--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ অলকানন্দা নদীৰ পাৰত সংঘটিত হৈছে এক শোকাবহ ঘটনা।  'নমামি গংগা' প্ৰকল্পত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ হোৱাত কমেও ১৫ জন লোকৰ মৃত্যু ঘটাৰ বাতৰি আহিছে। নিহতসকলৰ বেছিভাগেই শ্ৰমিক। ঘটনাটোত আন বহু লোক আঘাতপ্ৰাপ্ত হৈছে। বিস্ফোৰণত এজন আৰক্ষীৰ লোকো  নিহত হৈছে।  পিপালকোটিৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাইছে। তেওঁলোক আটাইকেইজন 'নমামি গংগা' প্ৰকল্পৰ সৈতে জড়িত আছিল।

মঙলবাৰে নিশা উত্তৰাখণ্ডৰ চামোলী জিলাত 'নমামি গংগা' প্ৰকল্পৰ কাম চলি  থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়। আৰক্ষী আৰু উদ্ধাৰকাৰীৰ দলে  দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।  চামোলীৰ এছ পি পৰমেন্দ্ৰ ডোভালে কয় যে আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁলোকৰ মাজৰে বহু কেইজনৰ  অৱস্থা সংকটজনক।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে।ধামীয়ে কয় "ঘটনাটো অতি দুৰ্ভাগ্যজনক। উদ্ধাৰ অভিযান চলি আছে। আহতসকলক হৃষীকেশ এইমছলৈ বিমানেৰে লৈ যোৱা হৈছে। মই এটা তদন্তৰ নিৰ্দেশ দিছো। ''

উত্তৰাখণ্ড আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধানে  কয়, "এজন আৰক্ষী উপ-পৰিদৰ্শক আৰু পাঁচজন গৃহৰক্ষীসহ ১৫ জন লোক বিস্ফোৰণত  নিহত হৈছে। তদন্ত চলি আছে। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে ঘটনাস্থলীত এডাল লোৰ ৰেলিং বিদ্যুতৰ সংস্পৰ্শলৈ আহিছিল। অৱশ্যে, অনুসন্ধানৰ পিছত বিষয়টো বিতংভাৱে জনা যাব। ''

আৰক্ষীৰ সূত্ৰ অনুসৰি  ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত অলকানন্দা নদীৰ ওপৰত থকা এখন দলঙৰ ৰেলিং বিদ্যুতৰ সংস্পৰ্শলৈ আহিছিল। বহুতে সেই দলংখনত আছিল। বৈদ্যুতিক ৰেলিঙৰ সংস্পৰ্শলৈ অহাৰ পিছত তেওঁলোক বিদ্যুৎস্পৃষ্ট হৈছিল। ঘটনাস্থলীতে বহুতৰ মৃত্যু হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে