--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাজ কাপুৰ… ভাৰতীয় চিনেমাৰ যুগদ্ৰষ্টা তেওঁ। ভাৰতীয় চিনেমাৰ সৰ্বশ্ৰেষ্ঠ 'শ্ব'মেন' হিচাপে পৰিচিত ৰাজ কাপুৰৰ বায়'পিক নিৰ্মাণ কৰিবলৈ আগ্ৰহী নাতি ৰণবীৰ কাপুৰ। বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰে বিচাৰে তেওঁৰ ককাক ৰাজ কাপুৰৰ জীৱনটোৰ বিষয়ে সকলো লোকেই জ্ঞাত হোৱা উচিত। ৰাজ কাপুৰ তেওঁৰ অভিনয়ৰ বাবে যিমান প্ৰশংসিত, সিমানেই "ববি" আৰু "সংগম"ৰ দৰে চলচ্চিত্ৰ পৰিচালনাৰ বাবেও প্ৰশংসিত ৷ অভিনেতা পৃথ্বীৰাজ কাপুৰৰ পুত্ৰ ৰাজ কাপুৰৰ পৰিয়ালটো পূৰ্বৰে পৰা বিনোদন জগতৰ সৈতে জড়িত আছিল৷ যিটো পৰিয়ালৰ প্ৰতি প্ৰজন্মৰ কেইবাগৰাকীও সদস্য এই জগতৰ সৈতে জড়িত হৈ আহিছে৷ ৰাজ কাপুৰৰ ভাতৃ শাম্মী আৰু শশী, পুত্ৰ ঋষি আৰু নাতি-নাতিনী কৰীণা আৰু ৰণবীৰ বলীউডৰ সৈতে জড়িত৷ সন্মানীয় কাপুৰ চলচ্চিত্ৰ পৰিয়ালৰ চতুৰ্থ প্ৰজন্মৰ অভিনেতাজনে ৰাজধানীত 'ৰাজ কাপুৰ: দ্য মাষ্টাৰ এট ৱৰ্ক' নামৰ কিতাপখন মুকলি কৰাৰ পিছত এক পেনেল আলোচনাত ভাষণ দি আছিল।

ৰাহুল ৰাৱেল নামৰ এজন লেখকে লিখা 'ৰাজ কাপুৰ: দ্য মাষ্টাৰ এট ৱৰ্ক' নামৰ কিতাপখনৰ মুকলি অনুষ্ঠানত ভাগ লৈ এই কথা সদৰী কৰে ৰণবীৰ কাপুৰে। ৰণবীৰে এই সন্দৰ্ভত কয় যে মই মোৰ ককাৰ ওপৰত এখন বায়পিক নিৰ্মাণ কৰাৰ সপোন বহুদিনীয়া। এই অনুষ্ঠানতে এজন সাংবাদিকে ৰণবীৰ কাপুৰক সুধিছিল যে তেওঁ এতিয়াও জীয়াই থকা হলে আপুনি কি কৰিলেহেঁতেন? এই প্ৰশ্নৰ উত্তৰ দি ৰণবীৰে কয় মই ককাৰ সৈতে জীৱনৰ কথা পাতিলোহেঁতেন। আনকি মই তেওঁৰ সৈতে বহি সুৰাপানো কৰিলোহেঁতেন।ৰাহুল ৰাৱেলে মোৰ ককাক বহু ওচৰৰ পৰা পাইছিল, তেওঁ ককাৰ বহু কাহিনী জানে, যিবোৰ এই কিতাপত লিখা হোৱা নাই। ককাৰ জীৱনৰ উন্মোচিত নোহোৱা কথাবোৰেৰে মই এখন বায়পিক নিৰ্মাণ কৰিবলৈ বিচাৰোঁ। উল্লেখ্য যে ১৯২৪ চনৰ ১৪ ডিচেম্বৰত পেছোৱাৰত ৰাজ কাপুৰৰ জন্ম হৈছিল৷

তেওঁ আৱাৰা, শ্ৰী 420, আগ, বৰসাত, মেৰা নাম জ’কাৰ আৰু সত্যম শিৱম সুন্দৰমৰ দৰে চলচ্চিত্ৰত কৰা অভিনয়ে দৰ্শকক আপ্লুত কৰি তুলিছিল।ৰাজ কাপুৰে কেৰিয়াৰৰ আৰম্ভণি কৰিছিল ১০ বছৰ বয়সত৷ ৰাজ কাপুৰৰ বয়স মাত্ৰ ২৪ বছৰ থাকোতেই তেওঁ আৰ কে ষ্টুডিঅ' প্ৰতিষ্ঠা কৰিছিল৷ ১৯৪৯ চনত দিলীপ কুমাৰ আৰু নাৰ্গিছৰ সৈতে আন্দাজত কৰা অভিনয়ে অভিনেতা হিচাপে ৰাজ কাপুৰক প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল। চিনেমা জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাজ কাপুৰে ভাৰত চৰকাৰৰ তৰফৰ পৰা লাভ কৰিছিল পদ্মভূষণ আৰু দাদাচাহেব ফাল্কে বঁটা ৷ তদুপৰি তেওঁ পাইছিল তিনিটাকৈ ৰাষ্ট্ৰীয় বঁটা আৰু ১১টাকৈ ফিল্মফেয়াৰ বঁটা৷ ১৯৮৮ চনত ৬৩ বছৰ বয়সত মৃত্যুবৰণ কৰে বিশিষ্ট অভিনেতা ৰাজ কাপুৰে। ৰণবীৰ কাপুৰৰ মন্তব্যৰ পাছতেই ভাৰতীয় চিনেমাৰ সৰ্বশ্ৰেষ্ঠ 'শ্ব'মেন' ৰাজ কাপুৰৰ বায়'পিক চাবলৈ আগ্ৰহী হৈ পৰিছে চিনেমাপ্ৰেমীসকল।

আৰু পঢ়কঃ নাগালেণ্ডলৈ বিক্ৰীৰ বাবে পঠাবলৈ বান্ধি থোৱা ২৪টা কুকুৰ উদ্ধাৰ যোৰহাট আৰক্ষীৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু