--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'হৰ হৰ শম্ভু'- দেৱাদিদেৱ মহাদেৱৰ ওপৰত উছৰ্গিত এই গীত অতি বিখ্যাত হৈ পৰিছে। দেশৰ চুকে-কোণে বাজিছে 'হৰ হৰ শম্ভু'।  ছ'চিয়েল মিডিয়াতো এই গীতটিয়ে আধিপত্য বিস্তাৰ কৰিছে। ভগৱান শিৱৰ ওপৰত গোৱা এই গীতটো নিশ্চয় আপুনিও শুনিছে। দেশৰ প্ৰত্যেক কোণত 'হৰ হৰ শম্ভু' গীতটো সকলোৰে মুখে মুখে অনুৰণিত হৈছে। এই গীতটিৰ গায়িকাগৰাকীৰ বিষয়ে জানিবলৈ সকলো ব্যগ্ৰ হৈ পৰিছে। 'হৰ হৰ শম্ভু' গোৱা গায়িকাগৰাকীৰ নাম হৈছে অভিলিপ্সা পাণ্ডা (Abhilipsa Panda)। 

অভিলিপ্সাৰ সম্পৰ্কে মানুহে জানিবলৈ বিচাৰিছে যে অভিলিপ্সা পাণ্ডা কোন আৰু অভিলিপসা পাণ্ডা ক'ত থাকে? অভিলিপ্সা পাণ্ডা ওড়িশাৰ বাসিন্দা। ওড়িশাৰ দেওগড় জিলাৰ তন্তলবাহল গাঁৱত ২০০১ চনত এটা ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল কণ্ঠশিল্পী অভিলিপ্সা পাণ্ডাই। তেওঁৰ পিতৃৰ নাম অশোক পাণ্ডা আৰু তেওঁ বৰবিলত অৱস্থিত এটা ব্যক্তিগত কোম্পানীত মুখ্য সুৰক্ষা বিষয়া হিচাপে কাম কৰি আছে।অভিলিপ্সাৰ পৰিয়ালত পিতৃ-মাতৃৰ লগতে এগৰাকী ভগ্নী আছে। ২১ বছৰীয়া অভিলিপ্সা কণ্ঠশিল্পী হোৱাৰ লগতে এগৰাকী মাৰ্শ্বেল আৰ্টিষ্ট আৰু নৃত্যশিল্পী।

সংগীত জগতৰ লগত অভিলিপ্সা পাণ্ডাৰ দীঘলীয়া সম্পৰ্ক আছে। অভিলিপ্সা পাণ্ডা সৰুৰে পৰা সংগীতৰ প্ৰতি অতি আকৰ্ষিত হৈছিল কাৰণ তেওঁৰ ককাকে আগতে হাৰমনিয়াম বজাইছিল আৰু ওচৰ-পাজৰৰ সকলো গাঁৱতে তেওঁ হাৰমনিয়াম বজোৱাৰ বাবে অতি বিখ্যাত আছিল।

অভিলিপ্সাৰ ককাকে য’তেই হাৰমনিয়াম বজাবলৈ গৈছিল, ততেই তেওঁক লগত লৈ গৈছিল। যাৰ বাবে অভিলিপ্সাইও হাৰমনিয়াম বজাবলৈ শিকিছিল। লাহে লাহে তেওঁ সংগীত ভাল পাবলৈ ধৰিলে, অভিলিপ্সা ডাঙৰ হৈ অহাৰ লগে লগে উপযুক্ত সময়ত ককাকে তেওঁক শাস্ত্ৰীয় সংগীতত নিখুঁত কৰি তুলিলে।

'হৰ হৰ শম্ভু...শম্ভু...শম্ভু... শিৱ মহাদেৱা' গীতটি বৰ্তমান অতি দ্ৰুতগতিত ভাইৰেল হৈ আছে। ছ’চিয়েল মিডিয়াত বহুতে এই গীতটোক প্ৰশংসা কৰি আছে। কেৱল গীতটোৰ প্ৰশংসা কৰাই নহয়, অভিলিপ্সা পাণ্ডাকো বহুত প্ৰশংসা কৰিছে সংগীতপ্ৰেমীয়ে। তেওঁৰ সুৰীয়া, ব্যতিক্ৰমী কণ্ঠই সকলোকে আকৰ্ষিত কৰিছে। অভিলিপ্সা পাণ্ডাই 'মঞ্জিল কেদাৰনাথ' নামৰ এটা মিউজিক এলবামৰ জৰিয়তে গায়কী জীৱন আৰম্ভ কৰিছিল।

'হৰ হৰ শম্ভু'ত অভিলিপ্সা পাণ্ডাক এজন যুৱকৰ লগত দেখা গৈছে, সেই যুৱকজনৰ নাম জীতু শৰ্মা। দুয়োজনে এই গীতটো গোৱা দেখা গৈছে। জীতু শৰ্মাই গানটো ৰচনাও কৰিছে। এই গীতটো ৫ মে'ত জীতু শৰ্মাৰ ইউটিউব চেনেলত আপলোড কৰা হৈছিল। গীতটো আপলোড কৰাৰ সময়ত গানটোৱে উচিত সঁহাৰি পোৱা নাছিল কিন্তু লাহে লাহে গীতটিৱে সকলোৰে পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হয় আৰু বৰ্তমান এই গীতটি জনপ্ৰিয়তাৰ তুংগত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু