--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অনলাইনত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’, য’ত এগৰাকী মাতৃয়ে চাইকেলত নিজৰ সন্তানৰ বাবে এক অনন্য বেকচিট বনাইছে। শিলাযুগৰ পৰা আধুনিক যুগলৈ চলোৱা নতুন পৰীক্ষাই প্ৰমাণ কৰিছে যে প্ৰয়োজনীয়তাই সকলো আবিষ্কাৰৰ মূল। যেতিয়াই  সন্তানৰ প্ৰয়োজনীয়তাই মাতৃৰ সৈতে সংঘৰ্ষ কৰে, তেতিয়া কিছুমান উদ্ভাৱনীমূলক আৰু হৃদয়স্পৰ্শী ঘটনাৰ উন্মেষ ঘটে। এই কথাটো এই ভিডিঅ'টোৰ জৰিয়তে সহজে আৰু অধিক বুজিব পাৰি।

এই ভিডিঅ’টো  হৰ্ষ গোয়েংকাই টুইটাৰত নামৰ এগৰাকী টুইটাৰ ব্যবহাৰকাৰীয়ে  শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত এগৰাকী মাতৃক ৰাস্তাত চাইকেল চলাই থকা দেখা গৈছে, কিন্তু মানুহক আকৰ্ষণ কৰা কথাটো হ’ল তেওঁৰ সন্তানৰ বাবে বনোৱা অভিনৱ বেক চিটখন। আচলতে এইগৰাকী মাতৃয়ে সৰু চকী এখনৰ পৰা পিছৰ আসন এখন বনাইছিল, যিখন কেৰিয়াৰত বান্ধি থোৱা আছিল। ভিডিঅ’টোত শিশু আৰু মাতৃ দুয়োজনে আৰামত গৈ নিজৰ ৰাইড উপভোগ কৰি আছে। এতিয়া সন্তান নপৰে বুলিও চিন্তিত হৈ পৰিছে মাতৃগৰাকী।

ভিডিঅ'টো চাওক :
এই ৯ ছেকেণ্ডৰ ভিডিঅ'টোৰ দ্বাৰা বুজিব পাৰি যে যদিওবা মাতৃগৰাকীৰ  হাতত বহুত টকা নাই, তথাপিও নিজ বুদ্ধিমত্তাৰে  নিজ সন্তানক ৰাজকুমাৰৰ দৰে ঘূৰাই জীৱনৰ সৰ্বোচ্চ সুখ দিবলৈ চেষ্টা কৰিছে। হৰ্ষ গোয়েংকাই টুইটাৰত শ্বেয়াৰ কৰা ভিডিঅ’টোত কেপচনত লিখা আছে, “এগৰাকী মাতৃয়ে নিজৰ সন্তানৰ বাবে কি নকৰে।”

মাতৃগৰাকীৰ এই মনোবল তথা মাতৃস্নেহ দেখি মানুহ স্তম্ভিত হৈ পৰিল। এই ভিডিঅ’টো এতিয়ালৈকে ১৫ লাখ দৰ্শকৰ লগতে ৬ হাজাৰৰো অধিক লাইক আৰু বহু কমেন্ট লাভ কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে, "মহান উদ্ভাৱন, ইমান আৰামদায়ক পিছৰ আসন। আমি কিয় চাইকেলত এইটো ৰাখিব নোৱাৰো। অভাৱেই আবিষ্কাৰ ৰ মূল।"










FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?