--°C
Loading...
Listen to Article
2 min read
80%
ৱাশ্বিংটনঃ ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিলে ভ্লাদিমিৰ পুটিনৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ ভাবুকি প্ৰদান কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে। মঙলবাৰে হোৱাইট হাউছৰ সংবাদ সন্মিলনত এই ঘোষণা জ’ বাইডেনৰ। বাইডেনে কয়, ‘ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ সম্ভাৱ্য আক্ৰমণ বিশ্বৰ বাবে এক ডাঙৰ দুৰ্যোগ হিচাপে বিবচিত হ'ব। ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই আক্ৰমণ কৰিলে এয়া দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আটাইতকৈ বৃহত্‍ যুঁজ হিচাপে বিবেচিত হ’ব। ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনেও ইউৰোপীয় মিত্ৰশক্তিক ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা প্ৰস্তুত ৰাখিবলৈ আহ্বান জনাইছে। মঙলবাৰে সংসদত কয়, ‘আমাৰ ওচৰত নিষেধাজ্ঞাৰ এটা কঠিন পেকেজ আছে। আমি আমাৰ ইউৰোপীয় বন্ধুসকলক সেই পেকেজটো মোতায়েনৰ বাবে সাজু হোৱাটো চাব বিচাৰো। যদি ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ কৰে তেতিজয়া ৰাছিয়াৰ ওপৰত তৎক্ষণাৎ এই কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হ'ব। ইউক্ৰেইনৰ সীমান্তত ১,০০,০০০ তকৈও অধিক ৰাছিয়ান সৈন্য নিয়োজিত হৈ থকাৰ পাছতো মস্কোৱে এতিয়ালৈকে ইউক্ৰেইন আক্ৰমণৰ সম্ভাৱনা অস্বীকাৰ কৰিছে। অৱশ্যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইন আক্ৰমণ কৰিব বিচাৰে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমীয়া দেশসমূহে দাবী কৰি আহিছে। এই সন্দৰ্ভত ৰাছিয়াই কয় যে, ‘ পূৱ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত গঢ় লৈ উঠা সামৰিক মিত্ৰজোঁট নাটোৰ সম্প্ৰসাৰণ দেশখনৰ বাবে এক ভাবুকি। মস্কোৱে পাশ্চাত্যৰ পৰা নিৰাপত্তাৰ নিশ্চয়তা বিচাৰিছে যাতে ইউক্ৰেইন নাটো মিত্ৰতাত অন্তৰ্ভুক্ত নহয়। অৱশ্যে, নাটো মিত্ৰজোঁটৰ পৰা কোনো সঁহাৰি নোপোৱাকৈ, ৰাছিয়াই ইউক্ৰেইনৰ সীমান্তত কেইবাহাজাৰ সৈন্য মোতায়েন কৰিছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ