--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ৰ প্ৰথমটো ঘূর্ণী বতাহৰ প্ৰভাৱত ২১ মাৰ্চ অৰ্থাৎ সোমবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ-বৰষুণ হ'ব বুলি আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ লগতে পশ্চিমবংগ, বিহাৰো এই ঘূৰ্ণী বতাহৰ কবলত পৰাৰ প্ৰৱল সম্ভাৱনা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী দিয়া মতে দক্ষিণ-পূব বঙ্গোপসাগৰত উৎপত্তি ঘটা ঘূর্ণী বতাহে সোমবাৰে উত্তৰ-পূবদিশে গতি কৰিব আৰু তাৰ পিছত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ হৈ উত্তৰদিশে আগবাঢ়িব। এই সাগৰীয় ঘূর্ণী বতাহক নাম দিয়া হৈছে 'আছানী'। আছানীয়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ভয়ংকৰ ভূমিস্খলনৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছে। দ্বীপসমূহত ধাৰাসাৰ বৰষুণ আৰু তীব্ৰ বতাহে জনসাধাৰণৰ বিস্তৰ ক্ষতিসাধন কৰাৰ প্ৰবল সম্ভাৱনা। ২৩ মাৰ্চত বংগোপসাগৰ আৰু বাংলাদেশ আৰু ম্যানমাৰ উপকূলত ৭০-৮০ কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু ৯০ কিলোমিটাৰ প্ৰতি ঘণ্টালৈকে 'আছানী'য়ে গতি কৰিব। বতৰ বিজ্ঞানীসকলে মাছমৰীয়াসকলক বংগোপসাগৰ আৰু আন্দামান সাগৰ অঞ্চললৈ নাযাবলৈ সতৰ্ক কৰি দিছে। PRAG CINE AWARDS

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন