--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত চলি থকা জল্পনা-কল্পনাৰ অন্তত আজি ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে এক আশাৰ খবৰ। আগন্তুক টি-২০ বিশ্বকাপৰ প্ৰাকমুহূৰ্তত দলৰ পেচ বলিং আক্ৰমণৰ মেৰুদণ্ডস্বৰূপ যশপ্ৰীত বুমৰাহ আঘাতৰ বাবে বিশ্বকাপৰ পৰা বাহিৰ হোৱা বুলি খবৰ ওলাইছি। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত শৃংখলাৰ প্ৰথমখন টি-২০ মেচৰ প্ৰাকমুহূৰ্তত পিঠিত আঘাত পাইছিল বুমৰাহে। তাৰ পাছতে মেচখনৰ পৰা বাহিৰত আছিল তাৰকাগৰাকী। 

বৃহস্পতিবাৰে বিচিচিআইৰ এগৰাকী বিষয়াই বুমৰাহ আঘাতৰ গুৰুতৰ সমস্যাৰ বাবে পাঁচ-ছয়মাহ সময় ক্ৰিকেটৰ পৰা আঁতৰত থাকিব লাগিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। আনহাতে আজি এক বিবৃতি যোগে বিচিচিআই- এ চলিত শৃংখলাটোৰ পৰা বুমৰাহ বাদ পৰা বুলি ঘোষণা কৰাৰ পিছতে এই আশংকা অধিক বৃদ্ধি পাইছিল।

কিন্তু আজি বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে তাৰকা পেচাৰগৰাকী বৰ্তমান পৰ্যন্ত বিশ্বকাপৰ পৰা বাহিৰ হোৱা নাই বুলি এক সাক্ষাৎকাৰত মন্তব্য কৰাৰ পিছত স্বস্তি অনুভৱ কৰিছে অনুৰাগীসকলে। অৱশ্যে বুমৰাহ সন্দৰ্ভত কোনো স্পষ্ট মন্তব্য কৰাৰ পৰাও আঁতৰি থাকে গাংগুলী। সাক্ষাৎকাৰটোত গাংগুলীক বুমৰাহ বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব নে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত গাংগুলীয়ে কয় যে এতিয়াই এই বিষয়ত মন্তব্য কৰা সোনকাল হ’ব। আগন্তুক দুই-তিনিদিনৰ ভিতৰত এই বিষয়ে নিশ্চিত হ’ব পৰা যাব বুলি গাংগুলীয়ে লগতে কয়।

উল্লেখ্য যে ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচৰ পূৰ্বে আজি ভাৰতীয় দলত এক জৰুৰী সালসলনি ঘটাবলৈ বাধ্য হৈছে বিচিচিআই। প্ৰথমখন মেচৰ পূৰ্বে পিঠিৰ আঘাতৰ সমস্যাত ভূগি মেচখনৰ পৰা বাহিৰ হোৱা ভাৰতৰ মুখ্য পেচাৰ যশপ্ৰীত বুমৰাহ সমগ্ৰ শৃংখলাটোৰ পৰাই বাহিৰ হোৱা বুলি ঘোষণা কৰিছে বিচিচিআই- এ। আঘাতপ্ৰাপ্ত বুমৰাহৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছে আন এগৰাকী বেগী বলাৰ মহম্মদ চিৰাজক। 

আনহাতে পিঠিৰ আঘাতৰ বাবে বুমৰাহ বৰ্তমান  বিচিচিআইৰ বিশেষ চিকিৎসা দলৰ তত্বাৱধানত আছে বুলিও বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে। ইফালে শৃংখলাটোৰ পৰা বুমৰাহ বাহিৰ হোৱা বুলি বিচিচিআই- এ ঘোষণা কৰাৰ লগে লগে আগন্তুক টি-২০ বিশ্বকাপৰ পৰাও বুমৰাহ বাহিৰ হোৱা হোৱা বৃহস্পতিবাৰে যি খবৰ ওলাইছিল, সেই খবৰ প্ৰায় নিশ্চিত বুলি অনুৰাগীসকলৰ মাজত চৰ্চা আৰম্ভ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক