--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া আগন্তুক আইচিচি টি-২০ বিশ্বকাপলৈ মাজত আৰু মাত্ৰ ১৬ টা দিন। এই ক্ৰিকেট মহাসমৰৰ উদ্দেশ্যে জোৰদাৰ প্ৰস্তুতি চলাইছে প্ৰাক্তন চেম্পিয়ন ভাৰতে। ইতিমধ্যে ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাত জয় আৰু বুধবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন মেচত জয়েৰে প্ৰস্তুতিৰ উমান দিছে ভাৰতে। এইবাৰ ভাৰতৰ লক্ষ্য, প্ৰতিযোগিতাখনৰ উদ্বোধনী বৰ্ষৰ খিতাপ দখলৰ পাছত খিতাপৰ খৰাঙৰ অন্ত পেলাই পুনৰাই দেশক উপহাৰ দিব দ্বিতীয়টো বিশ্বকাপ ট্ৰফী! ইতিমধ্যে বিশ্বকাপৰ বাবে প্ৰেৰণ কৰিবলগীয়া দল ঘোষণা কৰিছে বিচিচিআই- এ। পিছে বিশ্বকাপলৈ প্ৰস্তুতি আৰম্ভ কৰাৰ মাজতে ভাৰতীয় দল তথা দেশৰ ক্ৰিকেট অনুৰাগীক চিন্তিত কৰি আজি আহিছে এক চিন্তনীয় খবৰ। 

কালিৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখনীয়া মেচৰ টি-২০ শৃংখলা। তিৰুৱন্তপুৰমৰ গ্ৰীণফিল্ড ইণ্টাৰনেচনেল ষ্টেডিয়ামত প্ৰথমখন মেচত ভাৰতৰ প্লেয়িং ইলেভেনত অনুপস্থিত আছিল দলৰ বলিং আক্ৰমণৰ মূল স্তম্ভ যশপ্ৰীত বুমৰাহ। লগে লগে ভাৰতীয় ক্ৰিকেট অনুৰাগী পৰিল চিন্তাত। আৰু কিছুসময়ৰ পিছতে বিচিচিআই- এ এক বিবৃতি যোগে পিঠিৰ আঘাতৰ বাবে বুমৰাহক মেচখনত দেখা নাযাব বুলি প্ৰকাশ কৰিছিল।

কিন্তু আজি বিচিচিআইৰ এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা কৰা খবৰ অনুসৰি বুমৰাহৰ আঘাত যথেষ্ট গুৰুতৰ আৰু সেয়েহে টি-২০ বিশ্বকাপত বুমৰাহ দলত নাথাকিব। পিঠিৰ আঘাতৰ বাবে বুমৰাহ প্ৰায় পাঁচ-ছয়মাহ মান ক্ৰিকেটৰ পৰা বাহিৰত থাকিব পাৰে বুলিও বিচিচিআইৰ সূত্ৰটোৱে উল্লেখ কৰিছে। বুমৰাহ সম্পৰ্কে লাভ কৰা এই খবৰ ভাৰতীয় দলৰ বাবে মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে। 

যদি সঁচাকৈয়ে দলৰ বলিং আক্ৰমণৰ মূল স্তম্ভ স্বৰূপ বুমৰাহ বিশ্বকাপৰ পৰা বাহিৰ হ’বলগীয়া হয়, তেতিয়া বিশ্বকাপত নিশ্চিতভাৱে তীব্ৰ চাপত পৰিব ভাৰত। ভাৰতীয় দলৰ বলিং বিভাগত বুমৰাহৰ অভাৱ যোৱা এছিয়া কাপতে স্পষ্ট হৈ পৰিছিল। উল্লেখ্য যে আঘাতৰ বাবে এছিয়া কাপৰ পৰা বঞ্চিত হোৱা বুমৰাহে শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাত শেষৰ দুখন খেলত অংশগ্ৰহণ লৈছিল। কিন্তু স্বভাৱসিদ্ধ প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হৈছিল তাৰকা বলাৰগৰাকী। প্ৰথমখন মেচত দুই অভাৰত ২৩ ৰান খৰচ কৰি এটা উইকেট লাভ কৰিলেও দ্বিতীয়খন খেলত চাৰি অভাৰত ৫০ ৰান খৰচ কৰিছিল বুমৰাহে।

অৱশ্যে তথাপিও বুমৰাহ দলত থকাটো ভাৰতীয় ক্ৰিকেটৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ ডেথ বলিঙত সমস্যাত ভুগি থকা ভাৰতৰ বাবে বুমৰাহেই আটাইতকৈ বিশ্বাসযোগ্য বিশেষজ্ঞ বলাৰ। তদুপৰি ইনিংছৰ আৰম্ভণিতে বিপক্ষৰ উইকেট পতন ঘটাই বেকফুটলৈ ঠেলি দিয়াত বুমৰাহ সিদ্ধহস্ত। বুমৰাহ বিশ্বকাপৰ পৰা বাদ পৰিলে টি-২০ বিশ্বকাপৰ বাবে ষ্টেণ্ডবাই তালিকাত থকা মহম্মদ ছামি আৰু দীপক চাহাৰৰ মাজৰ কোনো এগৰাকী পেচাৰক মূল দলত স্থান দিয়া হ’ব পাৰে।

অৱশ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে এতিয়ালৈকে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা নাই। কালিৰ মেচখনৰ পূৰ্বে বিচিচিআই- এ টুইটত কেৱল প্ৰথম মেচখনৰ পৰাহে বুমৰাহ বাহিৰ হৈছে বুলি উল্লেখ কৰিছিল। বিচিচিআই- এ বিবৃতিটোত বুমৰাহৰ আঘাত গুৰুতৰ নে সামান্য তাৰ স্পষ্ট উল্লেখ কৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement