--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
দেশত দৈনিক বৃদ্ধি পাইছে নাৰীৰ বিৰুদ্ধে অপৰাধৰ হাৰ৷ এতিয়া প্ৰতিটো পুৱাৰ বাতৰি আৰম্ভ হয় ধৰ্ষণৰ খবৰৰে৷ খেৰিৰ লোমহৰ্ষক ধৰ্ষণকাণ্ডৰ চাঞ্চল্য মাৰ নাযাওঁতেই পোহৰলৈ আহিছে গুৰগাঁৱৰ আন এক দলবদ্ধ ধৰ্ষণকাণ্ডৰ খবৰ৷ 

খবৰ অনুসৰি গুৰগাৱৰ এগৰাকী  কিশোৰীক প্ৰায় দহ-পোন্ধৰজন লোকে দলবদ্ধভাৱে ধৰ্ষণ কৰিছে৷ কিশোৰী গৰাকীৰ বয়স মাত্ৰ চৈধ্য বছৰ।গুৰগাৱৰ এখন স্পাত এই ধৰ্ষণকাণ্ড সংঘটিত হৈছে৷  কিশোৰীগৰাকীয়ে জনোৱা মতে , তেওঁ কিছুদিন পূৰ্বে এগৰাকী মহিলাক এটি চাকৰি বিচাৰি অনুৰোধ কৰিছিল৷ মহিলাগৰাকীয়ে কিশোৰীগৰাকীক এজন আত্মীয়ৰ মালিকানাধীন স্পাত চাকৰি দিছিল৷  
চাকৰিৰ প্ৰথম দিনটোতে কিশোৰীগৰাকীক  প্ৰথম  এটা কোঠালৈ মাতি অনা হৈছিল আৰু এজন পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিবলৈ বাধ্য কৰা হৈছিল। কিশোৰীগৰাকীয়ে  অভিযোগ কৰিছিল যে সেই  একেটা কোঠাতে তেওঁক  ধৰ্ষণ কৰা হৈছিল। যেতিয়া তেওঁ  চাকৰি এৰি যোৱাৰ ভাবুকি দিছিল ,তেতিয়া  যৌন নিৰ্যাতনৰ এটা ভিডিঅ' ভাইৰেল কৰাৰ  ভাবুকি দিয়া হৈছিল।

ভিডিঅ’ ভাইৰেল হ’ব বুলি ভীতিগ্ৰস্থ হৈ পৰৱৰ্তী ৪-৫ দিনলৈ স্পাখনলৈ যাবলৈ বাধ্য হৈছিল কিশোৰীগৰাকী৷ প্ৰত্যেক দিনাই ১০-১৫ জন লোকে ধৰ্ষণ কৰিছিল কিশোৰীগৰাকীক৷ আনকি স্পাখনলৈ যোৱা বন্ধ কৰাত এখন হোটেললৈ মাতি নি উপৰ্যুপৰি প্ৰহাৰ কৰা হৈছিল কিশোৰীগৰাকীক ৷ 

কিছুদিন পিছতহে কিশোৰীগাৰীয়ে সাহস গোটাই আৰক্ষীৰ কাষ চাপিছিল৷ লগতে স্পাখনলৈ যোৱাও বন্ধ কৰিছিল৷ আই পি চিৰ ধাৰা ৩২৩ (স্বেচ্ছাই আঘাত কৰা), ৩৪(উমৈহতীয়া উদ্দেশ্য), ৩৭৬ ডি (দলবদ্ধ ধৰ্ষণ), ৫০৬ (অপৰাধমূলক ভাবুকি) ধাৰাৰ অধীনত সৰ্বমহিলা আৰক্ষী থানাত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ