--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ৰাজস্থানৰ দৌচাত এগৰাকী মহিলা চিকিৎসকে আত্মহত্যা কৰাৰ পাছৰেপৰা সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। মহিলা চিকিৎসকৰ আত্মহত্যাত উদগনি দিয়াৰ অপৰাধত ৰাজস্থান আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল ৰাজ্যিক বিজেপিৰ সম্পাদক আৰু আন এজন লোকক৷ অৱশ্যে বিজেপি নেতাজনে এই অভিযোগবোৰ অস্বীকাৰ কৰিছে আৰু কৈছে যে, তেওঁক এটা মিছা গোচৰত জড়িত কৰা হৈছে।

ইফালে, এই ঘটনাৰ অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ব্যক্তিগত চিকিৎসালয় আৰু নাৰ্ছিং হোমসমূহে ৰাজ্যজুৰি সকলো নিয়মীয়া সেৱা স্থগিত ৰাখিছে। মহিলা চিকিৎসগৰাকীৰ নাম আছিল অৰ্চনা শৰ্মা। ঘটনা অনুসৰি ২২ বছৰীয়া এগৰাকী মহিলা প্ৰসৱৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈছিল কিন্তু অত্যধিক ৰক্তচাপৰ ফলত প্ৰসূতিগৰাকীৰ মৃত্যু ঘটে৷

মহিলা চিকিৎসকগৰাকীৰ স্বামীয়ে বুধবাৰে এটা ভিডিঅ’ বাৰ্তাত অভিযোগ কৰিছিল যে তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু হোৱাৰ পাছত তেওঁ যথেষ্ট ভয় খাইছিল আৰু কৈছিল যে ইয়াৰ আঁৰত জ্যেষ্ঠ বিজেপি নেতা জড়িত আছিল। মঙলবাৰে যেতিয়া ৰোগীৰ পৰিয়ালে চিকিৎসকগৰাকীৰ মৃত্যুৰ পাছত প্ৰতিবাদ কৰিছিল তেতিয়া ৰাজ্যিক বিজেপিৰ সম্পাদক জীতেন্দ্ৰ গোঠৱাল উপস্থিত আছিল।

আৰক্ষীয়ে কৈছিল যে গোথৱাল আৰু ৰাম মনোহৰ নামৰ আন এজন ব্যক্তিৰ বিৰুদ্ধে আইপিচি ধাৰা ৩০৬ (আত্মহত্যাৰ প্ৰৰোচনা), ৩৮৪ আৰু ৩৮৮ (ধন দাবী)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গোথৱালে টুইট কৰিছিল, ‘বুধবাৰে নিশা আৰক্ষীয়ে মোক জয়পুৰৰ মোৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ আহিছিল। ড০ অৰ্চনা শৰ্মাৰ আত্মহত্যাৰ বাবে মোৰ বিৰুদ্ধে আইপিচি ৩০৬ৰ অধীনত এটা মিছা গোচৰ ৰুজু কৰা হৈছে। এয়া কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীলৈ ৰে'লৰ টিকট প্ৰেৰণ কৰাৰ প্ৰতিশোধ।’

গোথৱালে দেওবাৰে প্ৰিয়ংকা গান্ধীৰ বাবে ৰে’লৰ টিকট বুক কৰিছিল আৰু তেওঁক এজন কংগ্ৰেছ বিধায়কৰ পুত্ৰৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰক। ইফালে, ব্যক্তিগত চিকিৎসালয় আৰু নাৰ্ছিং হোমসমূহক প্ৰতিনিধিত্ব কৰা সংগঠন এটাৰ সম্পাদক ড০ বিজয় কাপুৰে কয় যে অ’পিডি সেৱা আৰু অস্ত্ৰোপচাৰকে ধৰি সকলো নিয়মীয়া কাম ৰাজ্যজুৰি স্থগিত ৰখা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন