--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে ১০ লাখ কৰ্মচাৰীৰ বাবে এক নিযুক্তি অভিযান আৰম্ভ কৰিব। এই অভিযানৰ নাম ৰখা হৈছে ৰোজগাৰ মেলা। এই ৰোজগাৰ মেলা অভিযানৰ অধীনত প্ৰধানমন্ত্ৰীয়ে ৭৫,০০০ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতিৰ জৰিয়তে এই তথ্য প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে যুৱক-যুৱতীসকলক সম্বোধন কৰিব।

উল্লেখ্য যে চলিত বৰ্ষৰ জুন মাহত প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগক মিছন মোডৰ জৰিয়তে ১০ লাখ পদ নিয়োগ কৰিবলৈ নিৰ্দেশ দিছিল। সকলো চৰকাৰী বিভাগ আৰু মন্ত্ৰালয়ৰ মানৱ সম্পদৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে এই নিৰ্দেশনা দিছিল।

পিএমঅ'য়ে জনোৱা মতে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি সকলো মন্ত্ৰালয় আৰু বিভাগে অনুমোদিত পদসমূহৰ বিপৰীতে থকা খালী পদসমূহ পূৰণ কৰাৰ বাবে মিছন মোডত কাম কৰি আছে। সমগ্ৰ দেশৰ পৰা বাছনি কৰা নতুন কৰ্মচাৰীসকলক ভাৰত চৰকাৰৰ ৩৮ টা মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি দিয়া হ'ব। নৱনিযুক্ত কৰ্মচাৰীসকলে গ্ৰুপ-এ, গ্ৰুপ-বি (ৰাজপত্ৰিত), গ্ৰুপ-বি (নন-গেজেটেড) আৰু গ্ৰুপ-চি আদি বিভিন্ন স্তৰত যোগদান কৰিব। নিযুক্তি দিয়া পদসমূহৰ ভিতৰত আছে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ কৰ্মচাৰী, উপ পৰিদৰ্শক, কনিষ্টবল, এলডিচি, ষ্টেনোছ, পিএ, আয়কৰ পৰিদৰ্শক, এমটিএছ আদি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু