--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘মোক থাপ্পড় নামাৰিব…’- এনেদৰে বলীউড তাৰকা ছলমান খানৰ আগত কান্দি উঠিল বেবী ডল ছানী লিয়নী৷ কিন্তু ছানীয়ে হঠাতে ছলমানক এনেকে কিয় ক’বলগা হৈছিল? নিজৰ ভংগিমা, লয়লাসেৰে সকলোকে মুহিত কৰা ছানী সদায় আনতকৈ পৃথক৷ ভগা ভগা হিন্দীৰে অতি কম সময়তে দৰ্শকক আপ্লুট কৰিবলৈ সক্ষম হৈছিল ছানী৷ সেই বিশেষ দিনটোতো ছানী গৈছিল বিগ বছ ১৫ৰ মঞ্চত৷ ছানী আৰু গায়িকা কণিকা কাপুৰে তেওঁৰ আহিবলগীয়া সংগীত ভিডিঅ’ৰ প্ৰচাৰৰ বাবে বিগ বছৰ সপ্তাহান্তিকৰ বিশেষ খণ্ডত উপস্থিত হৈছিল। ছুপাৰষ্টাৰ ছলমানৰ লগত বিভিন্ন ৰসিক কথাৰে ৰোমাঞ্চিত কৰি তুলিছিল বিগ বছৰ মজিয়া৷

পূৰ্বতে ‘বেবী ডল…’ শীৰ্ষক গীতটোৱে অনুৰাগীক দিছিল বিশেষ আমেজ। কনিকাৰ সংগীত আৰু ছানীৰ অভিনয়ে দৰ্শকৰ মনত সাচ বহুবলৈ সক্ষম হৈছিল৷ শেহতীয়াকৈ ছানী লিয়নীয়ে আকৌ এবাৰ কণিকা কাপুৰ গীতত অভিনয় কৰি আনুৰাগীক দিব বিচাৰিছে বছৰটোৰ বিশেষ উপহাৰ৷ যাৰ বাবে সাজু হৈছে তেওঁলোক। উল্লেখ্য যে, ছানীয়ে বিগ বছৰ মঞ্চত গীতটিৰ প্ৰচাৰৰ বাবে উপস্থিত হৈ দৰ্শক আমোদ দিবলৈ প্ৰয়াস কৰিছিল। লগতে ছলমানৰ ‘ডাবাং’ শীৰ্ষক ছবিখনৰ দুটা সংলাপো ভগা ভগা হিন্দীতেই আওৰাইছিল৷

অৱশ্যে, নায়িকাগৰাকীয়ে সংলাপটো সঠিকভাৱে ক’ব নোৱাৰিলে। যাৰ ফলত ‘থাপ্পড় ছে দৰ নেহি লগটা ছাহাব, প্যাৰ ছে লগাটে হ্যে’-এই জনপ্ৰিয় সংলাপটোৰ সলনি কৰি দিলে মোহময়ী অভিনেত্ৰীগৰাকীয়ে৷ আৰু ছলমানক কৈ উঠিল, ‘মোক থাপ্পড় নামাৰিব’- বুলি৷ এই সংলাপটোৱে দৰ্শকক আমোদ দিবলৈ সক্ষম হোৱাৰ লগতে ছ’চিয়েল মিডিয়াটো যথেষ্ট ভাইৰেল হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু