--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
পিতৃ-মাতৃক অগ্ৰাহ্য কৰি আফতাবৰ সৈতে সহবাস কৰিলেও দুবছৰ ধৰি দুয়োৰে  সম্পৰ্ক কিছু অৱনতি ঘটিছিল৷আফতাবৰ জেৰা প্ৰক্ৰিয়া আগবঢ়াৰ লগে-লগে এই কথা স্পষ্ট হৈ পৰিছে৷ বৰ্তমান চৰ্চালৈ আহিছে শ্ৰদ্ধাৰ এটা হোৱাটছএপ কথোপকথন৷প্ৰায়েই আফতাবৰ আতিশয্যৰ বলি হৈছিল শ্ৰদ্ধা৷এই কথা টীম মেনেজাৰক  জনাইছিল শ্ৰদ্ধাই ৷

শ্ৰদ্ধাই  জনাইছে যে আফতাবে তেওঁক মাৰপিটো  কৰিছিল।সমান্তৰালভাৱে মুখত আঘাতৰ চিন স্পষ্ট হৈ থকা শ্ৰদ্ধাৰ এখন ফটোও প্ৰকাশ পাইছে৷ 
আফতাবে মাৰ-পিট কৰাৰ কথা শ্ৰদ্ধাই প্ৰকাশ কৰিছিল কৰণ ভক্কী নামৰ ব্যক্তিজনৰ সৈতে। এই কথোপকথনটি ২৪ নৱেম্বৰ ২০২০ৰ। 

এই কথোপকথনত শ্ৰদ্ধাই উল্লেখ কৰিছে যে  ‘আজি কাম কৰিব নোৱাৰিম কাৰণ কালিৰ কাজিয়াৰ বাবে বোধহয় মোৰ বি পি কমিছে আৰু শৰীৰত বিষ হৈছে। বিচনাৰ পৰা উঠিবলৈও শক্তি  নাই। মইও বিচাৰো যে তেওঁ গুচি যাওক৷ ”

 ২০২০ চনত  আফতাবে তেওঁক প্ৰহাৰ কৰাৰ বাবে   শ্ৰদ্ধাক ৩ দিন চিকিৎসালয়ত ভৰ্তি কৰোৱাও হৈছিল৷  শ্ৰদ্ধাৰ বন্ধুসকলে এই অভিযোগ উত্থাপন কৰিছে। 

শ্ৰদ্ধাৰ এজন বন্ধুয়ে জনোৱা মতে আফতাবৰ আক্ৰমণৰ বাবে কেৱল চিকিৎসালয়লৈ নহয়, আৰক্ষী চকীলৈও গৈছিল শ্ৰদ্ধা৷ কিন্তু আৰক্ষীৰ কাষ চাপিলেই  আত্মহত্যাৰ ভাবুকিৰে আফতাবে ঘৰলৈ ঘূৰাই আনিছিল শ্ৰদ্ধাক৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু