--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
পিতৃ-মাতৃক অগ্ৰাহ্য কৰি আফতাবৰ সৈতে সহবাস কৰিলেও দুবছৰ ধৰি দুয়োৰে  সম্পৰ্ক কিছু অৱনতি ঘটিছিল৷আফতাবৰ জেৰা প্ৰক্ৰিয়া আগবঢ়াৰ লগে-লগে এই কথা স্পষ্ট হৈ পৰিছে৷ বৰ্তমান চৰ্চালৈ আহিছে শ্ৰদ্ধাৰ এটা হোৱাটছএপ কথোপকথন৷প্ৰায়েই আফতাবৰ আতিশয্যৰ বলি হৈছিল শ্ৰদ্ধা৷এই কথা টীম মেনেজাৰক  জনাইছিল শ্ৰদ্ধাই ৷

শ্ৰদ্ধাই  জনাইছে যে আফতাবে তেওঁক মাৰপিটো  কৰিছিল।সমান্তৰালভাৱে মুখত আঘাতৰ চিন স্পষ্ট হৈ থকা শ্ৰদ্ধাৰ এখন ফটোও প্ৰকাশ পাইছে৷ 
আফতাবে মাৰ-পিট কৰাৰ কথা শ্ৰদ্ধাই প্ৰকাশ কৰিছিল কৰণ ভক্কী নামৰ ব্যক্তিজনৰ সৈতে। এই কথোপকথনটি ২৪ নৱেম্বৰ ২০২০ৰ। 

এই কথোপকথনত শ্ৰদ্ধাই উল্লেখ কৰিছে যে  ‘আজি কাম কৰিব নোৱাৰিম কাৰণ কালিৰ কাজিয়াৰ বাবে বোধহয় মোৰ বি পি কমিছে আৰু শৰীৰত বিষ হৈছে। বিচনাৰ পৰা উঠিবলৈও শক্তি  নাই। মইও বিচাৰো যে তেওঁ গুচি যাওক৷ ”

 ২০২০ চনত  আফতাবে তেওঁক প্ৰহাৰ কৰাৰ বাবে   শ্ৰদ্ধাক ৩ দিন চিকিৎসালয়ত ভৰ্তি কৰোৱাও হৈছিল৷  শ্ৰদ্ধাৰ বন্ধুসকলে এই অভিযোগ উত্থাপন কৰিছে। 

শ্ৰদ্ধাৰ এজন বন্ধুয়ে জনোৱা মতে আফতাবৰ আক্ৰমণৰ বাবে কেৱল চিকিৎসালয়লৈ নহয়, আৰক্ষী চকীলৈও গৈছিল শ্ৰদ্ধা৷ কিন্তু আৰক্ষীৰ কাষ চাপিলেই  আত্মহত্যাৰ ভাবুকিৰে আফতাবে ঘৰলৈ ঘূৰাই আনিছিল শ্ৰদ্ধাক৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক