--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ৰাজস্থানৰ দৌচাত এগৰাকী মহিলা চিকিৎসকে আত্মহত্যা কৰাৰ পাছৰেপৰা সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। মহিলা চিকিৎসকৰ আত্মহত্যাত উদগনি দিয়াৰ অপৰাধত ৰাজস্থান আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল ৰাজ্যিক বিজেপিৰ সম্পাদক আৰু আন এজন লোকক৷ অৱশ্যে বিজেপি নেতাজনে এই অভিযোগবোৰ অস্বীকাৰ কৰিছে আৰু কৈছে যে, তেওঁক এটা মিছা গোচৰত জড়িত কৰা হৈছে।

ইফালে, এই ঘটনাৰ অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ব্যক্তিগত চিকিৎসালয় আৰু নাৰ্ছিং হোমসমূহে ৰাজ্যজুৰি সকলো নিয়মীয়া সেৱা স্থগিত ৰাখিছে। মহিলা চিকিৎসগৰাকীৰ নাম আছিল অৰ্চনা শৰ্মা। ঘটনা অনুসৰি ২২ বছৰীয়া এগৰাকী মহিলা প্ৰসৱৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈছিল কিন্তু অত্যধিক ৰক্তচাপৰ ফলত প্ৰসূতিগৰাকীৰ মৃত্যু ঘটে৷

মহিলা চিকিৎসকগৰাকীৰ স্বামীয়ে বুধবাৰে এটা ভিডিঅ’ বাৰ্তাত অভিযোগ কৰিছিল যে তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু হোৱাৰ পাছত তেওঁ যথেষ্ট ভয় খাইছিল আৰু কৈছিল যে ইয়াৰ আঁৰত জ্যেষ্ঠ বিজেপি নেতা জড়িত আছিল। মঙলবাৰে যেতিয়া ৰোগীৰ পৰিয়ালে চিকিৎসকগৰাকীৰ মৃত্যুৰ পাছত প্ৰতিবাদ কৰিছিল তেতিয়া ৰাজ্যিক বিজেপিৰ সম্পাদক জীতেন্দ্ৰ গোঠৱাল উপস্থিত আছিল।

আৰক্ষীয়ে কৈছিল যে গোথৱাল আৰু ৰাম মনোহৰ নামৰ আন এজন ব্যক্তিৰ বিৰুদ্ধে আইপিচি ধাৰা ৩০৬ (আত্মহত্যাৰ প্ৰৰোচনা), ৩৮৪ আৰু ৩৮৮ (ধন দাবী)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গোথৱালে টুইট কৰিছিল, ‘বুধবাৰে নিশা আৰক্ষীয়ে মোক জয়পুৰৰ মোৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ আহিছিল। ড০ অৰ্চনা শৰ্মাৰ আত্মহত্যাৰ বাবে মোৰ বিৰুদ্ধে আইপিচি ৩০৬ৰ অধীনত এটা মিছা গোচৰ ৰুজু কৰা হৈছে। এয়া কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীলৈ ৰে'লৰ টিকট প্ৰেৰণ কৰাৰ প্ৰতিশোধ।’

গোথৱালে দেওবাৰে প্ৰিয়ংকা গান্ধীৰ বাবে ৰে’লৰ টিকট বুক কৰিছিল আৰু তেওঁক এজন কংগ্ৰেছ বিধায়কৰ পুত্ৰৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰক। ইফালে, ব্যক্তিগত চিকিৎসালয় আৰু নাৰ্ছিং হোমসমূহক প্ৰতিনিধিত্ব কৰা সংগঠন এটাৰ সম্পাদক ড০ বিজয় কাপুৰে কয় যে অ’পিডি সেৱা আৰু অস্ত্ৰোপচাৰকে ধৰি সকলো নিয়মীয়া কাম ৰাজ্যজুৰি স্থগিত ৰখা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ