ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰত হিংসাত্মক ঘটনাৰ মাজতে দুগৰাকী মহিলাক ধৰ্ষণৰ পিছত উলংগ কৰি পেৰেড কৰোৱাৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে ৰাজ্য খনত শাসনত থকা বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ মুখা খোল খাই পৰিছে। এই ভিডিঅ'টোৱে বহুতো প্ৰশ্ন উত্থাপন কৰিছে আৰু ভিডিঅ’টোকলৈ বিৰোধীয়ে চৰকাৰক আক্ৰমণ কৰিছে।
ইফালে জানিব পৰা মতে বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ (বিৰোধী দলসমূহৰ মিত্ৰজোঁট) নেতাসকলে অহা সপ্তাহৰ শেষৰ ফালে মণিপুৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। ২৪ জুলাইত সংসদত বিৰোধী দলসমূহৰ বৈঠকত মণিপুৰ ভ্ৰমণৰ তাৰিখ থিৰাং কৰা হ’ব বুলি অনুমান কৰা হৈছে।উল্লেখ্য যোৱা মাহৰ আৰম্ভণিতে ৰাহুল গান্ধীয়ে মণিপুৰ ভ্ৰমণ কৰিছিল। তেওঁৰ ভ্ৰমণৰ সময়ত নানা প্ৰকাৰে তেওঁক বাধা দিবলৈ চেষ্টা চলোৱা হৈছিল যদিও ৰাহুল গান্ধীয়ে সকলো ভাধা অতিক্ৰমী ৰাজ্য খন ভ্ৰমণ কৰিছিল।
ইপিনে বিজেপিৰ একাংশ নেতাই কংগ্ৰেছ শাসিত ৰাজ্যতো ধৰ্ষণ হয় বুলি যুক্তি মণিপুৰৰ নাৰকীয় ঘটনাটোক লঘু কৰি পেলা বিচাৰিছে। বহুতে আকৌ কুকি-মেইটেই সংঘৰ্ষত ধৰ্মীয় ৰং চৰাই মণিপুৰৰ ধৰ্ষণ আৰু উলংগ পেৰেডক ন্যায্যতা প্ৰদান কৰাৰো চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। মণিপুৰৰ ঘটনাটোকলৈ বলীউডৰ তাৰকাসকলৰ লগতে সমাজৰ সকলো বিবেকবান লোকেই প্ৰতি্ৰিয়া ব্যক্ত কৰিছে। তথাপি কেন্দ্ৰই যেন ঘটনাটোক অতি সাধাৰণ ভাবে গ্ৰহণ কৰিছে বুলি অভিযোগ উঠিছে।