--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচৰ পূৰ্বে আজি ভাৰতীয় দলত এক জৰুৰী সালসলনি ঘটাবলৈ বাধ্য হৈছে বিচিচিআই। প্ৰথমখন মেচৰ পূৰ্বে পিঠিৰ আঘাতৰ সমস্যাত ভূগি মেচখনৰ পৰা বাহিৰ হোৱা ভাৰতৰ মুখ্য পেচাৰ যশপ্ৰীত বুমৰাহ সমগ্ৰ শৃংখলাটোৰ পৰাই বাহিৰ হোৱা বুলি ঘোষণা কৰিছে বিচিচিআই- এ। আঘাতপ্ৰাপ্ত বুমৰাহৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছে আন এগৰাকী বেগী বলাৰ মহম্মদ চিৰাজক। এক বিবৃতি যোগে বিচিচিআই- এ আনুষ্ঠানিকভাৱে এই ঘোষণা কৰিছে। আনহাতে পিঠিৰ আঘাতৰ বাবে বুমৰাহ বৰ্তমান  বিচিচিআইৰ বিশেষ চিকিৎসা দলৰ তত্বাৱধানত আছে বুলিও বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে।

উল্লেখ্য যে শৃংখলাটোৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাক ৮ উইকেটত সহজে পৰাস্ত কৰি ভাৰতে ইতিমধ্যে ১-০ ৰ অগ্ৰগতি লাভ কৰিছে। শৃংখলাৰ দ্বিতীয়খন মেচ অহা দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ইতিমধ্যে মেচখনৰ বাবে দুয়োটা দল কালি গুৱাহাটীত উপস্থিত হৈছে। বুমৰাহৰ স্থানত দলত অন্তৰ্ভুক্ত হোৱা চিৰাজে গুৱাহাটীত ভাৰতীয় দলত যোগ দিব।

ইফালে শৃংখলাটোৰ পৰা বুমৰাহ বাহিৰ হোৱা বুলি বিচিচিআই- এ ঘোষণা কৰাৰ লগে লগে আগন্তুক টি-২০ বিশ্বকাপৰ পৰাও বুমৰাহ বাহিৰ হোৱা হোৱা বৃহস্পতিবাৰে যি খবৰ ওলাইছিল, সেই খবৰ প্ৰায় নিশ্চিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। কালি বিচিচিআইৰ এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা কৰা খবৰ অনুসৰি বুমৰাহৰ আঘাত যথেষ্ট গুৰুতৰ আৰু সেয়েহে টি-২০ বিশ্বকাপত বুমৰাহ দলত নাথাকিব বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। 

পিঠিৰ আঘাতৰ বাবে বুমৰাহ প্ৰায় পাঁচ-ছয়মাহ মান ক্ৰিকেটৰ পৰা বাহিৰত থাকিব পাৰে বুলিও বিচিচিআইৰ সূত্ৰটোৱে উল্লেখ কৰিছিল। অৱশ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে এতিয়ালৈকে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা নাই। কালিৰ মেচখনৰ পূৰ্বে বিচিচিআই- এ টুইটত কেৱল প্ৰথম মেচখনৰ পৰাহে বুমৰাহ বাহিৰ হৈছে বুলি উল্লেখ কৰিছিল। আজিৰ বিবৃতিটোত বিচিচিআই- এ এই বিষয়ে কোনো স্পষ্ট উল্লেখ কৰা নাই।

যদি সঁচাকৈয়ে দলৰ বলিং আক্ৰমণৰ মূল স্তম্ভ স্বৰূপ বুমৰাহ বিশ্বকাপৰ পৰা বাহিৰ হ’বলগীয়া হয়, তেতিয়া দলৰ বাবে এয়া মোক্ষম আঘাত হিচাপে বিবেচিত হ’ব। বোমৰাহ বিহীন বিশ্বকাপত নিশ্চিতভাৱে তীব্ৰ চাপত পৰিব ভাৰত। ভাৰতীয় দলৰ বলিং বিভাগত বুমৰাহৰ অভাৱ যোৱা এছিয়া কাপতে স্পষ্ট হৈ পৰিছিল। উল্লেখ্য যে আঘাতৰ বাবে এছিয়া কাপৰ পৰা বঞ্চিত হোৱা বুমৰাহে শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাত শেষৰ দুখন খেলত অংশগ্ৰহণ লৈছিল। কিন্তু স্বভাৱসিদ্ধ প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হৈছিল তাৰকা বলাৰগৰাকী। প্ৰথমখন মেচত দুই অভাৰত ২৩ ৰান খৰচ কৰি এটা উইকেট লাভ কৰিলেও দ্বিতীয়খন খেলত চাৰি অভাৰত ৫০ ৰান খৰচ কৰিছিল বুমৰাহে।

অৱশ্যে তথাপিও বুমৰাহ দলত থকাটো ভাৰতীয় ক্ৰিকেটৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ ডেথ বলিঙত সমস্যাত ভুগি থকা ভাৰতৰ বাবে বুমৰাহেই আটাইতকৈ বিশ্বাসযোগ্য বিশেষজ্ঞ বলাৰ। তদুপৰি ইনিংছৰ আৰম্ভণিতে বিপক্ষৰ উইকেট পতন ঘটাই বেকফুটলৈ ঠেলি দিয়াত বুমৰাহ সিদ্ধহস্ত। বুমৰাহ বিশ্বকাপৰ পৰা বাদ পৰিলে টি-২০ বিশ্বকাপৰ বাবে ষ্টেণ্ডবাই তালিকাত থকা মহম্মদ ছামি আৰু দীপক চাহাৰৰ মাজৰ কোনো এগৰাকী পেচাৰক মূল দলত স্থান দিয়া হ’ব পাৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক