--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বেহনাজ গিলক নতুনকৈ পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই। টিভি অনুষ্ঠান ‘বিগ বছ’ৰ প্ৰতিযোগী শ্বেহনাজ গিলে অসাধাৰণ খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। শ্বেহনাজক এতিয়া শ্ব’বিজ উদ্যোগৰ অন্যতম ডাঙৰ আৰু বিখ্যাত ব্যক্তিত্ব হিচাপে গণ্য কৰা হয়। শ্বেহনাজ গিলক পঞ্জাৱৰ কেটৰিনা কাঈফ বুলি জনা যায়। শেহতীয়াকৈ এটা খবৰ আহিছিল যে ছলমানৰ খানৰ ছবিৰ জৰিয়তে শ্বেহনাজে বলীউডত খোজ পেলোৱাৰ কথা আছিল কিন্তু সেই ছবিখনৰ পৰা শ্বেহনাজক বাদ দিয়া গয়। ইয়াৰ পাছতেই শ্বাহনাজ গিলে ছালমান খানক ইনষ্টাগ্ৰামত আনফ’ল’ কৰিছে বুলি বাতৰি প্ৰকাশ পাইছিল। ইয়াৰ পিছত আকৌ শ্বাহনাজ গিলে ছলমান খানক ফ’ল’ কৰিবলৈ আৰম্ভ কৰে। 

শ্বাহনাজ গিলে দাবী কৰে যে টেকলিকেল প্ৰব্লেমৰ বাবেহে ছলমান খান ইনষ্টাগ্ৰামত আনফ’ল’ হৈ গৈছিল। এই খবৰ ওলোৱাৰ পাছত এতিয়া শ্বাহনাজ গিলৰ ডেটিঙৰ খবৰে চৰ্চা লাভ কৰিবলৈ আৰম্ভ কৰিছে। শ্বেহনাজ গিলে টিভিৰ সুপৰিচিত নৃত্যশিল্পী ৰাঘৱ জুয়েলৰ লগত ডেটিং কৰা বুলি গুজৱ শুনিবলৈ পোৱা গৈছে। 

ৰাঘৱ জুয়েল আৰু শ্বেহনাজ গিলে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে এতিয়ালৈকে কাকো একো জনোৱা নাই। ৰাঘৱ জুয়াল আৰু শ্বাহনাজ গিলে একেলগে ফটোও শ্বেয়াৰ কৰা নাই। খবৰ অনুসৰি ৰাঘৱ জুৱেল আৰু শ্বাহনাজ গিলে একেলগে ঋষিকেশ ভ্ৰমণলৈ গৈছিল। ইয়াৰ উপৰিও ৰাঘৱ জুৱেল আৰু শ্বাহনাজ গিলক একেলগে মুম্বাই বিমানবন্দৰত দেখা পোৱা গৈছিল। বৰ্তমান দুয়ো 'কভি ঈদ কভি দীৱালী' ছবিত একেলগে কাম কৰি আছে। ৰাঘৱ জুয়াল আৰু শ্বাহনাজ গিলক ছবিখনৰ চেটত প্ৰায়ে হাঁহি-আনন্দ কৰি থকা দেখা যায়। অতি কম সময়ৰ ভিতৰতে ৰাঘৱ জুৱেল আৰু শ্বাহনাজ গিলৰ বন্ধুত্ব অতি গভীৰ হৈ পৰিছে। যোৱা কেইদিনমানৰ পৰা ৰাঘৱ জুৱাল আৰু শ্বাহনাজ গিলক একেলগে বহুবাৰ দেখা পোৱা গৈছে। 

ৰাঘৱ জুৱাল আৰু শ্বাহনাজ গিলৰ ডেটিঙৰ খবৰৰ মাজতে আকৌ এবাৰ ছ’চিয়েল মিডিয়াত সিদ্ধাৰ্থ শুক্লা আৰু শ্বেহনাজ গিলৰ প্ৰেমৰ কাহিনীয়ে আধিপত্য বিস্তাৰ কৰিছে। অনুৰাগীসকলে তেওঁলোকক একেলগে 'ছিডনাজ' বুলি কয়। সিদ্ধাৰ্থ শুক্লাৰ প্ৰেমিকা হিচাপেও যথেষ্ট চৰ্চা লাভ কৰিছিল শ্বেহনাজে। সিদ্ধাৰ্থ শুক্লাৰ অকাল মৃত্যুৰ পাছতে অকলশৰীয়া হৈ পৰিছিল শ্বেহনাজ। 

শেহতীয়াকৈ ৰাঘৱ জুয়েল আৰু শ্বেহনাজ গিলৰ ডেটিভৰ খবৰে কঁপাই তুলিছে ছ’চিয়েল মিডিয়া। অনুৰাগীসকলে অনুভৱ কৰিছে যে শ্বেহনাজ গিলে জীৱনত আগবাঢ়ি যাবলৈ সকলো ফালৰ সাজু হৈছে। ৰাঘৱ জুৱাল আৰু শ্বেহনাজ গিলৰ চৰ্চা দেখি একাংশ অনুৰাগীয়ে প্ৰশ্ন কৰিছে যে সিদ্ধাৰ্থ শুক্লাক ইমান সোনকালে পাহৰি গ'ল নে শ্বেহনাজ গিলে? আনহাতে একাংশ অনুৰাগীয়ে নতুন প্ৰেমৰ সৈতে জীৱনত ভালদৰে আগবাঢ়ি যাবৰ বাবে শ্বেহনাজ গিলক শুভকামনা জনাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু