--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক অতি বৰ্বৰ তথা নৃশংস ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ কথা শুনিলে বুকু কঁপি উঠিব আপোনাৰ। ৬ মহীয়া শিশুসহ পৰিয়ালৰ ৪ জন লোকক অতি নৃশংসভাৱে হত্যা কৰি জ্বলাই দিলে দুৰ্বৃত্তই। এই শোকাৱহ ঘটনা মঙলবাৰে নিশা ৰাজস্থানৰ এখন গাঁৱত সংঘটিত হৈছে। পৰিয়ালটোৰ আটাইকেইজনকে ঘৰৰ চোতালত জুই লগাই দিয়ে দুৰ্বৃত্তই।

আৰক্ষীৰ মতে ঘটনাটো কালি নিশা চৌৰাই গাঁৱত সংঘটিত হয়। স্থানীয় বাসিন্দাসকলে পুনাৰামৰ (৫৫) ঘৰৰ পৰা ধোঁৱা ওলাই থকা দেখিছিল। ইয়াৰ পাছতেই সেই স্থানত আতংক বিয়পি পৰে আৰু তেতিয়াই আৰক্ষীক খবৰ দিছে ওচৰ-চুবুৰীয়াই।

আৰক্ষী অহাৰ পাছত পৰিয়ালটোৰ চোতালত পুনাৰাম, তেওঁৰ পত্নী ভানৱৰী (৫০) আৰু বোৱাৰী ধাপুৰ দগ্ধ মৃতদেহ উদ্ধাৰ কৰিছিল। ধাপুৰ শৰীৰৰ কাষতে পৰি আছিল ৬ মহীয়া শিশুটিৰ মৃতদেহ। সেই দৃশ্যাংশ অতি ভয়ংকৰ আছিল বুলি আৰক্ষীয়ে জনাইছে।

জানিব পৰা মতে পৰিয়ালটোৱে খেতি কৰিছিল। আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে পৰিয়ালৰ লোকসকলৰ ডিঙি কাটি চোতাললৈ অনা হৈছিল আৰু পাছত জুই লগাই দিছিল। এয়া কোনো শত্ৰুতাৰ বাবে সংঘটিত হোৱা বুলি প্ৰথম তদন্তত সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনে কিয় হত্যা কৰিলে এই সন্দৰ্ভত একো জানিবলৈ সক্ষম হোৱা নাই। হত্যাকাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে স্থানীয়লোকে। দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে স্থানীয় লোকসকলে। আৰক্ষীয়ে দোষীক ধৰিবৰ বাবে তদন্তত নামি পৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস