--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ অলকানন্দা নদীৰ পাৰত সংঘটিত হৈছে এক শোকাবহ ঘটনা।  'নমামি গংগা' প্ৰকল্পত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ হোৱাত কমেও ১৫ জন লোকৰ মৃত্যু ঘটাৰ বাতৰি আহিছে। নিহতসকলৰ বেছিভাগেই শ্ৰমিক। ঘটনাটোত আন বহু লোক আঘাতপ্ৰাপ্ত হৈছে। বিস্ফোৰণত এজন আৰক্ষীৰ লোকো  নিহত হৈছে।  পিপালকোটিৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাইছে। তেওঁলোক আটাইকেইজন 'নমামি গংগা' প্ৰকল্পৰ সৈতে জড়িত আছিল।

মঙলবাৰে নিশা উত্তৰাখণ্ডৰ চামোলী জিলাত 'নমামি গংগা' প্ৰকল্পৰ কাম চলি  থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়। আৰক্ষী আৰু উদ্ধাৰকাৰীৰ দলে  দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।  চামোলীৰ এছ পি পৰমেন্দ্ৰ ডোভালে কয় যে আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁলোকৰ মাজৰে বহু কেইজনৰ  অৱস্থা সংকটজনক।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে।ধামীয়ে কয় "ঘটনাটো অতি দুৰ্ভাগ্যজনক। উদ্ধাৰ অভিযান চলি আছে। আহতসকলক হৃষীকেশ এইমছলৈ বিমানেৰে লৈ যোৱা হৈছে। মই এটা তদন্তৰ নিৰ্দেশ দিছো। ''

উত্তৰাখণ্ড আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধানে  কয়, "এজন আৰক্ষী উপ-পৰিদৰ্শক আৰু পাঁচজন গৃহৰক্ষীসহ ১৫ জন লোক বিস্ফোৰণত  নিহত হৈছে। তদন্ত চলি আছে। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে ঘটনাস্থলীত এডাল লোৰ ৰেলিং বিদ্যুতৰ সংস্পৰ্শলৈ আহিছিল। অৱশ্যে, অনুসন্ধানৰ পিছত বিষয়টো বিতংভাৱে জনা যাব। ''

আৰক্ষীৰ সূত্ৰ অনুসৰি  ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত অলকানন্দা নদীৰ ওপৰত থকা এখন দলঙৰ ৰেলিং বিদ্যুতৰ সংস্পৰ্শলৈ আহিছিল। বহুতে সেই দলংখনত আছিল। বৈদ্যুতিক ৰেলিঙৰ সংস্পৰ্শলৈ অহাৰ পিছত তেওঁলোক বিদ্যুৎস্পৃষ্ট হৈছিল। ঘটনাস্থলীতে বহুতৰ মৃত্যু হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ