--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত চলি থকা জল্পনা-কল্পনাৰ অন্তত আজি ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে এক আশাৰ খবৰ। আগন্তুক টি-২০ বিশ্বকাপৰ প্ৰাকমুহূৰ্তত দলৰ পেচ বলিং আক্ৰমণৰ মেৰুদণ্ডস্বৰূপ যশপ্ৰীত বুমৰাহ আঘাতৰ বাবে বিশ্বকাপৰ পৰা বাহিৰ হোৱা বুলি খবৰ ওলাইছিল। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত শৃংখলাৰ প্ৰথমখন টি-২০ মেচৰ প্ৰাকমুহূৰ্তত পিঠিত আঘাত পাইছিল বুমৰাহে। তাৰ পাছতে মেচখনৰ পৰা বাহিৰত আছিল তাৰকাগৰাকী। 

বৃহস্পতিবাৰে বিচিচিআইৰ এগৰাকী বিষয়াই বুমৰাহ আঘাতৰ গুৰুতৰ সমস্যাৰ বাবে পাঁচ-ছয়মাহ সময় ক্ৰিকেটৰ পৰা আঁতৰত থাকিব লাগিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। আনহাতে আজি এক বিবৃতি যোগে বিচিচিআই- এ চলিত শৃংখলাটোৰ পৰা বুমৰাহ বাদ পৰা বুলি ঘোষণা কৰাৰ পিছতে এই আশংকা অধিক বৃদ্ধি পাইছিল।

কিন্তু আজি বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে তাৰকা পেচাৰগৰাকী বৰ্তমান পৰ্যন্ত বিশ্বকাপৰ পৰা বাহিৰ হোৱা নাই বুলি এক সাক্ষাৎকাৰত মন্তব্য কৰাৰ পিছত স্বস্তি অনুভৱ কৰিছে অনুৰাগীসকলে। অৱশ্যে বুমৰাহ সন্দৰ্ভত কোনো স্পষ্ট মন্তব্য কৰাৰ পৰাও আঁতৰি থাকে গাংগুলী। সাক্ষাৎকাৰটোত গাংগুলীক বুমৰাহ বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব নে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত গাংগুলীয়ে কয় যে এতিয়াই এই বিষয়ত মন্তব্য কৰা সোনকাল হ’ব। আগন্তুক দুই-তিনিদিনৰ ভিতৰত এই বিষয়ে নিশ্চিত হ’ব পৰা যাব বুলি গাংগুলীয়ে লগতে কয়।

উল্লেখ্য যে ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচৰ পূৰ্বে আজি ভাৰতীয় দলত এক জৰুৰী সালসলনি ঘটাবলৈ বাধ্য হৈছে বিচিচিআই। প্ৰথমখন মেচৰ পূৰ্বে পিঠিৰ আঘাতৰ সমস্যাত ভূগি মেচখনৰ পৰা বাহিৰ হোৱা ভাৰতৰ মুখ্য পেচাৰ যশপ্ৰীত বুমৰাহ সমগ্ৰ শৃংখলাটোৰ পৰাই বাহিৰ হোৱা বুলি ঘোষণা কৰিছে বিচিচিআই- এ। আঘাতপ্ৰাপ্ত বুমৰাহৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছে আন এগৰাকী বেগী বলাৰ মহম্মদ চিৰাজক। 

আনহাতে পিঠিৰ আঘাতৰ বাবে বুমৰাহ বৰ্তমান  বিচিচিআইৰ বিশেষ চিকিৎসা দলৰ তত্বাৱধানত আছে বুলিও বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে। ইফালে শৃংখলাটোৰ পৰা বুমৰাহ বাহিৰ হোৱা বুলি বিচিচিআই- এ ঘোষণা কৰাৰ লগে লগে আগন্তুক টি-২০ বিশ্বকাপৰ পৰাও বুমৰাহ বাহিৰ হোৱা হোৱা বৃহস্পতিবাৰে যি খবৰ ওলাইছিল, সেই খবৰ প্ৰায় নিশ্চিত বুলি অনুৰাগীসকলৰ মাজত চৰ্চা আৰম্ভ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু