--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফাইনেলৰ বাবে সাজু ৰোহিত শৰ্মা৷ প্ৰতিযোগিতাখনৰ আৰম্ভণিতেই ভাৰতক ফেভাৰিট বুলি গণ্য কৰা হৈছিল। অধিনায়কগৰাকীৰ নেতৃত্বত ফাইনেলৰ পথত বিশ্বকাপৰ ১০খন খেলতে জয়লাভ কৰে টীম ইণ্ডিয়াই৷

বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে সংবাদমেলত ৰোহিত শৰ্মাই কয়- ‘‘যেতিয়াই আমি এনে প্ৰতিযোগিতা খেলো, তেতিয়াই পূৰ্বতে বিশ্বকাপৰ ফাইনেল খেলাতসকলকৈ বৰ্তমানৰ খেলুৱৈৰ ফৰ্মটোৱেই অধিক গুৰুত্বপূৰ্ণ। ২০১১ চনত বিশ্বকাপৰ ফাইনেল খেলা দুজন খেলুৱৈও আমাৰ লগত আছে। আমি চাপ কেনেকৈ চম্ভালিব জানো। আমি এতিয়ালৈকে যিদৰে খেলিছো, সেইদৰেই আমি আগবাঢ়ি যাব বিচাৰো।”

খেলুৱৈসকলৰ কেৰিয়াৰৰ এই মুহূৰ্তৰ বিশালতাক স্বীকাৰ কৰে ৰোহিতে৷ ৰোহিতে কয়- ‘‘আৱেগিকভাৱে ই এক ডাঙৰ অনুষ্ঠান। নিঃসন্দেহে আমাৰ বাবে ই আটাইতকৈ ডাঙৰ সপোন। এয়া মোৰ আটাইতকৈ ডাঙৰ মুহূৰ্ত। মই ডাঙৰ হৈছো এদিনীয়া বিশ্বকাপৰ চাইয়েই! এই পৰিস্থিতিত শান্ত হৈ থকাটো অত্যন্ত জৰুৰী৷’’

অধিনায়কগৰাকীয়ে মহম্মদ শ্বামীৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে৷ কয়- ‘‘এই টুৰ্ণামেণ্টত বলাৰসকলে আমাৰ বাবে এক ডাঙৰ কাম কৰিছে। প্ৰথম ৪-৫ খেলত আমি দলসমূহক ভাৰতৰ মাটিত ৩০০ ৰানৰ তলত সীমাবদ্ধ কৰি ৰাখিছো।’’

উল্লেখ্য যে অহাকালি দিনৰ ২ বজাৰ পৰা ফাইনেল খন অনুষ্ঠিত হ’ব৷ বিপক্ষৰ দলৰ অধিনায়ক পেট কামিন্সেও মেচখনৰ পূৰ্বে কৈছে যে তেওঁলোকে জয়ৰ বাবে সৰ্বোচ্চ উজাৰি দিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক