--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাজ কাপুৰ… ভাৰতীয় চিনেমাৰ যুগদ্ৰষ্টা তেওঁ। ভাৰতীয় চিনেমাৰ সৰ্বশ্ৰেষ্ঠ 'শ্ব'মেন' হিচাপে পৰিচিত ৰাজ কাপুৰৰ বায়'পিক নিৰ্মাণ কৰিবলৈ আগ্ৰহী নাতি ৰণবীৰ কাপুৰ। বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰে বিচাৰে তেওঁৰ ককাক ৰাজ কাপুৰৰ জীৱনটোৰ বিষয়ে সকলো লোকেই জ্ঞাত হোৱা উচিত। ৰাজ কাপুৰ তেওঁৰ অভিনয়ৰ বাবে যিমান প্ৰশংসিত, সিমানেই "ববি" আৰু "সংগম"ৰ দৰে চলচ্চিত্ৰ পৰিচালনাৰ বাবেও প্ৰশংসিত ৷ অভিনেতা পৃথ্বীৰাজ কাপুৰৰ পুত্ৰ ৰাজ কাপুৰৰ পৰিয়ালটো পূৰ্বৰে পৰা বিনোদন জগতৰ সৈতে জড়িত আছিল৷ যিটো পৰিয়ালৰ প্ৰতি প্ৰজন্মৰ কেইবাগৰাকীও সদস্য এই জগতৰ সৈতে জড়িত হৈ আহিছে৷ ৰাজ কাপুৰৰ ভাতৃ শাম্মী আৰু শশী, পুত্ৰ ঋষি আৰু নাতি-নাতিনী কৰীণা আৰু ৰণবীৰ বলীউডৰ সৈতে জড়িত৷ সন্মানীয় কাপুৰ চলচ্চিত্ৰ পৰিয়ালৰ চতুৰ্থ প্ৰজন্মৰ অভিনেতাজনে ৰাজধানীত 'ৰাজ কাপুৰ: দ্য মাষ্টাৰ এট ৱৰ্ক' নামৰ কিতাপখন মুকলি কৰাৰ পিছত এক পেনেল আলোচনাত ভাষণ দি আছিল।

ৰাহুল ৰাৱেল নামৰ এজন লেখকে লিখা 'ৰাজ কাপুৰ: দ্য মাষ্টাৰ এট ৱৰ্ক' নামৰ কিতাপখনৰ মুকলি অনুষ্ঠানত ভাগ লৈ এই কথা সদৰী কৰে ৰণবীৰ কাপুৰে। ৰণবীৰে এই সন্দৰ্ভত কয় যে মই মোৰ ককাৰ ওপৰত এখন বায়পিক নিৰ্মাণ কৰাৰ সপোন বহুদিনীয়া। এই অনুষ্ঠানতে এজন সাংবাদিকে ৰণবীৰ কাপুৰক সুধিছিল যে তেওঁ এতিয়াও জীয়াই থকা হলে আপুনি কি কৰিলেহেঁতেন? এই প্ৰশ্নৰ উত্তৰ দি ৰণবীৰে কয় মই ককাৰ সৈতে জীৱনৰ কথা পাতিলোহেঁতেন। আনকি মই তেওঁৰ সৈতে বহি সুৰাপানো কৰিলোহেঁতেন।ৰাহুল ৰাৱেলে মোৰ ককাক বহু ওচৰৰ পৰা পাইছিল, তেওঁ ককাৰ বহু কাহিনী জানে, যিবোৰ এই কিতাপত লিখা হোৱা নাই। ককাৰ জীৱনৰ উন্মোচিত নোহোৱা কথাবোৰেৰে মই এখন বায়পিক নিৰ্মাণ কৰিবলৈ বিচাৰোঁ। উল্লেখ্য যে ১৯২৪ চনৰ ১৪ ডিচেম্বৰত পেছোৱাৰত ৰাজ কাপুৰৰ জন্ম হৈছিল৷

তেওঁ আৱাৰা, শ্ৰী 420, আগ, বৰসাত, মেৰা নাম জ’কাৰ আৰু সত্যম শিৱম সুন্দৰমৰ দৰে চলচ্চিত্ৰত কৰা অভিনয়ে দৰ্শকক আপ্লুত কৰি তুলিছিল।ৰাজ কাপুৰে কেৰিয়াৰৰ আৰম্ভণি কৰিছিল ১০ বছৰ বয়সত৷ ৰাজ কাপুৰৰ বয়স মাত্ৰ ২৪ বছৰ থাকোতেই তেওঁ আৰ কে ষ্টুডিঅ' প্ৰতিষ্ঠা কৰিছিল৷ ১৯৪৯ চনত দিলীপ কুমাৰ আৰু নাৰ্গিছৰ সৈতে আন্দাজত কৰা অভিনয়ে অভিনেতা হিচাপে ৰাজ কাপুৰক প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল। চিনেমা জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাজ কাপুৰে ভাৰত চৰকাৰৰ তৰফৰ পৰা লাভ কৰিছিল পদ্মভূষণ আৰু দাদাচাহেব ফাল্কে বঁটা ৷ তদুপৰি তেওঁ পাইছিল তিনিটাকৈ ৰাষ্ট্ৰীয় বঁটা আৰু ১১টাকৈ ফিল্মফেয়াৰ বঁটা৷ ১৯৮৮ চনত ৬৩ বছৰ বয়সত মৃত্যুবৰণ কৰে বিশিষ্ট অভিনেতা ৰাজ কাপুৰে। ৰণবীৰ কাপুৰৰ মন্তব্যৰ পাছতেই ভাৰতীয় চিনেমাৰ সৰ্বশ্ৰেষ্ঠ 'শ্ব'মেন' ৰাজ কাপুৰৰ বায়'পিক চাবলৈ আগ্ৰহী হৈ পৰিছে চিনেমাপ্ৰেমীসকল।

আৰু পঢ়কঃ নাগালেণ্ডলৈ বিক্ৰীৰ বাবে পঠাবলৈ বান্ধি থোৱা ২৪টা কুকুৰ উদ্ধাৰ যোৰহাট আৰক্ষীৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ