--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘মোক থাপ্পড় নামাৰিব…’- এনেদৰে বলীউড তাৰকা ছলমান খানৰ আগত কান্দি উঠিল বেবী ডল ছানী লিয়নী৷ কিন্তু ছানীয়ে হঠাতে ছলমানক এনেকে কিয় ক’বলগা হৈছিল? নিজৰ ভংগিমা, লয়লাসেৰে সকলোকে মুহিত কৰা ছানী সদায় আনতকৈ পৃথক৷ ভগা ভগা হিন্দীৰে অতি কম সময়তে দৰ্শকক আপ্লুট কৰিবলৈ সক্ষম হৈছিল ছানী৷ সেই বিশেষ দিনটোতো ছানী গৈছিল বিগ বছ ১৫ৰ মঞ্চত৷ ছানী আৰু গায়িকা কণিকা কাপুৰে তেওঁৰ আহিবলগীয়া সংগীত ভিডিঅ’ৰ প্ৰচাৰৰ বাবে বিগ বছৰ সপ্তাহান্তিকৰ বিশেষ খণ্ডত উপস্থিত হৈছিল। ছুপাৰষ্টাৰ ছলমানৰ লগত বিভিন্ন ৰসিক কথাৰে ৰোমাঞ্চিত কৰি তুলিছিল বিগ বছৰ মজিয়া৷

পূৰ্বতে ‘বেবী ডল…’ শীৰ্ষক গীতটোৱে অনুৰাগীক দিছিল বিশেষ আমেজ। কনিকাৰ সংগীত আৰু ছানীৰ অভিনয়ে দৰ্শকৰ মনত সাচ বহুবলৈ সক্ষম হৈছিল৷ শেহতীয়াকৈ ছানী লিয়নীয়ে আকৌ এবাৰ কণিকা কাপুৰ গীতত অভিনয় কৰি আনুৰাগীক দিব বিচাৰিছে বছৰটোৰ বিশেষ উপহাৰ৷ যাৰ বাবে সাজু হৈছে তেওঁলোক। উল্লেখ্য যে, ছানীয়ে বিগ বছৰ মঞ্চত গীতটিৰ প্ৰচাৰৰ বাবে উপস্থিত হৈ দৰ্শক আমোদ দিবলৈ প্ৰয়াস কৰিছিল। লগতে ছলমানৰ ‘ডাবাং’ শীৰ্ষক ছবিখনৰ দুটা সংলাপো ভগা ভগা হিন্দীতেই আওৰাইছিল৷

অৱশ্যে, নায়িকাগৰাকীয়ে সংলাপটো সঠিকভাৱে ক’ব নোৱাৰিলে। যাৰ ফলত ‘থাপ্পড় ছে দৰ নেহি লগটা ছাহাব, প্যাৰ ছে লগাটে হ্যে’-এই জনপ্ৰিয় সংলাপটোৰ সলনি কৰি দিলে মোহময়ী অভিনেত্ৰীগৰাকীয়ে৷ আৰু ছলমানক কৈ উঠিল, ‘মোক থাপ্পড় নামাৰিব’- বুলি৷ এই সংলাপটোৱে দৰ্শকক আমোদ দিবলৈ সক্ষম হোৱাৰ লগতে ছ’চিয়েল মিডিয়াটো যথেষ্ট ভাইৰেল হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ