--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ৰ প্ৰথমটো ঘূর্ণী বতাহৰ প্ৰভাৱত ২১ মাৰ্চ অৰ্থাৎ সোমবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ-বৰষুণ হ'ব বুলি আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ লগতে পশ্চিমবংগ, বিহাৰো এই ঘূৰ্ণী বতাহৰ কবলত পৰাৰ প্ৰৱল সম্ভাৱনা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী দিয়া মতে দক্ষিণ-পূব বঙ্গোপসাগৰত উৎপত্তি ঘটা ঘূর্ণী বতাহে সোমবাৰে উত্তৰ-পূবদিশে গতি কৰিব আৰু তাৰ পিছত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ হৈ উত্তৰদিশে আগবাঢ়িব। এই সাগৰীয় ঘূর্ণী বতাহক নাম দিয়া হৈছে 'আছানী'। আছানীয়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ভয়ংকৰ ভূমিস্খলনৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছে। দ্বীপসমূহত ধাৰাসাৰ বৰষুণ আৰু তীব্ৰ বতাহে জনসাধাৰণৰ বিস্তৰ ক্ষতিসাধন কৰাৰ প্ৰবল সম্ভাৱনা। ২৩ মাৰ্চত বংগোপসাগৰ আৰু বাংলাদেশ আৰু ম্যানমাৰ উপকূলত ৭০-৮০ কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু ৯০ কিলোমিটাৰ প্ৰতি ঘণ্টালৈকে 'আছানী'য়ে গতি কৰিব। বতৰ বিজ্ঞানীসকলে মাছমৰীয়াসকলক বংগোপসাগৰ আৰু আন্দামান সাগৰ অঞ্চললৈ নাযাবলৈ সতৰ্ক কৰি দিছে। PRAG CINE AWARDS

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত