--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফাইনেলৰ বাবে সাজু ৰোহিত শৰ্মা৷ প্ৰতিযোগিতাখনৰ আৰম্ভণিতেই ভাৰতক ফেভাৰিট বুলি গণ্য কৰা হৈছিল। অধিনায়কগৰাকীৰ নেতৃত্বত ফাইনেলৰ পথত বিশ্বকাপৰ ১০খন খেলতে জয়লাভ কৰে টীম ইণ্ডিয়াই৷

বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে সংবাদমেলত ৰোহিত শৰ্মাই কয়- ‘‘যেতিয়াই আমি এনে প্ৰতিযোগিতা খেলো, তেতিয়াই পূৰ্বতে বিশ্বকাপৰ ফাইনেল খেলাতসকলকৈ বৰ্তমানৰ খেলুৱৈৰ ফৰ্মটোৱেই অধিক গুৰুত্বপূৰ্ণ। ২০১১ চনত বিশ্বকাপৰ ফাইনেল খেলা দুজন খেলুৱৈও আমাৰ লগত আছে। আমি চাপ কেনেকৈ চম্ভালিব জানো। আমি এতিয়ালৈকে যিদৰে খেলিছো, সেইদৰেই আমি আগবাঢ়ি যাব বিচাৰো।”

খেলুৱৈসকলৰ কেৰিয়াৰৰ এই মুহূৰ্তৰ বিশালতাক স্বীকাৰ কৰে ৰোহিতে৷ ৰোহিতে কয়- ‘‘আৱেগিকভাৱে ই এক ডাঙৰ অনুষ্ঠান। নিঃসন্দেহে আমাৰ বাবে ই আটাইতকৈ ডাঙৰ সপোন। এয়া মোৰ আটাইতকৈ ডাঙৰ মুহূৰ্ত। মই ডাঙৰ হৈছো এদিনীয়া বিশ্বকাপৰ চাইয়েই! এই পৰিস্থিতিত শান্ত হৈ থকাটো অত্যন্ত জৰুৰী৷’’

অধিনায়কগৰাকীয়ে মহম্মদ শ্বামীৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে৷ কয়- ‘‘এই টুৰ্ণামেণ্টত বলাৰসকলে আমাৰ বাবে এক ডাঙৰ কাম কৰিছে। প্ৰথম ৪-৫ খেলত আমি দলসমূহক ভাৰতৰ মাটিত ৩০০ ৰানৰ তলত সীমাবদ্ধ কৰি ৰাখিছো।’’

উল্লেখ্য যে অহাকালি দিনৰ ২ বজাৰ পৰা ফাইনেল খন অনুষ্ঠিত হ’ব৷ বিপক্ষৰ দলৰ অধিনায়ক পেট কামিন্সেও মেচখনৰ পূৰ্বে কৈছে যে তেওঁলোকে জয়ৰ বাবে সৰ্বোচ্চ উজাৰি দিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক