--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কংগনাৰ কথাই টেঙা লগাইছে দেশবাসীক। পুনৰ চৰ্চাত বলীউডৰ 'কণ্ট্ৰভাৰ্ছী কুইন' কংগনা ৰাণাৱট। বিতৰ্কিত মন্তব্যৰে সদায় সংবাদ শিৰোনাম দখল কৰি আহিছে কংগনাই। ভাৰতবৰ্ষৰ স্বাধীনতা, জাতিৰ পিতা মহাত্মা গান্ধীক লৈ বিতৰ্কিত মন্তব্য কৰাৰ লগতে শিখ সম্প্ৰদায়ৰ বিৰুদ্ধেও বিৰূপ মন্তব্য কৰিছিল কংগনাই । ইনষ্টাগ্ৰামত শিখ সম্প্ৰদায়ৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগো উত্থাপিত হৈছিল এইগৰাকী বিতৰ্কিত কংগনাৰ বিৰুদ্ধে। দেশৰ কৃষকসকলকো সন্ত্ৰাসবাদী বুলি উদ্ভট মন্তব্য কৰি তিক্ত সমালোচনাৰ সন্মুখীন হৈছিল এইগৰাকী অভিনেত্ৰীয়ে। তথাপি যেন ক্ষান্ত হোৱা নাই কংগনা!

বিতৰ্কই একপ্ৰকাৰ হৈ পৰিছে কংগনাৰ জীৱন লগৰী! এইবাৰ আকৌ, ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা সংগ্ৰাম সম্পৰ্কে বিতৰ্কিত মন্তব্য কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। দেশৰ স্বাধীনতাক লৈ কৰা বিৰূপ মন্তব্যৰ বাবে বাংলাদেশৰ জনগণে ‘পদ্মশ্ৰী’ কংগনাক তিক্ত সমালোচনাৰে থকা-সৰকা কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, কংগনাই ১৯৭১ চনৰ ১৬ ডিচেম্বৰৰ সেই বিজয় বাংলাদেশৰ বিজয় নাছিল, 'পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়' বুলি ফেচবুক আৰু ইনষ্টাগ্ৰামত পোষ্ট কৰাত ক্ষুব্ধ হৈ পৰে বাংলাদেশৰ জনগণ।কংগনাই কয়, ‘ ২০২১ চনতো হৈছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ সোণালী জয়ন্তী।

১৯৭১ চনত ছোহৰাৱাৰ্ডী পাৰ্কত পাকিস্তানী বাহিনীয়ে বাংলাদেশ আৰু ভাৰতীয় সেনা বাহিনীৰ যুটীয়া অভিযানৰ ফলত এয়া আছিল আনুষ্ঠানিক আত্মসমৰ্পণ।’ সামাজিক মাধ্যমত এখন ফটোও পোষ্ট কৰিছিল কংগনাই।সম্প্ৰতি কংগনাৰ এনে কাণ্ডক ধিক্কাৰ জনাইছে দেশখনৰ সচেতন নাগৰিকে। কংগনাৰ পোষ্টক লৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে একাংশই কংগনাক ইতিহাস বিকৃত নকৰিবলৈ দিছে কঠোৰ সকিয়নী। একেটা ভুলৰে পুনৰাবৃত্তি নকৰিবলৈ কংগনাক অনুৰোধ জনাইছে দেশবাসীয়ে।


স্বাভাৱিকতে, কংগনাৰ এনে বিভ্ৰান্তিকৰ মন্তব্যই বাৰে বাৰে আহত কৰিছে দেশৰ নাগৰিকক। তেওঁৰ বিদ্ৰুপ মন্তব্যই দূষিত কৰিছে সমাজ ব্যৱস্থাক। তথাপি কংগনাৰ বিৰুদ্ধে উৰ্ধতন কৰ্তৃপক্ষ কঠোৰ নোহোৱাৰ কাৰণ কিয়? তাকে লৈ এতিয়া উত্থাপিত হৈছে প্ৰশ্ন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ