--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত দুগৰাকী কুকি মহিলাক উলংগ কৰি পেৰেড কৰোৱাৰ ভিডিঅ’ই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে সেই ঘটনাত এজন মুছলমান লোকক গ্ৰেপ্তাৰ কৰা বুলি দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান এএনআই-এ সংবাদ পৰিবেশন কৰিছিল। 

 মণিপুৰ আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত  থৌবাল জিলাত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। সেইসকলৰ ভিতৰত আব্দুল হিলিম নামৰ লোক এজনো আছে বুলি সংবাদ প্ৰতিষ্ঠানটোৱে বাতৰি দিছিল। কিন্তু পৰৱৰ্তী সময়ত ফেক্ট ছেকৰ জৰিয়তে সংবাদ প্ৰতিষ্ঠানটোৱে ভুল বাতৰি দিয়াৰ কথা পোহৰলৈ আহে। এএনআই-এ  আব্দুল হিলিম নামৰ লোক জনক নগ্ন ভিডিঅ’ৰ গোচৰত গ্ৰেপ্তাৰ কৰা বুলি বাতৰি প্ৰচাৰৰ পিছতে একাংশ হিন্তুত্ববাদী লোকে মণিপুৰৰ ঘটনাটোত সাম্প্ৰদায়িকতাৰ ৰং চটিয়াই দি আনন্দ লভিছিল। 


কিন্তু সেইসকল প্ৰতিক্ৰিয়াশীল লোকৰ আনন্দ নিৰানন্দত পৰিণত হ’বলৈ বেছি পৰ নালাগিল। আন এটা গোচৰত গ্ৰেপ্তাৰ হোৱা আব্দুল হিলিম নামৰ লোক জনক মণিপুৰৰ নগ্ন ভিডিঅ’ৰ গোচৰত গ্ৰেপ্তাৰ কৰা বুলি ভুৱা বাতৰি প্ৰচাৰ কৰি পিছত এএনআই-এ ক্ষমা বিচাৰিবলগীয়া হৈছে।  আৰক্ষীয়ে প্ৰকাশ কৰা মতে আব্দুল হিলিম পিপলছ ৰিভলিউচনৰী পাৰ্টি অফ কাংলেইপাক নামৰ এটা বিদ্ৰোহী গোটৰ সদস্য।সেইবাবেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। নগ্ন ভিডিঅ’ কাণ্ডৰ সৈতে আব্দুল হিলিমৰ কোনো সম্পৰ্কই নাই।



এএনআইয়ে পিছত ক্ষমা বিচাৰি কৈছে যে সংবাদ প্ৰতিষ্ঠানটোৱে কৰা  টুইটটো "অসাৱধানতাবশতঃ" পোষ্ট কৰা হৈছিল "। মণিপুৰ আৰক্ষীয়ে কৰা  টুইটৰ ভুল বাখ্যা কৰা হৈছিল"।

উল্লেখ্য মাত্ৰ দুসপ্তাহ আগতেও এএনআইয়ে মণিপুৰৰ বিষয়ত  এটা খবৰ প্ৰকাশ কৰি পিছত  প্ৰত্যাহাৰ কৰিছিল।  কিয়নো সেই বাতৰিটো এটা ভুৱা প্ৰেছ বিজ্ঞপ্তিৰ ওপৰত আধাৰিত আছিল। এনেদৰে দেশৰ এটা প্ৰতিষ্ঠিত সংবাদ মাধ্যমৰ অবিবেচক কাণ্ড আৰু সেই খবৰকলৈয়ে একাংশ হিন্দুত্ববাদীয়ে উৰ্ধবাহু নৃত্য কৰাৰ কথাই বহুতকে আচৰিত কৰি তুলিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে