--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত  মণিপুৰত হিংসাত্মক ঘটনাৰ মাজতে দুগৰাকী  মহিলাক ধৰ্ষণৰ পিছত উলংগ কৰি পেৰেড কৰোৱাৰ  এটা ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে ৰাজ্য খনত শাসনত থকা বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ মুখা খোল খাই পৰিছে।  এই ভিডিঅ'টোৱে বহুতো প্ৰশ্ন উত্থাপন কৰিছে আৰু ভিডিঅ’টোকলৈ বিৰোধীয়ে চৰকাৰক আক্ৰমণ কৰিছে।

 ইফালে জানিব পৰা মতে   বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ (বিৰোধী দলসমূহৰ মিত্ৰজোঁট) নেতাসকলে অহা সপ্তাহৰ শেষৰ ফালে মণিপুৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। ২৪ জুলাইত সংসদত বিৰোধী দলসমূহৰ বৈঠকত মণিপুৰ ভ্ৰমণৰ তাৰিখ থিৰাং কৰা হ’ব বুলি অনুমান কৰা হৈছে।উল্লেখ্য যোৱা মাহৰ আৰম্ভণিতে ৰাহুল গান্ধীয়ে মণিপুৰ ভ্ৰমণ কৰিছিল। তেওঁৰ ভ্ৰমণৰ সময়ত নানা প্ৰকাৰে তেওঁক বাধা দিবলৈ চেষ্টা চলোৱা হৈছিল যদিও ৰাহুল গান্ধীয়ে সকলো ভাধা অতিক্ৰমী ৰাজ্য খন ভ্ৰমণ কৰিছিল।

 ইপিনে বিজেপিৰ একাংশ নেতাই কংগ্ৰেছ শাসিত ৰাজ্যতো ধৰ্ষণ হয় বুলি যুক্তি মণিপুৰৰ নাৰকীয় ঘটনাটোক লঘু কৰি পেলা বিচাৰিছে। বহুতে আকৌ কুকি-মেইটেই সংঘৰ্ষত ধৰ্মীয় ৰং চৰাই মণিপুৰৰ ধৰ্ষণ আৰু উলংগ পেৰেডক ন্যায্যতা প্ৰদান কৰাৰো চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। মণিপুৰৰ ঘটনাটোকলৈ বলীউডৰ তাৰকাসকলৰ লগতে সমাজৰ সকলো বিবেকবান লোকেই প্ৰতি্ৰিয়া ব্যক্ত কৰিছে। তথাপি কেন্দ্ৰই যেন ঘটনাটোক অতি সাধাৰণ ভাবে গ্ৰহণ কৰিছে বুলি অভিযোগ উঠিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস