--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক অতি বৰ্বৰ তথা নৃশংস ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ কথা শুনিলে বুকু কঁপি উঠিব আপোনাৰ। ৬ মহীয়া শিশুসহ পৰিয়ালৰ ৪ জন লোকক অতি নৃশংসভাৱে হত্যা কৰি জ্বলাই দিলে দুৰ্বৃত্তই। এই শোকাৱহ ঘটনা মঙলবাৰে নিশা ৰাজস্থানৰ এখন গাঁৱত সংঘটিত হৈছে। পৰিয়ালটোৰ আটাইকেইজনকে ঘৰৰ চোতালত জুই লগাই দিয়ে দুৰ্বৃত্তই।

আৰক্ষীৰ মতে ঘটনাটো কালি নিশা চৌৰাই গাঁৱত সংঘটিত হয়। স্থানীয় বাসিন্দাসকলে পুনাৰামৰ (৫৫) ঘৰৰ পৰা ধোঁৱা ওলাই থকা দেখিছিল। ইয়াৰ পাছতেই সেই স্থানত আতংক বিয়পি পৰে আৰু তেতিয়াই আৰক্ষীক খবৰ দিছে ওচৰ-চুবুৰীয়াই।

আৰক্ষী অহাৰ পাছত পৰিয়ালটোৰ চোতালত পুনাৰাম, তেওঁৰ পত্নী ভানৱৰী (৫০) আৰু বোৱাৰী ধাপুৰ দগ্ধ মৃতদেহ উদ্ধাৰ কৰিছিল। ধাপুৰ শৰীৰৰ কাষতে পৰি আছিল ৬ মহীয়া শিশুটিৰ মৃতদেহ। সেই দৃশ্যাংশ অতি ভয়ংকৰ আছিল বুলি আৰক্ষীয়ে জনাইছে।

জানিব পৰা মতে পৰিয়ালটোৱে খেতি কৰিছিল। আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে পৰিয়ালৰ লোকসকলৰ ডিঙি কাটি চোতাললৈ অনা হৈছিল আৰু পাছত জুই লগাই দিছিল। এয়া কোনো শত্ৰুতাৰ বাবে সংঘটিত হোৱা বুলি প্ৰথম তদন্তত সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনে কিয় হত্যা কৰিলে এই সন্দৰ্ভত একো জানিবলৈ সক্ষম হোৱা নাই। হত্যাকাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে স্থানীয়লোকে। দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে স্থানীয় লোকসকলে। আৰক্ষীয়ে দোষীক ধৰিবৰ বাবে তদন্তত নামি পৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে