--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱাছিম ​​আক্ৰমে কৈছে যে চিমত ইমান ভালকৈ বলিং কৰা তেওঁ কেতিয়াও দেখা নাই। মহম্মদ শ্বামীক টোপনিৰ পৰা উঠাই বলিং কৰিবলৈ ক’লেও হয়তো তেওঁ এনেধৰণেই বলিং কৰিব। এক কথাত অবিশ্বাস্য।''

মহম্মদ শ্বামীক এনে এজন ব্যক্তিয়ে প্ৰশংসা কৰিছে, যিজনক তেওঁৰ খেলৰ কেৰিয়াৰত ’চুলতান অৱ ছুইং’ বুলি কোৱা হৈছিল। জীৱনৰ ক্ষেত্ৰখনৰ প্ৰতিটো খোজতে উজুটি খাই থকাৰ পিছতো শমীয়ে ক্ৰিকেট খেলপথাৰত নিজৰ প্ৰভাৱ কোনো ধৰণে কমিবলৈ নিদিলে। ইডেনৰ পৰা ৱানখেদেলৈকে বহুত অধ্যৱসায়, পৰিশ্ৰমৰ ফল পাইছে ছামীয়ে৷

ছেমি ফাইনেলত  নিউজিলেণ্ডৰ ডেৰিল মিচেল আৰু কেন উইলিয়ামছনে চাৰি-ছয়ৰ ফুলজাৰি মাৰিবলৈ ধৰোতেই ৰোহিত শৰ্মাই বলটো শ্বামীক দিলে। যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ থাকিলেও তেওঁ শ্বামীক বিশ্বাস কৰিছিল। তাৰপাছতে মেচ সলনি হয়৷

আক্ৰামে ছামীৰ বিষয়ে এইদৰে কয়- "শ্বামীৰৰ হাতত আটাইতকৈ ডাঙৰ যাদু হৈছথে তেওঁ নতুন বলৰ লগতে পুৰণি বলো চুইং খোৱাব পাৰে। বলটো অধিক পুৰণি হ’লে ৰিভাৰ্ছ চুইং কৰা আৰম্ভ কৰে৷ এই ধৰণৰ বলাৰ যিকোনো অধিনায়কৰ বাবে আস্থাৰ  বিষয়৷'' 

ৰোহিতে সেইটোৱেই কৰি আছে। শ্বামীয়ে উইকেট লৈ দলটোক পুনৰ যুঁজলৈ আনিছে। ৱানখেডেত  উইলিয়ামছনক প্ৰথমে আউট কৰা হয়। সেই অভাৰত তেওঁ টম লেথামকো ঘূৰাই পঠালে। তাতেই অন্ত পৰিল নিউজিলেণ্ডৰ যুঁজ। ছেমি ফাইনেলত শ্বামীৰ প্ৰথম চাৰিটা উইকেটৰ পিছতে আৰু তিনিটা উইকেট দখল কৰাৰ পাছত ভাৰতক ফাইনেললৈ লৈ যায়।

ভাৰতে  প্ৰথমে বেটিং কৰি ৩৯৭ ৰাণ কৰিলেও শ্বামীৰ অবিহনে খেলখনৰ ফলাফল কি হ’লহেঁতেন সেয়া সন্দেহৰ বিষয়৷ এতিয়া সকলোৱে দেওবাৰৰ বাবে অপেক্ষা কৰি আছে। সেইদিনা শমীয়ে নিজৰ ক্ৰিকেট জীৱনৰ সৰ্বোত্তম বলিং কৰিবলৈ বিশ্বৰ সৰ্ববৃহৎ খেলপথাৰত দৌৰ আৰম্ভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী