--°C
Loading...
Listen to Article
2 min read
80%
ৱাশ্বিংটনঃ ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিলে ভ্লাদিমিৰ পুটিনৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ ভাবুকি প্ৰদান কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে। মঙলবাৰে হোৱাইট হাউছৰ সংবাদ সন্মিলনত এই ঘোষণা জ’ বাইডেনৰ। বাইডেনে কয়, ‘ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ সম্ভাৱ্য আক্ৰমণ বিশ্বৰ বাবে এক ডাঙৰ দুৰ্যোগ হিচাপে বিবচিত হ'ব। ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই আক্ৰমণ কৰিলে এয়া দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আটাইতকৈ বৃহত্‍ যুঁজ হিচাপে বিবেচিত হ’ব। ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনেও ইউৰোপীয় মিত্ৰশক্তিক ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা প্ৰস্তুত ৰাখিবলৈ আহ্বান জনাইছে। মঙলবাৰে সংসদত কয়, ‘আমাৰ ওচৰত নিষেধাজ্ঞাৰ এটা কঠিন পেকেজ আছে। আমি আমাৰ ইউৰোপীয় বন্ধুসকলক সেই পেকেজটো মোতায়েনৰ বাবে সাজু হোৱাটো চাব বিচাৰো। যদি ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ কৰে তেতিজয়া ৰাছিয়াৰ ওপৰত তৎক্ষণাৎ এই কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হ'ব। ইউক্ৰেইনৰ সীমান্তত ১,০০,০০০ তকৈও অধিক ৰাছিয়ান সৈন্য নিয়োজিত হৈ থকাৰ পাছতো মস্কোৱে এতিয়ালৈকে ইউক্ৰেইন আক্ৰমণৰ সম্ভাৱনা অস্বীকাৰ কৰিছে। অৱশ্যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইন আক্ৰমণ কৰিব বিচাৰে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমীয়া দেশসমূহে দাবী কৰি আহিছে। এই সন্দৰ্ভত ৰাছিয়াই কয় যে, ‘ পূৱ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত গঢ় লৈ উঠা সামৰিক মিত্ৰজোঁট নাটোৰ সম্প্ৰসাৰণ দেশখনৰ বাবে এক ভাবুকি। মস্কোৱে পাশ্চাত্যৰ পৰা নিৰাপত্তাৰ নিশ্চয়তা বিচাৰিছে যাতে ইউক্ৰেইন নাটো মিত্ৰতাত অন্তৰ্ভুক্ত নহয়। অৱশ্যে, নাটো মিত্ৰজোঁটৰ পৰা কোনো সঁহাৰি নোপোৱাকৈ, ৰাছিয়াই ইউক্ৰেইনৰ সীমান্তত কেইবাহাজাৰ সৈন্য মোতায়েন কৰিছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু