--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিজেপিক ভোট দিয়াৰ বাবে এগৰাকী মুছলমান মহিলাৰ জীৱনলৈ নামি আহিছে বিপদ। বিজেপিক ভোট দিয়া বাবে খঙাল শহুৰেকে তেওঁক প্ৰহাৰ কৰিছিল আৰু ঘৰৰ পৰা বাহিৰ কৰি দিছিল। যদি এই খবৰ আৰক্ষীক দিয়ে তেন্তে তেওঁৰ ভাতৃক হত্যা কৰা হ'ব বুলি ভাবুকি দিয়ে শহুৰেকৰ পৰিয়ালে। এজাজ নগৰ গৌটিয়াৰ বাসিন্দা তাহিৰ আনছাৰীৰ জীয়ৰী উজমাই ২০২১ চনৰ জানুৱাৰীত একেটা অঞ্চলৰ তাছলীম আনছাৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দুয়োৰে প্ৰেম বিবাহ হৈছিল। ভুক্তভোগীয়ে কৈছিল যে তেওঁ বিধানসভা নিৰ্বাচনত বিজেপিক ভোট দিছিল। যেতিয়া তেওঁ কাক ভোট দিছিল বুলি শহুৰেকৰ ঘৰৰ মানুহে সুধিছিল তেতিয়া মহিলাগৰাকীয়ে কৈছিল যে তেওঁ বিজেপিক ভোট দিছে। এই কথা শুনিয়েই খঙত তেওঁলোক উত্তেজিত হৈ পৰিছিল। কথাটো শুনি তেওঁক মাৰধৰ কৰাৰ লগতে বিজেপিক ভোট দিয়া কাৰণে তেওঁৰ স্বামীয়ে তেওঁক বিবাহ বিচ্ছেদ দিব বুলি ভাবুকি দিয়ে দেওৰেকে। লগতে তেওঁক ঘৰৰ পৰা উলিয়াই দিয়ে। বৰ্তমান ভুক্তভোগী মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে আৰক্ষীৰ পৰা সহায় বিচাৰিছে। তানজিম উলামা-ই-ইছলামৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মৌলানা শ্বাহবুদ্দিন ৰাজৱীয়ে কয় যে ''ৰাজনৈতিক দলসমূহক ভোট দিয়াটো এটা সাংবিধানিক অধিকাৰ। যিকোনো পুৰুষ, মহিলা, মহিলাই যিকোনো প্ৰাৰ্থী বা দলক নিজ পচন্দ অনুযায়ী ভোট দিব পাৰে। ইয়াক ৰাজনৈতিক দৃষ্টিকোণৰ পৰা চোৱাটো উচিত নহয়। এই কথাত যদি মহিলাগৰাকীক বিবাহ বিচ্ছেদৰ ভাবুকি দিয়া হৈছে তেন্তে এয়া অত্যন্ত ভুল হৈছে। শহুৰৰ পৰিয়ালে ভুক্তভোগীৰ ওচৰত ক্ষমা বিচৰা উচিত। যদি তেওঁলোকে এনে নকৰে তেন্তে তেওঁলোক শ্বৰীয়তৰ দৃষ্টিত দোষী সাব্যস্ত হ'ব।'' আৰু পঢ়কঃ আহি আছে ‘আছানী’! উত্তৰ-পূৱৰ ৰাজ্যসমূহত প্ৰবল বতাহ-বৰষুণৰ আগজাননী PRAG CINE AWARDS

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন