--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআই এৰিবলৈ সাজু হৈছে বৰ্তমানৰ সভাপতি সৌৰভ গাংগুলীয়ে। বিচিচিআইৰ সভাপতি হিচাপে ক্ৰমাগতভাৱে দুটাকৈ কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰাৰ পাছত গাংগুলীয়ে পুনৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে যোৱা মাহতে কাৰ্যকাল অন্ত পৰাৰ পাছত গাংগুলীয়ে এইবাৰ আইচিচিৰ অধ্যক্ষ পদৰ বাবে ভাৰতৰ প্ৰতিনিধি হিচাপে অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

ইফালে বিচিচিআইৰ সভাপতি পদত গাংগুলীৰ উত্তৰাধিকাৰী কোন হ’ব, সেই লৈও ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। এই ক্ষেত্ৰত শেহতীয়াকৈ সৰ্বাধিক উচ্চাৰিত হৈছে ভাৰতীয় দলৰ এগৰাকী প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ তথা ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্যৰ নাম। 

এসময়ৰ ভাৰতীয় দলৰ পেচ আক্ৰমণৰ অন্যতম সদস্য ৰ’জাৰ বিন্নীৰ নাম একপ্ৰকাৰে আশ্বৰ্যজনকভাৱেই চৰ্চাৰ শীৰ্ষত আছে। বিচিচিআইৰ সূত্ৰ অনুসৰি সৌৰভ গাংগুলীৰ ঠাইত বিন্নী বিচিচিআইৰ পৰৱৰ্তী সভাপতি হোৱাৰ সম্ভাৱনা আছে। 

উল্লেখ্য যে বিন্নীয়ে ইয়াৰ পূৰ্বে বিচিচিআইৰ বাছনি সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অৱশ্যে বিন্নীৰ লগতে বিচিচিআইৰ বৰ্তমানৰ সচিব জয় শ্বাহৰ নামো চৰ্চালৈ আহিছে যদিও শ্বাহে সচিব হিচাপেই দায়িত্ব পালন কৰিব বুলিব বিচিচিআইৰ এক সূত্ৰই প্ৰকাশ কৰিছে। 

১৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া বিচিচিআইৰ আভ্যন্তৰীণ নিৰ্বাচনৰ বাবে ১১ আৰু ১২ অক্টোবৰত মনোনয়ন দাখিলৰ দিন ধাৰ্য কৰা হৈছে। আনহাতে ১৩ অক্টোবৰত মনোনয়নৰ পৰীক্ষণ হ'ব আৰু প্ৰাৰ্থীসকলে ১৪ অক্টোবৰৰ ভিতৰত তেওঁলোকৰ মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক