--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে ১০ লাখ কৰ্মচাৰীৰ বাবে এক নিযুক্তি অভিযান আৰম্ভ কৰিব। এই অভিযানৰ নাম ৰখা হৈছে ৰোজগাৰ মেলা। এই ৰোজগাৰ মেলা অভিযানৰ অধীনত প্ৰধানমন্ত্ৰীয়ে ৭৫,০০০ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতিৰ জৰিয়তে এই তথ্য প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে যুৱক-যুৱতীসকলক সম্বোধন কৰিব।

উল্লেখ্য যে চলিত বৰ্ষৰ জুন মাহত প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগক মিছন মোডৰ জৰিয়তে ১০ লাখ পদ নিয়োগ কৰিবলৈ নিৰ্দেশ দিছিল। সকলো চৰকাৰী বিভাগ আৰু মন্ত্ৰালয়ৰ মানৱ সম্পদৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে এই নিৰ্দেশনা দিছিল।

পিএমঅ'য়ে জনোৱা মতে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি সকলো মন্ত্ৰালয় আৰু বিভাগে অনুমোদিত পদসমূহৰ বিপৰীতে থকা খালী পদসমূহ পূৰণ কৰাৰ বাবে মিছন মোডত কাম কৰি আছে। সমগ্ৰ দেশৰ পৰা বাছনি কৰা নতুন কৰ্মচাৰীসকলক ভাৰত চৰকাৰৰ ৩৮ টা মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি দিয়া হ'ব। নৱনিযুক্ত কৰ্মচাৰীসকলে গ্ৰুপ-এ, গ্ৰুপ-বি (ৰাজপত্ৰিত), গ্ৰুপ-বি (নন-গেজেটেড) আৰু গ্ৰুপ-চি আদি বিভিন্ন স্তৰত যোগদান কৰিব। নিযুক্তি দিয়া পদসমূহৰ ভিতৰত আছে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ কৰ্মচাৰী, উপ পৰিদৰ্শক, কনিষ্টবল, এলডিচি, ষ্টেনোছ, পিএ, আয়কৰ পৰিদৰ্শক, এমটিএছ আদি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক