--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ শিহৰণকাৰী নিৰ্ভয়া কাণ্ডৰ যেন পুনৰাবৃত্তি ঘটিল।নিশা চলন্ত গাড়ীৰ ভিতৰত এইবাৰ এগৰাকী  ১৯ বছৰীয়া মডেলক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। এইবাৰ ঘটনাৰ স্থান কেৰালাৰ কোচি। জানিব পৰা মতে যোৱা নিশা মডেলগৰাকীয়ে  এখন বাৰলৈ মদ্যপান কৰিবলৈ গৈছিল গৈছিল।

তাৰ পৰা ঘৰলৈ উভতি যাওঁতে যুৱতীগৰাকীক  এখন গাড়ীত দলবদ্ধভাবে ধৰ্ষণ কৰা হয়। ঘটনাসন্দৰ্ভত আৰক্ষীয়ে তিনিজন যুৱক আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে।  কেৰালাৰ কোচিত চলন্ত গাড়ীত এগৰাকী ১৯ বছৰীয়া মডেলক দলবদ্ধ ধৰ্ষণ কৰাৰ ঘটনাই এতিয়া তাব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

সংবাদ সংস্থাৰ বাতৰি অনুসৰি যুৱতীগৰাকীয়ে কোচিৰ এখন বাৰলৈ গৈছিল আৰু তাত অত্যধিক সুৰাপান কৰিছিল।নিশা তেওঁ  গাড়ীৰ বাবে  অপেক্ষা কৰি আছিল। সেই সময়তে  অভিযুক্ত কেইজনে  তেওঁক ঘৰত থৈ আহিব বুলি কৈ নিজৰ বাহনত তুলি লৈছিল।

অভিযোগ অনুসৰি গাড়ীত উঠাৰ পিছত যুৱককেইজনে যুৱতীগৰাকীক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত তেওঁক  দলবদ্ধ ধৰ্ষণ কৰা হয়। অভিযুক্তকেইজনে  ছোৱালীজনীক নিশা ঘৰৰ ওচৰতে এঠাইত পেলাই থৈ যায়। অৱশেষত মডেলগৰাকীক তেওঁৰ  ৰুমমেটে  উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি ছোৱালীজনীৰ শৰীৰত আঘাতৰ চিহ্ন আছে। তেওঁ বৰ্তমান এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনাটো চিকিৎসালয়ে  আৰক্ষীক জনাইছিল। ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩৭০ আৰু ৩৭৬ ধাৰাৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

এই ঘটনাৰ পিছতে ৰাজ্যখনৰ স্বাস্থ্য, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী বীণা গাৰ্গে কয়, "এয়া এক নিন্দনীয় ঘটনা। অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মই ছোৱালীজনীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছো। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক