--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আফ্ৰিকাৰ পৰা আহিল আঠটা চিতা বাঘ। সেই বাঘ কেইটাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এৰি দিলে হাবিত।মোদীৰ জন্মদিন উপলক্ষ্যে চিতা বাঘকেইটা মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় অভয়াৰণ্যত এৰি দিয়া হয়। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে শনিবাৰে  চিতাবাঘ কেইটা  পিঞ্জৰাৰ পৰা মুক্ত কৰি হাবিত এৰি দিয়ে। তেওঁ পিঞ্জৰাটোৰ দুৱাৰখন খুলি অৰণ্যত বাঘ কেইটা  এৰি দিয়াৰ দৃশ্য সকলোৱে তধা লাগি চাই ৰয়।

উল্লেখ্য মোদীৰ জন্মদিনত এৰি দিবলৈ নামিবিয়াৰ পৰা ভাৰতলৈ আঠটা চিতা বাঘ অনা হৈছে। বাঘ কেইটা  গোৱালিয়ৰৰ পৰা বায়ু সেনাৰ হেলিকপ্টাৰেৰে মধ্য প্ৰদেশৰ কুনো নেচনেল ৰিজাৰ্ভলৈ  অনা হয়। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে শনিবাৰে নাহৰফুটুকী বাঘকেইটাক পিঞ্জৰাৰ পৰা মুক্ত কৰি দিয়ে । উল্লেখ্য আজি  নৰেন্দ্ৰ মোডীৰ ৭২ সংখ্যক জন্মদিন। 


ভিডিঅ'ত প্ৰধানমন্ত্ৰীক  পিঞ্জৰাৰ হেণ্ডেল ঘূৰাই নাহৰফুটুকী বাঘকেইটাক  পিঞ্জৰাৰ দুৱাৰ খুলি থকা দেখা গৈছে। লাহে লাহে খোলা দুৱাৰখনেৰে বাঘ কেইটা  ওলাই আহে। প্ৰধানমন্ত্ৰীয়ে কেমেৰাৰে বাঘ কেইটাৰ  ফটোও তোলে। ভিডিঅ'টোত, মোডীয়ে হাততালি দিয়াও দেখা যায়।

নামিবিয়াৰ পৰা উৰুৱাই অনা আঠটা নাহৰফুটুকী বাঘৰ ভিতৰত তিনিটা মতা বাঘ  আৰু পাঁচটা মাইকী বাঘিনী আছে।১৯৪৭ চনত ভাৰতৰ অন্তিমটো চিতাৰ মৃত্যু হৈছিল। তেতিয়াৰ পৰা, যোৱা ৭৫ বছৰ ধৰি এই দেশত পৃথিৱীৰ দ্ৰুততম প্ৰাণীবিধ কোনেও  দেখা পোৱা নাই। সেই অভাৱ পূৰণ কৰিবলৈ, এইবাৰ নামিবিয়াৰ পৰা পাঁচটা চিতা অনা হৈছে। ১৯৪৭ চনত ছত্তীশগড়ত দেশখনৰ অন্তিমটো চিতাবাঘৰ মৃত্যু হৈছিল। 

অৱশ্যে, সেই সময়ত অঞ্চলটো মধ্য প্ৰদেশৰ অংশ আছিল। চিতা বাঘ পুনৰ ভাৰতলৈ ঘূৰাই অনাৰ প্ৰকল্পটো ২০০৯ চনত আৰম্ভ হৈছিল। যোৱা বছৰৰ নৱেম্বৰত আফ্ৰিকাৰ পৰা বাঘ আনিবলৈ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু কৰোনা পৰিস্থিতিৰ বাবে সেয়া  সম্ভৱ হোৱা নাছিল। অৱশেষত মোদীৰ  জন্মদিনতে চিতা বাঘ  ভাৰতৰ অৰণ্যত এৰি দিয়া হৈছে।দক্ষিণ আফ্ৰিকাৰ পৰিৱেশ মন্ত্ৰালয়ৰ এটা প্ৰতিনিধি দল ইতিমধ্যে কুনো পালপুৰ ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈছে। তেওঁলোকে এই বিষয়ত গ্ৰহণ কৰা সকলো প্ৰস্তুতিৰ দিশ পৰ্যবেক্ষণ কৰি আছে। জানিব পৰা মতে অহা পাঁচ বছৰত ৫০ টা নাহৰফুটুকী বাঘ বাহিৰৰ পৰা  অনাৰ পৰিকল্পনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী