--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'হৰ হৰ শম্ভু'- দেৱাদিদেৱ মহাদেৱৰ ওপৰত উছৰ্গিত এই গীত অতি বিখ্যাত হৈ পৰিছে। দেশৰ চুকে-কোণে বাজিছে 'হৰ হৰ শম্ভু'।  ছ'চিয়েল মিডিয়াতো এই গীতটিয়ে আধিপত্য বিস্তাৰ কৰিছে। ভগৱান শিৱৰ ওপৰত গোৱা এই গীতটো নিশ্চয় আপুনিও শুনিছে। দেশৰ প্ৰত্যেক কোণত 'হৰ হৰ শম্ভু' গীতটো সকলোৰে মুখে মুখে অনুৰণিত হৈছে। এই গীতটিৰ গায়িকাগৰাকীৰ বিষয়ে জানিবলৈ সকলো ব্যগ্ৰ হৈ পৰিছে। 'হৰ হৰ শম্ভু' গোৱা গায়িকাগৰাকীৰ নাম হৈছে অভিলিপ্সা পাণ্ডা (Abhilipsa Panda)। 

অভিলিপ্সাৰ সম্পৰ্কে মানুহে জানিবলৈ বিচাৰিছে যে অভিলিপ্সা পাণ্ডা কোন আৰু অভিলিপসা পাণ্ডা ক'ত থাকে? অভিলিপ্সা পাণ্ডা ওড়িশাৰ বাসিন্দা। ওড়িশাৰ দেওগড় জিলাৰ তন্তলবাহল গাঁৱত ২০০১ চনত এটা ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল কণ্ঠশিল্পী অভিলিপ্সা পাণ্ডাই। তেওঁৰ পিতৃৰ নাম অশোক পাণ্ডা আৰু তেওঁ বৰবিলত অৱস্থিত এটা ব্যক্তিগত কোম্পানীত মুখ্য সুৰক্ষা বিষয়া হিচাপে কাম কৰি আছে।অভিলিপ্সাৰ পৰিয়ালত পিতৃ-মাতৃৰ লগতে এগৰাকী ভগ্নী আছে। ২১ বছৰীয়া অভিলিপ্সা কণ্ঠশিল্পী হোৱাৰ লগতে এগৰাকী মাৰ্শ্বেল আৰ্টিষ্ট আৰু নৃত্যশিল্পী।

সংগীত জগতৰ লগত অভিলিপ্সা পাণ্ডাৰ দীঘলীয়া সম্পৰ্ক আছে। অভিলিপ্সা পাণ্ডা সৰুৰে পৰা সংগীতৰ প্ৰতি অতি আকৰ্ষিত হৈছিল কাৰণ তেওঁৰ ককাকে আগতে হাৰমনিয়াম বজাইছিল আৰু ওচৰ-পাজৰৰ সকলো গাঁৱতে তেওঁ হাৰমনিয়াম বজোৱাৰ বাবে অতি বিখ্যাত আছিল।

অভিলিপ্সাৰ ককাকে য’তেই হাৰমনিয়াম বজাবলৈ গৈছিল, ততেই তেওঁক লগত লৈ গৈছিল। যাৰ বাবে অভিলিপ্সাইও হাৰমনিয়াম বজাবলৈ শিকিছিল। লাহে লাহে তেওঁ সংগীত ভাল পাবলৈ ধৰিলে, অভিলিপ্সা ডাঙৰ হৈ অহাৰ লগে লগে উপযুক্ত সময়ত ককাকে তেওঁক শাস্ত্ৰীয় সংগীতত নিখুঁত কৰি তুলিলে।

'হৰ হৰ শম্ভু...শম্ভু...শম্ভু... শিৱ মহাদেৱা' গীতটি বৰ্তমান অতি দ্ৰুতগতিত ভাইৰেল হৈ আছে। ছ’চিয়েল মিডিয়াত বহুতে এই গীতটোক প্ৰশংসা কৰি আছে। কেৱল গীতটোৰ প্ৰশংসা কৰাই নহয়, অভিলিপ্সা পাণ্ডাকো বহুত প্ৰশংসা কৰিছে সংগীতপ্ৰেমীয়ে। তেওঁৰ সুৰীয়া, ব্যতিক্ৰমী কণ্ঠই সকলোকে আকৰ্ষিত কৰিছে। অভিলিপ্সা পাণ্ডাই 'মঞ্জিল কেদাৰনাথ' নামৰ এটা মিউজিক এলবামৰ জৰিয়তে গায়কী জীৱন আৰম্ভ কৰিছিল।

'হৰ হৰ শম্ভু'ত অভিলিপ্সা পাণ্ডাক এজন যুৱকৰ লগত দেখা গৈছে, সেই যুৱকজনৰ নাম জীতু শৰ্মা। দুয়োজনে এই গীতটো গোৱা দেখা গৈছে। জীতু শৰ্মাই গানটো ৰচনাও কৰিছে। এই গীতটো ৫ মে'ত জীতু শৰ্মাৰ ইউটিউব চেনেলত আপলোড কৰা হৈছিল। গীতটো আপলোড কৰাৰ সময়ত গানটোৱে উচিত সঁহাৰি পোৱা নাছিল কিন্তু লাহে লাহে গীতটিৱে সকলোৰে পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হয় আৰু বৰ্তমান এই গীতটি জনপ্ৰিয়তাৰ তুংগত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ