--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱাছিম ​​আক্ৰমে কৈছে যে চিমত ইমান ভালকৈ বলিং কৰা তেওঁ কেতিয়াও দেখা নাই। মহম্মদ শ্বামীক টোপনিৰ পৰা উঠাই বলিং কৰিবলৈ ক’লেও হয়তো তেওঁ এনেধৰণেই বলিং কৰিব। এক কথাত অবিশ্বাস্য।''

মহম্মদ শ্বামীক এনে এজন ব্যক্তিয়ে প্ৰশংসা কৰিছে, যিজনক তেওঁৰ খেলৰ কেৰিয়াৰত ’চুলতান অৱ ছুইং’ বুলি কোৱা হৈছিল। জীৱনৰ ক্ষেত্ৰখনৰ প্ৰতিটো খোজতে উজুটি খাই থকাৰ পিছতো শমীয়ে ক্ৰিকেট খেলপথাৰত নিজৰ প্ৰভাৱ কোনো ধৰণে কমিবলৈ নিদিলে। ইডেনৰ পৰা ৱানখেদেলৈকে বহুত অধ্যৱসায়, পৰিশ্ৰমৰ ফল পাইছে ছামীয়ে৷

ছেমি ফাইনেলত  নিউজিলেণ্ডৰ ডেৰিল মিচেল আৰু কেন উইলিয়ামছনে চাৰি-ছয়ৰ ফুলজাৰি মাৰিবলৈ ধৰোতেই ৰোহিত শৰ্মাই বলটো শ্বামীক দিলে। যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ থাকিলেও তেওঁ শ্বামীক বিশ্বাস কৰিছিল। তাৰপাছতে মেচ সলনি হয়৷

আক্ৰামে ছামীৰ বিষয়ে এইদৰে কয়- "শ্বামীৰৰ হাতত আটাইতকৈ ডাঙৰ যাদু হৈছথে তেওঁ নতুন বলৰ লগতে পুৰণি বলো চুইং খোৱাব পাৰে। বলটো অধিক পুৰণি হ’লে ৰিভাৰ্ছ চুইং কৰা আৰম্ভ কৰে৷ এই ধৰণৰ বলাৰ যিকোনো অধিনায়কৰ বাবে আস্থাৰ  বিষয়৷'' 

ৰোহিতে সেইটোৱেই কৰি আছে। শ্বামীয়ে উইকেট লৈ দলটোক পুনৰ যুঁজলৈ আনিছে। ৱানখেডেত  উইলিয়ামছনক প্ৰথমে আউট কৰা হয়। সেই অভাৰত তেওঁ টম লেথামকো ঘূৰাই পঠালে। তাতেই অন্ত পৰিল নিউজিলেণ্ডৰ যুঁজ। ছেমি ফাইনেলত শ্বামীৰ প্ৰথম চাৰিটা উইকেটৰ পিছতে আৰু তিনিটা উইকেট দখল কৰাৰ পাছত ভাৰতক ফাইনেললৈ লৈ যায়।

ভাৰতে  প্ৰথমে বেটিং কৰি ৩৯৭ ৰাণ কৰিলেও শ্বামীৰ অবিহনে খেলখনৰ ফলাফল কি হ’লহেঁতেন সেয়া সন্দেহৰ বিষয়৷ এতিয়া সকলোৱে দেওবাৰৰ বাবে অপেক্ষা কৰি আছে। সেইদিনা শমীয়ে নিজৰ ক্ৰিকেট জীৱনৰ সৰ্বোত্তম বলিং কৰিবলৈ বিশ্বৰ সৰ্ববৃহৎ খেলপথাৰত দৌৰ আৰম্ভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক