--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত দুগৰাকী কুকি মহিলাক উলংগ কৰি পেৰেড কৰোৱাৰ ভিডিঅ’ই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে সেই ঘটনাত এজন মুছলমান লোকক গ্ৰেপ্তাৰ কৰা বুলি দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান এএনআই-এ সংবাদ পৰিবেশন কৰিছিল। 

 মণিপুৰ আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত  থৌবাল জিলাত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। সেইসকলৰ ভিতৰত আব্দুল হিলিম নামৰ লোক এজনো আছে বুলি সংবাদ প্ৰতিষ্ঠানটোৱে বাতৰি দিছিল। কিন্তু পৰৱৰ্তী সময়ত ফেক্ট ছেকৰ জৰিয়তে সংবাদ প্ৰতিষ্ঠানটোৱে ভুল বাতৰি দিয়াৰ কথা পোহৰলৈ আহে। এএনআই-এ  আব্দুল হিলিম নামৰ লোক জনক নগ্ন ভিডিঅ’ৰ গোচৰত গ্ৰেপ্তাৰ কৰা বুলি বাতৰি প্ৰচাৰৰ পিছতে একাংশ হিন্তুত্ববাদী লোকে মণিপুৰৰ ঘটনাটোত সাম্প্ৰদায়িকতাৰ ৰং চটিয়াই দি আনন্দ লভিছিল। 


কিন্তু সেইসকল প্ৰতিক্ৰিয়াশীল লোকৰ আনন্দ নিৰানন্দত পৰিণত হ’বলৈ বেছি পৰ নালাগিল। আন এটা গোচৰত গ্ৰেপ্তাৰ হোৱা আব্দুল হিলিম নামৰ লোক জনক মণিপুৰৰ নগ্ন ভিডিঅ’ৰ গোচৰত গ্ৰেপ্তাৰ কৰা বুলি ভুৱা বাতৰি প্ৰচাৰ কৰি পিছত এএনআই-এ ক্ষমা বিচাৰিবলগীয়া হৈছে।  আৰক্ষীয়ে প্ৰকাশ কৰা মতে আব্দুল হিলিম পিপলছ ৰিভলিউচনৰী পাৰ্টি অফ কাংলেইপাক নামৰ এটা বিদ্ৰোহী গোটৰ সদস্য।সেইবাবেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। নগ্ন ভিডিঅ’ কাণ্ডৰ সৈতে আব্দুল হিলিমৰ কোনো সম্পৰ্কই নাই।



এএনআইয়ে পিছত ক্ষমা বিচাৰি কৈছে যে সংবাদ প্ৰতিষ্ঠানটোৱে কৰা  টুইটটো "অসাৱধানতাবশতঃ" পোষ্ট কৰা হৈছিল "। মণিপুৰ আৰক্ষীয়ে কৰা  টুইটৰ ভুল বাখ্যা কৰা হৈছিল"।

উল্লেখ্য মাত্ৰ দুসপ্তাহ আগতেও এএনআইয়ে মণিপুৰৰ বিষয়ত  এটা খবৰ প্ৰকাশ কৰি পিছত  প্ৰত্যাহাৰ কৰিছিল।  কিয়নো সেই বাতৰিটো এটা ভুৱা প্ৰেছ বিজ্ঞপ্তিৰ ওপৰত আধাৰিত আছিল। এনেদৰে দেশৰ এটা প্ৰতিষ্ঠিত সংবাদ মাধ্যমৰ অবিবেচক কাণ্ড আৰু সেই খবৰকলৈয়ে একাংশ হিন্দুত্ববাদীয়ে উৰ্ধবাহু নৃত্য কৰাৰ কথাই বহুতকে আচৰিত কৰি তুলিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস