--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কংগনাৰ কথাই টেঙা লগাইছে দেশবাসীক। পুনৰ চৰ্চাত বলীউডৰ 'কণ্ট্ৰভাৰ্ছী কুইন' কংগনা ৰাণাৱট। বিতৰ্কিত মন্তব্যৰে সদায় সংবাদ শিৰোনাম দখল কৰি আহিছে কংগনাই। ভাৰতবৰ্ষৰ স্বাধীনতা, জাতিৰ পিতা মহাত্মা গান্ধীক লৈ বিতৰ্কিত মন্তব্য কৰাৰ লগতে শিখ সম্প্ৰদায়ৰ বিৰুদ্ধেও বিৰূপ মন্তব্য কৰিছিল কংগনাই । ইনষ্টাগ্ৰামত শিখ সম্প্ৰদায়ৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগো উত্থাপিত হৈছিল এইগৰাকী বিতৰ্কিত কংগনাৰ বিৰুদ্ধে। দেশৰ কৃষকসকলকো সন্ত্ৰাসবাদী বুলি উদ্ভট মন্তব্য কৰি তিক্ত সমালোচনাৰ সন্মুখীন হৈছিল এইগৰাকী অভিনেত্ৰীয়ে। তথাপি যেন ক্ষান্ত হোৱা নাই কংগনা!

বিতৰ্কই একপ্ৰকাৰ হৈ পৰিছে কংগনাৰ জীৱন লগৰী! এইবাৰ আকৌ, ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা সংগ্ৰাম সম্পৰ্কে বিতৰ্কিত মন্তব্য কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। দেশৰ স্বাধীনতাক লৈ কৰা বিৰূপ মন্তব্যৰ বাবে বাংলাদেশৰ জনগণে ‘পদ্মশ্ৰী’ কংগনাক তিক্ত সমালোচনাৰে থকা-সৰকা কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, কংগনাই ১৯৭১ চনৰ ১৬ ডিচেম্বৰৰ সেই বিজয় বাংলাদেশৰ বিজয় নাছিল, 'পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়' বুলি ফেচবুক আৰু ইনষ্টাগ্ৰামত পোষ্ট কৰাত ক্ষুব্ধ হৈ পৰে বাংলাদেশৰ জনগণ।কংগনাই কয়, ‘ ২০২১ চনতো হৈছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ সোণালী জয়ন্তী।

১৯৭১ চনত ছোহৰাৱাৰ্ডী পাৰ্কত পাকিস্তানী বাহিনীয়ে বাংলাদেশ আৰু ভাৰতীয় সেনা বাহিনীৰ যুটীয়া অভিযানৰ ফলত এয়া আছিল আনুষ্ঠানিক আত্মসমৰ্পণ।’ সামাজিক মাধ্যমত এখন ফটোও পোষ্ট কৰিছিল কংগনাই।সম্প্ৰতি কংগনাৰ এনে কাণ্ডক ধিক্কাৰ জনাইছে দেশখনৰ সচেতন নাগৰিকে। কংগনাৰ পোষ্টক লৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে একাংশই কংগনাক ইতিহাস বিকৃত নকৰিবলৈ দিছে কঠোৰ সকিয়নী। একেটা ভুলৰে পুনৰাবৃত্তি নকৰিবলৈ কংগনাক অনুৰোধ জনাইছে দেশবাসীয়ে।


স্বাভাৱিকতে, কংগনাৰ এনে বিভ্ৰান্তিকৰ মন্তব্যই বাৰে বাৰে আহত কৰিছে দেশৰ নাগৰিকক। তেওঁৰ বিদ্ৰুপ মন্তব্যই দূষিত কৰিছে সমাজ ব্যৱস্থাক। তথাপি কংগনাৰ বিৰুদ্ধে উৰ্ধতন কৰ্তৃপক্ষ কঠোৰ নোহোৱাৰ কাৰণ কিয়? তাকে লৈ এতিয়া উত্থাপিত হৈছে প্ৰশ্ন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু