--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক। এই সময়ত সমগ্ৰ দেশতে মুদ্ৰাস্ফীতি দ্ৰুতগতিত বৃদ্ধি পাইছে। বিলাহীৰ পৰা আৰম্ভ কৰি চাউল, দাইললৈকে সকলো বস্তুৰে দাম বাঢ়িছে। এনে সময়তে মূল্যবৃদ্ধিৰ সন্দৰ্ভত আন এক আপডেট ওলাইছে। শুকুৰবাৰে জাপানৰ ব্ৰোকৰেজ সংস্থা নোমুৰাই প্ৰকাশ কৰা অনুসৰি জুলাই আৰু আগষ্ট মাহত পুনৰ খুচুৰা মুদ্ৰাস্ফীতি ৬ শতাংশৰ ওপৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, কাৰণ পাচলিৰ মূল্য আকাশলংঘী হৈছে।

যদি এনেকুৱা হয় তেন্তে ৰিজাৰ্ভ বেংকৰ মুদ্ৰাস্ফীতিৰ সন্তোষজনক স্তৰতকৈও অধিক হ’ব। খুচুৰা মুদ্ৰাস্ফীতি ২ শতাংশৰ পৰা ৪ শতাংশৰ ভিতৰত ৰখাৰ দায়িত্ব চৰকাৰে ৰিজাৰ্ভ বেংকক অৰ্পণ কৰিছে।

নোমুৰাই তেওঁৰ মন্তব্যত কয় যে শাক-পাচলিৰ বৰ্ধিত মূল্যৰ প্ৰতি সচেতন হৈ চৰকাৰে খাদ্য সামগ্ৰীৰ যোগান উন্নত কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিব পাৰে। এদিন পূৰ্বে চৰকাৰে নন-বাছমতী বগা চাউল ৰপ্তানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল।নোমুৰাই কয় যে জুলাই আৰু আগষ্ট মাহত খুচুৰা মুদ্ৰাস্ফীতি ছয় শতাংশৰ ওপৰত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ আঁৰত শাক-পাচলিৰ মূল্যবৃদ্ধিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। 

অৱশ্যে আমি আশাবাদী যে চৰকাৰে যোগানৰ উন্নতিৰ বাবে পদক্ষেপ ল’ব। চলিত বৰ্ষৰ শেষৰ ফালে কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচন আৰু অহা বছৰৰ এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত ৰখাটোও চৰকাৰৰ বাবে ৰাজনৈতিক অগ্ৰাধিকাৰ হ’ব বুলি ব্ৰোকৰেজ সংস্থাটোৱে প্ৰকাশ কৰে। মে’ মাহত খুচুৰা মুদ্ৰাস্ফীতি ৪.৩১ শতাংশ হোৱাৰ বিপৰীতে জুন মাহত ৪.৮১ শতাংশলৈ বৃদ্ধি পাইছে। 

ইয়াৰ কাৰচলিত বৰ্ষৰ শেষৰ ফালে কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচন আৰু অহা বছৰৰ এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত ৰখাটোও চৰকাৰৰ বাবে ৰাজনৈতিক অগ্ৰাধিকাৰ হ’ব বুলি এই সংস্থাটোৱে প্ৰকাশ কৰে। মে’ মাহত খুচুৰা মুদ্ৰাস্ফীতি ৪.৩১ শতাংশ হোৱাৰ বিপৰীতে জুন মাহত ৪.৮১ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ বাবে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবেই দায়ী বুলি কোৱা হৈছিল। ইয়াৰ কাৰণ খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি বুলি কোৱা হৈছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে