--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
পাকিস্তানৰ হৈ চোৰাংচোৱাৰ কাম কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল  বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কৰ্মচাৰীৰ৷ ধনৰ বিনিময়ত পাকিস্তানক  সংবেদনশীল তথ্য চোৰাং কৈ প্ৰদান কৰি  আছিল বুলি অভিযোগ কৰা হৈছে।

ভাৰতবৰ্ষৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এজন কৰ্মচাৰীয়ে পাকিস্তানক ধনৰ বিনিময়ত দেশখনৰ গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰি আছিল। আনকি তেওঁ জৰুৰী আৰু সংবেদনশীল নথি-পত্ৰও চোৰাং কৈ আদান প্ৰদান কৰি আছিল বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি চলি থকা ঘটনাটো পোহৰলৈ অহাৰ পিছত শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াজনক গ্ৰেপ্তাৰ কৰা হয়।

গ্ৰেপ্তাৰ কৰা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কৰ্মচাৰীজন বৈদেশিক কাৰ্যালয়ৰ বাহনখনৰ চালক। দিল্লী অপৰাধ শাখাৰ দ্বাৰা দীঘলীয়া জেৰাৰ পিছত শুকুৰবাৰে তেওঁক নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ভৱনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। চোৰাংচোৱাসকলে কৈছিল যে তেওঁলোকে কেইবাদিনো ধৰি তথ্যবোৰ পাকিস্তানৰ চোৰাং চোৱাক দি থকাৰ খবৰ লাভ কৰি আহিছিল। অনুসন্ধানৰ সময়ত, তেওঁলোকে জানিব পাৰিছিল যে তথ্যবোৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কাৰ্যালয়ৰ পৰা চোৰাংকৈ অনা হৈছে।

আৰক্ষীয়ে জানিব পাৰিছে যে বাহনখনৰ চালকজনে এগৰাকী পাকিস্তানী যুৱতীৰ সৈতে সম্পৰ্ক ৰখাৰ অজুহাতত পাকিস্তানৰ হৈ কাম আৰম্ভ কৰিছিল। বৈদেশিক কাৰ্যালয়ত গাড়ী চলাই তেওঁক বহুতো মন্ত্ৰী আৰু আমোলাৰ গুৰুত্বপূৰ্ণ কথা শুনিবলৈ সুযোগ লাভ কৰিছিল। সেই  সুযোগ লৈ তেওঁ গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু তথ্য পাকিস্তানক দিয়া  আৰম্ভ কৰে।

দিল্লী আৰক্ষীৰ অপৰাধ শাখাই তথ্য লাভ কৰিছে যে তেওঁ পুনম শৰ্মা ওৰফে পূজা নামৰ এগৰাকী মহিলাৰ সৈতে নিয়মীয়া যোগাযোগত আছিল। দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি, তেওঁ তথ্যৰ বিনিময়ত নিয়মীয়াকৈ ধন লাভ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু