--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ শিহৰণকাৰী নিৰ্ভয়া কাণ্ডৰ যেন পুনৰাবৃত্তি ঘটিল।নিশা চলন্ত গাড়ীৰ ভিতৰত এইবাৰ এগৰাকী  ১৯ বছৰীয়া মডেলক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। এইবাৰ ঘটনাৰ স্থান কেৰালাৰ কোচি। জানিব পৰা মতে যোৱা নিশা মডেলগৰাকীয়ে  এখন বাৰলৈ মদ্যপান কৰিবলৈ গৈছিল গৈছিল।

তাৰ পৰা ঘৰলৈ উভতি যাওঁতে যুৱতীগৰাকীক  এখন গাড়ীত দলবদ্ধভাবে ধৰ্ষণ কৰা হয়। ঘটনাসন্দৰ্ভত আৰক্ষীয়ে তিনিজন যুৱক আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে।  কেৰালাৰ কোচিত চলন্ত গাড়ীত এগৰাকী ১৯ বছৰীয়া মডেলক দলবদ্ধ ধৰ্ষণ কৰাৰ ঘটনাই এতিয়া তাব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

সংবাদ সংস্থাৰ বাতৰি অনুসৰি যুৱতীগৰাকীয়ে কোচিৰ এখন বাৰলৈ গৈছিল আৰু তাত অত্যধিক সুৰাপান কৰিছিল।নিশা তেওঁ  গাড়ীৰ বাবে  অপেক্ষা কৰি আছিল। সেই সময়তে  অভিযুক্ত কেইজনে  তেওঁক ঘৰত থৈ আহিব বুলি কৈ নিজৰ বাহনত তুলি লৈছিল।

অভিযোগ অনুসৰি গাড়ীত উঠাৰ পিছত যুৱককেইজনে যুৱতীগৰাকীক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত তেওঁক  দলবদ্ধ ধৰ্ষণ কৰা হয়। অভিযুক্তকেইজনে  ছোৱালীজনীক নিশা ঘৰৰ ওচৰতে এঠাইত পেলাই থৈ যায়। অৱশেষত মডেলগৰাকীক তেওঁৰ  ৰুমমেটে  উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি ছোৱালীজনীৰ শৰীৰত আঘাতৰ চিহ্ন আছে। তেওঁ বৰ্তমান এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনাটো চিকিৎসালয়ে  আৰক্ষীক জনাইছিল। ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩৭০ আৰু ৩৭৬ ধাৰাৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

এই ঘটনাৰ পিছতে ৰাজ্যখনৰ স্বাস্থ্য, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী বীণা গাৰ্গে কয়, "এয়া এক নিন্দনীয় ঘটনা। অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মই ছোৱালীজনীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছো। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু