বিভিন্ন সূত্ৰৰ জৰিয়তে লাভ কৰা   তথ্য পোৱাৰ পিছতে সন্দেহ  বৃদ্ধি পাইছে। মহিলাগৰাকীৰ ভায়েক আৰু  আন আত্মীয় পাকিস্তানৰ  সেনাত কাম কৰি আছে।  ইয়াৰ উপৰি সীমাই ভাৰতলৈ আহিবলৈ  দীৰ্ঘদিন ধৰি পৰিকল্পনা কৰাৰ পিছত গাওঁলীয়া মহিলাৰ ছদ্মবেশ লৈছিল বুলি সন্দেহ কৰা হৈছে। 

খবৰ অনুসৰি সীমা ইতিমধ্যে কেইবাজনো ভাৰতীয়ৰ সৈতে পৰিচিত । সীমাই সলসলীয়াকৈ ইংৰাজী ক’ব পাৰে বুলিও জানিব পৰা গৈছে। আদুনিকা সীমাই গাওঁলীয়া মহিলাৰ ভাও দিবলৈ বহুদিন ধৰি প্ৰশিক্ষণ লৈছিল বুলিও খবৰ পোৱা গৈছে। 

চোৰাংচোৱা বিষয়াসকলৰ মতে, সীমা প্ৰকৃততে যথেষ্ট শিক্ষিত আৰু ভাল ইংৰাজী কয়। তেওঁ চহৰীয়া জীৱনত  অভ্যস্ত। কিন্তু ভাৰতলৈ অহাৰ আগতে তেওঁ নিজকে সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছিল। সীমাই তেওঁৰ চাৰিটা সন্তানকো প্ৰশিক্ষণ দিছিল বুলি জানিব পৰা গৈছে।

বিষয়াসকলৰ মতে শচীন নামৰ এজন ভাৰতীয় যুৱকক লগ পোৱাৰ আগতেই সীমাই বহু ভাৰতীয়ক চিনি পাইছিল। তেওঁলোকৰ বহুতেই দিল্লীৰ বাসিন্দা । সীমাৰ ফোনটো ইতিমধ্যে জব্দ কৰা হৈছে। তাৰ পৰা কেইবাটাও ফোন নম্বৰ উদ্ধাৰ কৰা হৈছে। ফোন নম্বৰবোৰ বৰ্তমান অনুসন্ধানৰ বাবে গ্ৰহণ কৰা হৈছে। 















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস