--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : তুলসীৰ লগত কলপটুৱায়ো মুক্তি লভাৰ দৰে উত্তৰ পূবৰ আন ৰাজ্যবোৰৰ সংগ্ৰামৰ ফলতে অসমেও আফস্পাৰ দৰে ক’লা আইনৰ বোজাৰ পৰা আংশিক মুক্তি পাবলৈ সক্ষম হ’ল। কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে উত্তৰ পূবৰ চাৰিখন ৰাজ্য তথা অসমৰো ২৪ খন জিলাৰ পৰা আফস্পা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইট কৰি এই আইনৰ পৰিসৰ হ্ৰাসৰ কথা ঘোষণা কৰিছে।

কেন্দ্ৰৰ এই সিদ্ধান্তৰ পাছতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসমৰ মু্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কৈছে যে,  এয়া ভাৰত চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত। অসমত ১৯৯০ চনৰ পৰা AFSPA বলবৎ হৈ আহিছিল ৬০ বাৰ ৬ মাহ ৬ মাহকৈ AFSPAৰ সময়সীমা বৃদ্ধি কৰিছিল কেন্দ্ৰই। কালি  নিশা ১২ বজাৰ পৰাই প্ৰত্যাহাৰৰ সিদ্ধান্ত কাৰ্যকৰী হৈছে। এনে সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। শান্তিৰ হকে নিজকে উৎসৰ্গা কৰিবলৈও ৰাজ্যবাসীক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। আনহাতে, AFSPA বলবৎ হৈ থকা সময়ছোৱাত আৰক্ষী-সেনা-অৰ্ধ সামৰিক বাহিনীৰ জোৱানৰ সাহসিক কাম-কাজৰ শলাগ লয় মুখ্যমন্ত্ৰীয়ে আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপনো কৰে। আনহাতে AFSPA ৰ সময়ত যিসকল নিৰীহ লোকৰ প্ৰাণহানি হৈছে সেইবোৰ লোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। ইফালে, আলফাকো শান্তি প্ৰক্ৰিয়াত জড়িত হোৱাৰ আহ্বান জনাইছে মু্খ্যমন্ত্ৰীয়ে।

এতিয়া কথা হৈছে যে, মুখ্যমন্ত্ৰীয়ে এই আইন বাতিলৰ বাবে কেন্দ্ৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তাৰ কৃতিত্বৰ ভাগ লোৱা দেখা গৈছে। কিন্ত কেন্দ্ৰৰ এই পদক্ষেপত বাবে অসম চৰকাৰৰ কিবা ভূমিকা আছে জানো? ইয়াৰ স্পষ্ট উত্তৰ হৈছে কোনো ভূমিকা নাই। কিয়নো কিছুদিন আগলৈকে অসমত এই আইন বলৱৎ হৈ থকাৰ সপক্ষে মত পোষণ কৰিছিল মু্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসমৰ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে, অসমত শেষগৰাকী উগ্ৰপন্থী থকালৈকে এই আইন বলৱৎ হৈ থাকিব।

নগালেণ্ডৰ মন জিলাত হোৱা সেনাৰ ভয়ংকৰ সন্ত্ৰাসে ১৪জনকৈ নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱাৰ পাছত সমগ্ৰ উত্তৰ পূবতে যেতিয়া এই আইনৰ বিৰুদ্ধে গৰ্জন শুনিবলৈ পোৱা গৈছিল সেই সময়তো অসমৰ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে, অসমত শেষগৰাকী উগ্ৰপন্থী থকালৈকে এই আইন বলৱৎ হৈ থাকিব। যিসময়ত নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ দৰে নেতাই এই আইন প্ৰত্যাহাৰ কৰাৰ বাবে কঠোৰ ভূমিকা গ্ৰহণ কৰিছিল, নগালেণ্ডৰ দল-সংগঠনে সেনাৰ বিৰুদ্ধে অসহযোগ ঘোষণা কৰিছিল সেই সময়তে অসমত তেনে প্ৰতিবাদৰ ধ্বনি শুনিবলৈ পোৱা হোৱা নাছিল। আনকি নগালেণ্ড বিধানসভাত আফস্পাৰ বিৰুদ্ধে সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। আন আন ৰাজ্যৰ শাসকীয় পক্ষয়ো এই আইনৰ বিৰুদ্ধে প্ৰতিবাদী ভূমিকা গ্ৰহণ কৰিছিল। তাৰ ফলতে কেন্দ্ৰই এই আইন সম্পৰ্কত নতুনকৈ চিন্তা কৰিবলৈ বাধ্য হৈ পৰে। শেহতীয়া এই পদক্ষেপো এই প্ৰতিবাদৰে ফল বুলি চিহ্নিত হৈছে। কিন্তু তাৎপৰ্যপূৰ্ণভাৱেই এই আইন প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত অসমৰ ভূমিকা আছিল অতি দুৰ্বল।


উল্লেখ্য যে, অসমকে ধৰি উত্তৰ পূবৰ ৰাইজে আফস্পা প্ৰত্যাহাৰৰ বাবে বিভিন্ন সময়ত দাবী জনাই আহিছিল। তাৰ মূল কাৰণ আছিল এই আইনৰ গইনা লৈ উত্তৰ পূবত বিভিন্ন সময়ত সামৰিক বাহিৰ দ্বাৰা সংঘটিত কৰা হৈছিল অপৰাধ। নানা নিৰ্যাতনৰ সন্মুখীন হবলগীয়া হৈছিল এই আইনে সামৰিক বাহিনীক দিয়া অবাধ স্বাধীনতাৰ বাবেই। কিন্তু নগালেণ্ডৰ মন জিলাৰ ওটিঙত সংঘটিত নৃশংস হত্যালীলাৰ পাছত সামৰিক বাহিনীৰ এই বিশেষ ক্ষমতা কৰ্তনৰ দাবী অধিক তীব্ৰ হৈ উঠিছিল। এইক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅই। তাৰ পাছতে কেন্দ্ৰই এই আইন সন্দৰ্ভত কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰে।

বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অশান্ত বুলি চিহ্নিত কৰি অহা উত্তৰ পূবৰ ভালেমান অংশৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰাৰ কথা প্ৰকাশ কৰে। অসমৰো ২৩খন জিলাৰ পৰা সম্পূৰ্ণৰূপে আৰু এখন জিলাৰ পৰা আংশিকভাৱে এই আইন প্ৰত্যাহাৰ হৈছে। কেন্দ্ৰৰ সিদ্ধান্ত অনুসৰি ধেমাজি, লখিমপুৰ, মাজুলী, বিশ্বনাথ, শোণিতপুৰ, নগাঁও, হোজাই, মৰিগাঁও, কামৰূপ(মঃ), দৰং, কামৰূপ(গ্ৰাঃ), নলবাৰী, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, চিৰাং, বাকসা, ওদালগুৰি, কৰিমগঞ্জ, হাইলাকান্দিৰ পৰা সম্পূৰ্ণৰূপে বাতিল হৈছে আফস্পা। আনহাতে কাছাৰৰ লক্ষীপুৰত এতিয়াও এই আইন বলৱত হৈ থাকিব।

অসমৰ যি ৯খন জিলাত আফস্পা বলৱত হৈ থাকিব সেইকেইখন হৈছে ক্ৰমে, পশ্চিম কাৰ্বি আংলং, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, চৰাইদেউ, শিৱসাগৰ, গোলাঘাট আৰু কাছাৰ জিলাৰ লক্ষীপুৰত। বাকী জিলাবোৰৰ পৰা সেনা প্ৰত্যাহাৰ কৰা হব যদিও এই জিলাকেইখনত ইউনিফাইড কমাণ্ডৰ অভিযান চলি থাকিব।

উল্লেখ্য যে, এতিয়া কেৱল উত্তৰ পূবৰ কেৱল  চাৰিখন ৰাজ্যৰ ৩১ খন জিলাত সম্পূৰ্ণকৈ আৰু আংশিকভাৱে ১২খন জিলাত প্ৰযোজ্য হৈ থাকিব। অসম, নাগালেণ্ড, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ এই জিলাকেইখন থাকিব আফস্পাৰ অধীনত। এই চাৰিখন ৰাজ্য মুঠ ৯০ খন জিলাৰে গঠিত। সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৮৫৮, মেঘালয়ৰ পৰা ২০১৮চনত, ২০১৫ চনত ত্ৰিপুৰাৰ পৰা আৰু ১৯৮০ৰ দশকতে মিজোৰামত সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?