--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ছ’চিয়েল মিডিয়াত সম্পূৰ্ণ সক্ৰিয় হৈ থকা সেই আইএএছ বিষয়াসকলৰ ভিতৰত অন্যতম অৱনীশ শৰণ। তেওঁ কেৱল ধেমেলীয়া ভিডিঅ’ পোষ্ট কৰাই নহয়, প্ৰেৰণাদায়ক টুইটৰ জৰিয়তে ব্যৱহাৰকাৰীক প্ৰেৰণা দি থাকে। আকৌ এবাৰ তেওঁৰ এনে এটা প্ৰেৰণাদায়ক টুইট ভাইৰেল হৈ পৰিছে। হয় ২০০৯ চনৰ বেচৰ আইএএছ বিষয়া অৱনীশ শৰণৰ এটা টুইট বৰ্তমান চৰ্চাত আছে, য'ত তেওঁ এটা মটিভেচনেল ড্ৰয়িং শ্বেয়াৰ কৰিছে। এই অংকনৰ জৰিয়তে জীৱনৰ পাঠ বুজাবলৈ চেষ্টা কৰিছে অৱনীশ শৰণে। 

এই নতুন টুইটটোত তেওঁ ‘মাই প্লেন’ আৰু ‘গডছ প্লেন’ৰ সৈতে জড়িত ড্ৰয়িং শ্বেয়াৰ কৰিছে। এই অংকনৰ জৰিয়তে তেওঁ ব্যৱহাৰকাৰী সকলক এটা ডাঙৰ শিক্ষা দিছে। এই কাৰণেই তেওঁৰ এই পোষ্টটো বৰ্তমান ভাইৰেল হৈ পৰিছে।


১৪ অক্টোবৰত অৰ্থাৎ কালি তেওঁ এই পোষ্টটো শ্বেয়াৰ কৰিছে। তেওঁ এটা ড্ৰয়িং শ্বেয়াৰ কৰিছে, য’ত আপুনি দেখিব পাৰিব যে ‘মাই প্লেন’ৰ সন্মুখত এটা পোন পথ আছে। তাত যেন কোনো বাধা নাই। ই পোনে পোনে সমতল। একে সময়তে ‘ঈশ্বৰৰ পৰিকল্পনা’ও এই চিত্ৰখনত দেখা যায়, য’ত কিছুমান বাধা দেখা যায়। এই পোষ্টটোৰ কেপচনত তেওঁ লিখিছে যে, 'কেতিয়াবা ঈশ্বৰে আমি ভবা ধৰণে বস্তুবোৰ নিৰ্মাণ নকৰে, কিন্তু ঈশ্বৰৰ আমাৰ জীৱনৰ বাবে এটা নিখুঁত পৰিকল্পনা আছে'। অৰ্থাৎ আমাৰ পৰিকল্পনাতকৈ ভগৱানৰ আমাৰ প্ৰতি পৰিকল্পনা বেছি নিখুঁত।

তেওঁৰ এই টুইটোত বহু লোকে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৰিছে।অৱনীশ  শৰণৰ এই টুইটৰ সৈতে একমত হোৱা যেন লাগিল একাংশ লোকক। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে ভগৱানে মোৰ বাবে কিয় পৰিকল্পনা কৰিব, মইতো ইতিমধ্যেই তেওঁৰ পৰিকল্পনাৰ সৈতে জড়িত হৈ আছো। একেদৰে আন বহু ব্যৱহাৰকাৰীয়েও এই টুইটটোক লৈ নিজৰ মতামত দিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু