--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক। এই সময়ত সমগ্ৰ দেশতে মুদ্ৰাস্ফীতি দ্ৰুতগতিত বৃদ্ধি পাইছে। বিলাহীৰ পৰা আৰম্ভ কৰি চাউল, দাইললৈকে সকলো বস্তুৰে দাম বাঢ়িছে। এনে সময়তে মূল্যবৃদ্ধিৰ সন্দৰ্ভত আন এক আপডেট ওলাইছে। শুকুৰবাৰে জাপানৰ ব্ৰোকৰেজ সংস্থা নোমুৰাই প্ৰকাশ কৰা অনুসৰি জুলাই আৰু আগষ্ট মাহত পুনৰ খুচুৰা মুদ্ৰাস্ফীতি ৬ শতাংশৰ ওপৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, কাৰণ পাচলিৰ মূল্য আকাশলংঘী হৈছে।

যদি এনেকুৱা হয় তেন্তে ৰিজাৰ্ভ বেংকৰ মুদ্ৰাস্ফীতিৰ সন্তোষজনক স্তৰতকৈও অধিক হ’ব। খুচুৰা মুদ্ৰাস্ফীতি ২ শতাংশৰ পৰা ৪ শতাংশৰ ভিতৰত ৰখাৰ দায়িত্ব চৰকাৰে ৰিজাৰ্ভ বেংকক অৰ্পণ কৰিছে।

নোমুৰাই তেওঁৰ মন্তব্যত কয় যে শাক-পাচলিৰ বৰ্ধিত মূল্যৰ প্ৰতি সচেতন হৈ চৰকাৰে খাদ্য সামগ্ৰীৰ যোগান উন্নত কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিব পাৰে। এদিন পূৰ্বে চৰকাৰে নন-বাছমতী বগা চাউল ৰপ্তানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল।নোমুৰাই কয় যে জুলাই আৰু আগষ্ট মাহত খুচুৰা মুদ্ৰাস্ফীতি ছয় শতাংশৰ ওপৰত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ আঁৰত শাক-পাচলিৰ মূল্যবৃদ্ধিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। 

অৱশ্যে আমি আশাবাদী যে চৰকাৰে যোগানৰ উন্নতিৰ বাবে পদক্ষেপ ল’ব। চলিত বৰ্ষৰ শেষৰ ফালে কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচন আৰু অহা বছৰৰ এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত ৰখাটোও চৰকাৰৰ বাবে ৰাজনৈতিক অগ্ৰাধিকাৰ হ’ব বুলি ব্ৰোকৰেজ সংস্থাটোৱে প্ৰকাশ কৰে। মে’ মাহত খুচুৰা মুদ্ৰাস্ফীতি ৪.৩১ শতাংশ হোৱাৰ বিপৰীতে জুন মাহত ৪.৮১ শতাংশলৈ বৃদ্ধি পাইছে। 

ইয়াৰ কাৰচলিত বৰ্ষৰ শেষৰ ফালে কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচন আৰু অহা বছৰৰ এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত ৰখাটোও চৰকাৰৰ বাবে ৰাজনৈতিক অগ্ৰাধিকাৰ হ’ব বুলি এই সংস্থাটোৱে প্ৰকাশ কৰে। মে’ মাহত খুচুৰা মুদ্ৰাস্ফীতি ৪.৩১ শতাংশ হোৱাৰ বিপৰীতে জুন মাহত ৪.৮১ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ বাবে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবেই দায়ী বুলি কোৱা হৈছিল। ইয়াৰ কাৰণ খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি বুলি কোৱা হৈছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস