--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশৰ সৰ্বাধিক চৰ্চিত জনপ্ৰিয় প্ৰধানমন্ত্ৰীসকলৰ ভিতৰত অন্যতম হিচাবে পৰিগণিচ হোৱা নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰিত্বৰ কালত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেনে সিদ্ধান্ত সমূহৰ ভিতৰত কেইটামান সিদ্ধান্ত ইতিবাচক আৰু কেইটামান নেতিবাচক হিচাবে বিবেচিত হৈছে। মোদীৰ আমোলত ইতিবাচক বিবেচিত হোৱা দুটা সিদ্ধান্ত হ'ল—

কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল 
 মোদীৰ শাসনকালত দেশৰ ৰাজনৈতিক ইতিহাসত এক নজিৰ সৃষ্টি কৰি কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰা হয়।কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনৰ ৫ আগষ্টৰ দিনা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰে।৩৭০ অনুচ্ছেদটোৱে জন্মু আৰু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্য্যাদা প্ৰদান কৰি আহিছিল, যাৰ ভিত্তিত ৰাজ্যখনে সুকীয়া সংবিধান গ্ৰহণৰ সুবিধা পাইছিল আৰু ভাৰতৰ সংসদৰ আইন প্ৰণয়ন ক্ষমতাৰ বাহিৰত থকাৰ ক্ষমতা পাইছিল।
২০১৯ চনৰ ৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰী অমিত শ্বাহে উচ্চ সদনত (ৰাজ্যসভা) ঘোষণা কৰে যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অনুচ্ছেদ ৩৭০-অৰ অধীনত ৰাষ্ট্ৰপতীয় নিৰ্দেশ (presidential order) জাৰি কৰিছে, (যিটোৱে এই সংক্ৰান্তীয় ১৯৫৪ ৰাষ্ট্ৰপতীয় নিৰ্দেশটোৰ ঠাই ল’ব), যিটোত উল্লেখ কৰা হৈছে যে ভাৰতৰ সংবিধানখনৰ সকলো অনুচ্ছেদ জম্মু আৰু কাশ্মীৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। এ?আৰ ফলত কাশ্মীৰত দেশৰ যিকোনো লোকেই ভূ-সম্পত্তি ক্ৰয়ৰ লগতে অন্যান্য সুবিধাও পাব।

১৩৪ বছৰ পুৰণি অযোধ্যাৰ ৰাম জনমভূমি-বাবৰি মছজিদ বিবাদৰ সমাপ্তি

মোদীৰ শাসনকালতে ১৩৪ বছৰ পুৰণি অযোধ্যাৰ ৰাম জনমভূমি-বাবৰি মছজিদ ভূমি বিবাদৰ গোচৰত উচ্চতম ন্যায়ালয়ে ২০১৯ চনৰ ৯ নৱেম্বৰত  দিয়ে এক ঐতিহাসিক ৰায়।বিবাদিত উক্ত ভূমিৰ মালিকীস্বত্ত্ব লাভ কৰিলে ৰাম জনমভূমি ন্যাসে। অৱশ্যে, সেই ভূমিৰ তত্বাৱধান কৰিব এখন ট্ৰাষ্টে।মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ পাঁচজনীয়া বিচাৰকৰ এই সাংবিধানিক বিচাৰপীঠে এই বিবাদৰ সমাপ্তি ঘটাই ৰায়দান কৰে।ৰায়টোত কোৱা হৈছিলে  কোনো আস্থা বা ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি ৰায়টো দিয়া হোৱা নাই। একমাত্ৰ ভূমি আইনৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।ৰায়দানৰ পূৰ্বে অযোধ্যাৰ বিবাদিত ভূমিৰ দাবীদাৰ আছিল প্ৰধানকৈ চাৰিজন। ছিয়া ৱাকফ বোৰ্ড, ছুন্নী ৱাকফ বোৰ্ড, ৰাম জনমভূমি ন্যাস আৰু নিৰ্মোহী আখড়া। কিন্তু ৰায়দানৰ সময়ত উচ্চতম ন্যায়ালয়ে ছিয়া ৱাকফ বোৰ্ড আৰু নিৰ্মোহী আখড়াৰ দাবী নাকচ কৰে। উচ্চতম ন্যায়ালয়ে ১৯৯২ চনত বাবৰি মছজিদ ভঙা ঘটনাৰ নিন্দা কৰে। তদুপৰি, ১৯৪৯চনত অন্তৰ্ভাগত স্থাপন কৰা ৰামলালাৰ মূৰ্তি প্ৰতিষ্ঠাৰো নিন্দা কৰে। ১৩৪ বছৰ পুৰণি এই বিবাদৰ ৰায় প্ৰদান কৰাৰ পাছত স্বাভাৱিকতে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আটাইতকৈ চৰ্চিত ব্যক্তি হিচাপে পৰিগণিত হয়।

দুটা নেতিবাচক কথা

বিমুদ্ৰাকৰণ
২০১৬ চনৰ ৮ নৱেম্বৰত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰিছিল ৷ যাৰ লগে লগে সেইদিনাই মাজনিশাৰ পৰা ৫০০ আৰু ১০০০ নোট বিমুদ্ৰাকৰণ কৰা হয় । বিমুদ্ৰাকৰণৰ পিছত দেশত ধনৰ লেনদেনৰ ক্ষেত্ৰত বহুখিনি সাল-সলনি ঘটে ৷প্ৰধান মন্ত্ৰী মোদীয়ে দেশবাসীক হতবাক কৰি ৰাতি আকস্মিকভাৱে বিমুদ্ৰাকৰণ ঘোষণা কৰাৰ বিষয়টো সৰ্বাধিক চৰ্চিত বিষয় হৈ পৰে। বিমুদ্ৰাকৰণ আৰু জিএছটিৰ ফলত অসংগঠিত খণ্ডত হোৱা বৃহৎ ক্ষতিৰ প্ৰভাৱ লাহে লাহে পৰিবলৈ আৰম্ভ কৰিছে।সাধাৰণ লোকৰ হাতত নগদ ধনৰ যোগান কমি যোৱাৰ ফলত বজাৰত চাহিদা হ্ৰাস পাইছিল। স্বাভাৱিকতেই চাহিদা হ্ৰাস পোৱাৰ ফলত ডাঙৰ ডাঙৰ সংস্থাবোৰে উৎপাদন হ্ৰাস কৰিবলগীয়া হৈছিল। তাৰ প্ৰভাৱ আজিও বিদ্যমান।বিমুদ্ৰাকৰণৰ ফলত সাধাৰণ শ্ৰেণীৰ লোকে চাকৰি হেৰুৱাবলগীয়া হৈছে। ক্ষুদ্ৰ দোকানী-ব্যৱসায়ীসকলো বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে।

এনে এক পৰিস্থিতিৰ পৰা পৰিত্ৰাণৰ বাবে চৰকাৰৰ কোনো ভূমিকা দেখা যোৱা নাই বা কোনো উদ্যোগ গ্ৰহণৰ প্ৰচেষ্টা চকুত পৰা নাই। বৰঞ্চ শাসকীয় পক্ষই অৰ্থনৈতিক মন্দাৱস্থাৰ কথা অস্বীকাৰ কৰাৰ চেষ্টাহে চলাই আহিছে।২০১১-১২ বিত্তবৰ্ষৰ পৰা ২০১৭-১৮ বিত্তবৰ্ষ পৰ্যন্ত দেশখনত প্ৰায় ৯০ লাখ সংস্থাপনৰ সুযোগ হ্ৰাস পাইছে।
অৰ্থনীতিবিদ সকলৰ দাবী যে যিধৰণে লোকে চাকৰি হেৰুৱাব আৰম্ভ কৰিছে সেয়া ৰোধ নহ’লে অৰ্থনীতি মূৰ দাঙি উঠাটো জটিল হৈ পৰিব।

চিবিআই-ইডিৰ দৰে সংস্থাৰ ওপৰত অত্যধিক নিয়ন্ত্ৰণ

মোদীৰ প্ৰধানমন্ত্ৰিত্বৰ কালতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই-ইডিৰ দৰে সংস্থাৰ ওপৰত অত্যধিক চৰকাৰী নিয়ন্ত্ৰণৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰে বিৰোধী দলৰ নেতা-কৰ্মীৰ বিৰুদ্ধে হকে বিহকে চিবিআই-ইডিক ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। এনে পৰিস্থিতিত আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে  কৈছিল যে প্ৰতিদিনে পুৱা কেন্দ্ৰই সাৰ পোৱাৰ পিছতে “চিবিআই-ইডিৰ খেল” আৰম্ভ কৰে।
কেজৰিৱালৰ মতে  “যিটো সময়ত সাধাৰণ মানুহে মুদ্ৰাস্ফীতিৰ সৈতে যুঁজি আছে আৰু কোটি কোটি যুৱক-যুৱতী নিবনুৱা হৈ আছে, কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য চৰকাৰৰ সৈতে মিলি নিবনুৱা আৰু মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজ দিয়া উচিত। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে সমগ্ৰ দেশৰ সৈতে যুঁজ দি আছে।''

 জ্যেষ্ঠ কংগ্ৰেছ নেতা ছলমান খুৰ্ছিদেও  পৰামৰ্শ দিছিল যে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ’ (চিবিআই) আৰু প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি)এটা স্বতন্ত্ৰ সংস্থালৈ আহিব লাগে।খুৰ্ছিদৰ মতে ‘কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহে (ইডি, চিবিআই) এটা স্বতন্ত্ৰ ছাতিৰ তললৈ আহিব লাগে’, দেশৰ মুখ্য ন্যায়াধীশেও এইটো কথাকে কৈছিল। লগতে তেওঁ কয় যে, বিজেপিয়ে দেশৰ বিৰোধী শিবিৰক মষিমূৰ কৰিব বিচাৰিছে, লগতে তেওঁলোকে দেশত একনায়কত্ববাদ প্ৰতিষ্ঠা কৰিব বিচাৰিছে।'

আনকি ভাৰতৰ সদ্য অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ (চিজেআই) এনভি ৰমনায়ো। চিবিআই-ইডিৰ দৰে সংস্থাৰ ওপৰত অত্যধিক নিয়ন্ত্ৰণ হ্ৰাসৰ কথা কৈছিল। ৰমনাই এক মন্তব্যই আলোড়নৰ সৃষ্টি কৰিছিল তেওঁ কৈছিল যে চিবিআইৰ বিশ্বাস যোগ্যতা সময়ৰ লগে লগে হেৰুৱাব লৈছে কিয়নো ইয়াৰ কাৰ্য-কলাপ আৰু নিষ্ক্ৰিয়তাই কিছুমান ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
টেক্সাছৰ বান : মৃতকৰ সংখ্যা ৮২ লৈ বৃদ্ধি
এমাহৰ ভিতৰতে তিনিটাকৈ চুৰিকাণ্ড কংগ্ৰেছী বিধায়কৰ ঘৰত
আমেৰিকা-বিৰোধী নীতিক সমৰ্থন কৰিলে অতিৰিক্ত ১০% শুল্ক আৰোপ কৰিব ট্রাম্পে
আৰ টি আই কৰ্মী দিলীপ নাথৰ বাসগৃহৰ পৰা জব্দ বৃহৎ পৰিমাণৰ মূল্যবান কাঠ
বাৰিষা বাঢ়িছে নেকি সাপৰ উপদ্ৰৱ? ঘৰত সাপ ওলালে এইদৰে আঁতৰাওক
পত্নীৰ নিৰ্যাতনৰ বলি হৈ এজন স্বামীয়ে বিচাৰিছে ইচ্ছামৃত্যু
পথাৰত অচেতন অৱস্থাত উদ্ধাৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ বিমল লাক্ৰা
হাতীশিলাত চাঞ্চল্যকৰ ঘটনা! কোনো দুৰ্বৃত্তই ৰে'লৰ পৰা পেলাই থৈ যায় মাতৃসহ দুই শিশুক
হিজাব, বোর্খা নিষিদ্ধ হ'ব কাজাখস্তানত
চিলাপথাৰত লাভ জেহাদৰ ঘটনা ; ধৰ্ষণ কৰি পেলাই থৈ গ'ল নাবালিকাক
শ্বাসৰুদ্ধ হোৱা পীড়িতাক ইনহেলাৰ দি কৰিছিল বলাৎকাৰ
হাই প্ৰেছাৰতকৈ ল ’ প্ৰেছাৰ বেছি বিপজ্জনক
আই লাভ ইউ বুলি কোৱাটো অপৰাধ নেকি ? বোম্বে উচ্চ ন্যায়ালয়ৰ দিলে ঐতিহাসিক ৰায়
ৰাজ্যজুৰি গো মাংসৰ বজাৰ উৎখাত