--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আফ্ৰিকাৰ পৰা আহিল আঠটা চিতা বাঘ। সেই বাঘ কেইটাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এৰি দিলে হাবিত।মোদীৰ জন্মদিন উপলক্ষ্যে চিতা বাঘকেইটা মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় অভয়াৰণ্যত এৰি দিয়া হয়। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে শনিবাৰে  চিতাবাঘ কেইটা  পিঞ্জৰাৰ পৰা মুক্ত কৰি হাবিত এৰি দিয়ে। তেওঁ পিঞ্জৰাটোৰ দুৱাৰখন খুলি অৰণ্যত বাঘ কেইটা  এৰি দিয়াৰ দৃশ্য সকলোৱে তধা লাগি চাই ৰয়।

উল্লেখ্য মোদীৰ জন্মদিনত এৰি দিবলৈ নামিবিয়াৰ পৰা ভাৰতলৈ আঠটা চিতা বাঘ অনা হৈছে। বাঘ কেইটা  গোৱালিয়ৰৰ পৰা বায়ু সেনাৰ হেলিকপ্টাৰেৰে মধ্য প্ৰদেশৰ কুনো নেচনেল ৰিজাৰ্ভলৈ  অনা হয়। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে শনিবাৰে নাহৰফুটুকী বাঘকেইটাক পিঞ্জৰাৰ পৰা মুক্ত কৰি দিয়ে । উল্লেখ্য আজি  নৰেন্দ্ৰ মোডীৰ ৭২ সংখ্যক জন্মদিন। 


ভিডিঅ'ত প্ৰধানমন্ত্ৰীক  পিঞ্জৰাৰ হেণ্ডেল ঘূৰাই নাহৰফুটুকী বাঘকেইটাক  পিঞ্জৰাৰ দুৱাৰ খুলি থকা দেখা গৈছে। লাহে লাহে খোলা দুৱাৰখনেৰে বাঘ কেইটা  ওলাই আহে। প্ৰধানমন্ত্ৰীয়ে কেমেৰাৰে বাঘ কেইটাৰ  ফটোও তোলে। ভিডিঅ'টোত, মোডীয়ে হাততালি দিয়াও দেখা যায়।

নামিবিয়াৰ পৰা উৰুৱাই অনা আঠটা নাহৰফুটুকী বাঘৰ ভিতৰত তিনিটা মতা বাঘ  আৰু পাঁচটা মাইকী বাঘিনী আছে।১৯৪৭ চনত ভাৰতৰ অন্তিমটো চিতাৰ মৃত্যু হৈছিল। তেতিয়াৰ পৰা, যোৱা ৭৫ বছৰ ধৰি এই দেশত পৃথিৱীৰ দ্ৰুততম প্ৰাণীবিধ কোনেও  দেখা পোৱা নাই। সেই অভাৱ পূৰণ কৰিবলৈ, এইবাৰ নামিবিয়াৰ পৰা পাঁচটা চিতা অনা হৈছে। ১৯৪৭ চনত ছত্তীশগড়ত দেশখনৰ অন্তিমটো চিতাবাঘৰ মৃত্যু হৈছিল। 

অৱশ্যে, সেই সময়ত অঞ্চলটো মধ্য প্ৰদেশৰ অংশ আছিল। চিতা বাঘ পুনৰ ভাৰতলৈ ঘূৰাই অনাৰ প্ৰকল্পটো ২০০৯ চনত আৰম্ভ হৈছিল। যোৱা বছৰৰ নৱেম্বৰত আফ্ৰিকাৰ পৰা বাঘ আনিবলৈ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু কৰোনা পৰিস্থিতিৰ বাবে সেয়া  সম্ভৱ হোৱা নাছিল। অৱশেষত মোদীৰ  জন্মদিনতে চিতা বাঘ  ভাৰতৰ অৰণ্যত এৰি দিয়া হৈছে।দক্ষিণ আফ্ৰিকাৰ পৰিৱেশ মন্ত্ৰালয়ৰ এটা প্ৰতিনিধি দল ইতিমধ্যে কুনো পালপুৰ ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈছে। তেওঁলোকে এই বিষয়ত গ্ৰহণ কৰা সকলো প্ৰস্তুতিৰ দিশ পৰ্যবেক্ষণ কৰি আছে। জানিব পৰা মতে অহা পাঁচ বছৰত ৫০ টা নাহৰফুটুকী বাঘ বাহিৰৰ পৰা  অনাৰ পৰিকল্পনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু