--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বেহনাজ গিলক নতুনকৈ পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই। টিভি অনুষ্ঠান ‘বিগ বছ’ৰ প্ৰতিযোগী শ্বেহনাজ গিলে অসাধাৰণ খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। শ্বেহনাজক এতিয়া শ্ব’বিজ উদ্যোগৰ অন্যতম ডাঙৰ আৰু বিখ্যাত ব্যক্তিত্ব হিচাপে গণ্য কৰা হয়। শ্বেহনাজ গিলক পঞ্জাৱৰ কেটৰিনা কাঈফ বুলি জনা যায়। শেহতীয়াকৈ এটা খবৰ আহিছিল যে ছলমানৰ খানৰ ছবিৰ জৰিয়তে শ্বেহনাজে বলীউডত খোজ পেলোৱাৰ কথা আছিল কিন্তু সেই ছবিখনৰ পৰা শ্বেহনাজক বাদ দিয়া গয়। ইয়াৰ পাছতেই শ্বাহনাজ গিলে ছালমান খানক ইনষ্টাগ্ৰামত আনফ’ল’ কৰিছে বুলি বাতৰি প্ৰকাশ পাইছিল। ইয়াৰ পিছত আকৌ শ্বাহনাজ গিলে ছলমান খানক ফ’ল’ কৰিবলৈ আৰম্ভ কৰে। 

শ্বাহনাজ গিলে দাবী কৰে যে টেকলিকেল প্ৰব্লেমৰ বাবেহে ছলমান খান ইনষ্টাগ্ৰামত আনফ’ল’ হৈ গৈছিল। এই খবৰ ওলোৱাৰ পাছত এতিয়া শ্বাহনাজ গিলৰ ডেটিঙৰ খবৰে চৰ্চা লাভ কৰিবলৈ আৰম্ভ কৰিছে। শ্বেহনাজ গিলে টিভিৰ সুপৰিচিত নৃত্যশিল্পী ৰাঘৱ জুয়েলৰ লগত ডেটিং কৰা বুলি গুজৱ শুনিবলৈ পোৱা গৈছে। 

ৰাঘৱ জুয়েল আৰু শ্বেহনাজ গিলে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে এতিয়ালৈকে কাকো একো জনোৱা নাই। ৰাঘৱ জুয়াল আৰু শ্বাহনাজ গিলে একেলগে ফটোও শ্বেয়াৰ কৰা নাই। খবৰ অনুসৰি ৰাঘৱ জুৱেল আৰু শ্বাহনাজ গিলে একেলগে ঋষিকেশ ভ্ৰমণলৈ গৈছিল। ইয়াৰ উপৰিও ৰাঘৱ জুৱেল আৰু শ্বাহনাজ গিলক একেলগে মুম্বাই বিমানবন্দৰত দেখা পোৱা গৈছিল। বৰ্তমান দুয়ো 'কভি ঈদ কভি দীৱালী' ছবিত একেলগে কাম কৰি আছে। ৰাঘৱ জুয়াল আৰু শ্বাহনাজ গিলক ছবিখনৰ চেটত প্ৰায়ে হাঁহি-আনন্দ কৰি থকা দেখা যায়। অতি কম সময়ৰ ভিতৰতে ৰাঘৱ জুৱেল আৰু শ্বাহনাজ গিলৰ বন্ধুত্ব অতি গভীৰ হৈ পৰিছে। যোৱা কেইদিনমানৰ পৰা ৰাঘৱ জুৱাল আৰু শ্বাহনাজ গিলক একেলগে বহুবাৰ দেখা পোৱা গৈছে। 

ৰাঘৱ জুৱাল আৰু শ্বাহনাজ গিলৰ ডেটিঙৰ খবৰৰ মাজতে আকৌ এবাৰ ছ’চিয়েল মিডিয়াত সিদ্ধাৰ্থ শুক্লা আৰু শ্বেহনাজ গিলৰ প্ৰেমৰ কাহিনীয়ে আধিপত্য বিস্তাৰ কৰিছে। অনুৰাগীসকলে তেওঁলোকক একেলগে 'ছিডনাজ' বুলি কয়। সিদ্ধাৰ্থ শুক্লাৰ প্ৰেমিকা হিচাপেও যথেষ্ট চৰ্চা লাভ কৰিছিল শ্বেহনাজে। সিদ্ধাৰ্থ শুক্লাৰ অকাল মৃত্যুৰ পাছতে অকলশৰীয়া হৈ পৰিছিল শ্বেহনাজ। 

শেহতীয়াকৈ ৰাঘৱ জুয়েল আৰু শ্বেহনাজ গিলৰ ডেটিভৰ খবৰে কঁপাই তুলিছে ছ’চিয়েল মিডিয়া। অনুৰাগীসকলে অনুভৱ কৰিছে যে শ্বেহনাজ গিলে জীৱনত আগবাঢ়ি যাবলৈ সকলো ফালৰ সাজু হৈছে। ৰাঘৱ জুৱাল আৰু শ্বেহনাজ গিলৰ চৰ্চা দেখি একাংশ অনুৰাগীয়ে প্ৰশ্ন কৰিছে যে সিদ্ধাৰ্থ শুক্লাক ইমান সোনকালে পাহৰি গ'ল নে শ্বেহনাজ গিলে? আনহাতে একাংশ অনুৰাগীয়ে নতুন প্ৰেমৰ সৈতে জীৱনত ভালদৰে আগবাঢ়ি যাবৰ বাবে শ্বেহনাজ গিলক শুভকামনা জনাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ