--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
দেশত দৈনিক বৃদ্ধি পাইছে নাৰীৰ বিৰুদ্ধে অপৰাধৰ হাৰ৷ এতিয়া প্ৰতিটো পুৱাৰ বাতৰি আৰম্ভ হয় ধৰ্ষণৰ খবৰৰে৷ খেৰিৰ লোমহৰ্ষক ধৰ্ষণকাণ্ডৰ চাঞ্চল্য মাৰ নাযাওঁতেই পোহৰলৈ আহিছে গুৰগাঁৱৰ আন এক দলবদ্ধ ধৰ্ষণকাণ্ডৰ খবৰ৷ 

খবৰ অনুসৰি গুৰগাৱৰ এগৰাকী  কিশোৰীক প্ৰায় দহ-পোন্ধৰজন লোকে দলবদ্ধভাৱে ধৰ্ষণ কৰিছে৷ কিশোৰী গৰাকীৰ বয়স মাত্ৰ চৈধ্য বছৰ।গুৰগাৱৰ এখন স্পাত এই ধৰ্ষণকাণ্ড সংঘটিত হৈছে৷  কিশোৰীগৰাকীয়ে জনোৱা মতে , তেওঁ কিছুদিন পূৰ্বে এগৰাকী মহিলাক এটি চাকৰি বিচাৰি অনুৰোধ কৰিছিল৷ মহিলাগৰাকীয়ে কিশোৰীগৰাকীক এজন আত্মীয়ৰ মালিকানাধীন স্পাত চাকৰি দিছিল৷  
চাকৰিৰ প্ৰথম দিনটোতে কিশোৰীগৰাকীক  প্ৰথম  এটা কোঠালৈ মাতি অনা হৈছিল আৰু এজন পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিবলৈ বাধ্য কৰা হৈছিল। কিশোৰীগৰাকীয়ে  অভিযোগ কৰিছিল যে সেই  একেটা কোঠাতে তেওঁক  ধৰ্ষণ কৰা হৈছিল। যেতিয়া তেওঁ  চাকৰি এৰি যোৱাৰ ভাবুকি দিছিল ,তেতিয়া  যৌন নিৰ্যাতনৰ এটা ভিডিঅ' ভাইৰেল কৰাৰ  ভাবুকি দিয়া হৈছিল।

ভিডিঅ’ ভাইৰেল হ’ব বুলি ভীতিগ্ৰস্থ হৈ পৰৱৰ্তী ৪-৫ দিনলৈ স্পাখনলৈ যাবলৈ বাধ্য হৈছিল কিশোৰীগৰাকী৷ প্ৰত্যেক দিনাই ১০-১৫ জন লোকে ধৰ্ষণ কৰিছিল কিশোৰীগৰাকীক৷ আনকি স্পাখনলৈ যোৱা বন্ধ কৰাত এখন হোটেললৈ মাতি নি উপৰ্যুপৰি প্ৰহাৰ কৰা হৈছিল কিশোৰীগৰাকীক ৷ 

কিছুদিন পিছতহে কিশোৰীগাৰীয়ে সাহস গোটাই আৰক্ষীৰ কাষ চাপিছিল৷ লগতে স্পাখনলৈ যোৱাও বন্ধ কৰিছিল৷ আই পি চিৰ ধাৰা ৩২৩ (স্বেচ্ছাই আঘাত কৰা), ৩৪(উমৈহতীয়া উদ্দেশ্য), ৩৭৬ ডি (দলবদ্ধ ধৰ্ষণ), ৫০৬ (অপৰাধমূলক ভাবুকি) ধাৰাৰ অধীনত সৰ্বমহিলা আৰক্ষী থানাত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু