--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআই এৰিবলৈ সাজু হৈছে বৰ্তমানৰ সভাপতি সৌৰভ গাংগুলীয়ে। বিচিচিআইৰ সভাপতি হিচাপে ক্ৰমাগতভাৱে দুটাকৈ কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰাৰ পাছত গাংগুলীয়ে পুনৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে যোৱা মাহতে কাৰ্যকাল অন্ত পৰাৰ পাছত গাংগুলীয়ে এইবাৰ আইচিচিৰ অধ্যক্ষ পদৰ বাবে ভাৰতৰ প্ৰতিনিধি হিচাপে অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

ইফালে বিচিচিআইৰ সভাপতি পদত গাংগুলীৰ উত্তৰাধিকাৰী কোন হ’ব, সেই লৈও ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। এই ক্ষেত্ৰত শেহতীয়াকৈ সৰ্বাধিক উচ্চাৰিত হৈছে ভাৰতীয় দলৰ এগৰাকী প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ তথা ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্যৰ নাম। 

এসময়ৰ ভাৰতীয় দলৰ পেচ আক্ৰমণৰ অন্যতম সদস্য ৰ’জাৰ বিন্নীৰ নাম একপ্ৰকাৰে আশ্বৰ্যজনকভাৱেই চৰ্চাৰ শীৰ্ষত আছে। বিচিচিআইৰ সূত্ৰ অনুসৰি সৌৰভ গাংগুলীৰ ঠাইত বিন্নী বিচিচিআইৰ পৰৱৰ্তী সভাপতি হোৱাৰ সম্ভাৱনা আছে। 

উল্লেখ্য যে বিন্নীয়ে ইয়াৰ পূৰ্বে বিচিচিআইৰ বাছনি সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অৱশ্যে বিন্নীৰ লগতে বিচিচিআইৰ বৰ্তমানৰ সচিব জয় শ্বাহৰ নামো চৰ্চালৈ আহিছে যদিও শ্বাহে সচিব হিচাপেই দায়িত্ব পালন কৰিব বুলিব বিচিচিআইৰ এক সূত্ৰই প্ৰকাশ কৰিছে। 

১৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া বিচিচিআইৰ আভ্যন্তৰীণ নিৰ্বাচনৰ বাবে ১১ আৰু ১২ অক্টোবৰত মনোনয়ন দাখিলৰ দিন ধাৰ্য কৰা হৈছে। আনহাতে ১৩ অক্টোবৰত মনোনয়নৰ পৰীক্ষণ হ'ব আৰু প্ৰাৰ্থীসকলে ১৪ অক্টোবৰৰ ভিতৰত তেওঁলোকৰ মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু