--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড প্ৰেমীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰাচীন ভাৰতৰ মূল মহাকাব্য 'মহাভাৰত'ৰ ওপৰত নিৰ্মাণ হ'বলৈ গৈ আছে এখন নতুন চিনেমা। যাৰ বাজেটত আনুমানিক ৭০০ কোটি টকা। ফলত ভাৰতৰ ইতিহাসৰ আটাইতকৈ দামী চিনেমা হ’বলৈ গৈ আছে।

এক সূত্ৰ অনুসৰি, প্ৰযোজক ফিৰোজ নাদিয়াদৱালাই ইতিমধ্যে ‘মহাভাৰত’ৰ কাম আৰম্ভ কৰিছে। চিত্ৰনাট্য নিৰ্মাণৰ কাম যোৱা ৪-৫ বছৰ ধৰি চলি আছে। ইয়াৰ উপৰিও দলটোৱে কেইবাবছৰ ধৰি আন আন প্ৰি-প্ৰডাকচন প্ৰস্তুতি চলাই আহিছে।

যদি সকলো ঠিকে থাকে তেন্তে ২০২৫ চনৰ আৰম্ভণিতে আৰম্ভ হ’ব ছবিখনৰ মূল শ্বুটিং। তাৰ পাছত সেই বছৰৰ ডিচেম্বৰ মাহত ডাঙৰ পৰ্দাত মুক্তি পাব। 'মহাভাৰত' মূলতঃ হিন্দী ভাষাত বনোৱা হ'ব। অৱশ্যে ইয়াক আন কেইবাটাও ভাষাতো মুকলি কৰা হ’ব।

এই বৃহৎ বাজেটৰ চিনেমাখনত কোনে অভিনয় কৰিব? 

জানিব পৰা মতে, প্ৰযোজক ফিৰোজে বিভিন্ন চৰিত্ৰত অক্ষয় কুমাৰ, অজয় ​​দেৱগণ, ৰণবীৰ সিং, পৰেশ ৰাৱাল, নানা পাটেকাৰ, অনিল কাপুৰ আদি তাৰকাক বিবেচনা কৰিছে। ইয়াৰ বাহিৰেও মহিলাৰ চৰিত্ৰত দেখা যাব নতুন মুখ । তদুপৰি দক্ষিণৰ চিনেমাৰ প্ৰথম শাৰীৰ কেইজনমান তাৰকাও চিনেমাখনত থাকিব। সেয়া কোন কোন হ'ব তাক জানিব পৰা হোৱা নাই।

মহাকাব্যিক চিনেমাখন কোনে পৰিচালনা কৰিব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। অৱশ্যে প্ৰযোজক ফিৰোজ নাদিয়াদৱালাই ছবিখন এনেদৰে নিৰ্মাণ কৰিব বিচাৰিছে যে ইয়াক হলিউড মাৰ্ভেল আৰু ডিচি কমিক্সৰ চিনেমাৰ সৈতে তুলনা কৰিব পৰা যায়।

১৯৬৫ চনত বলীউডত নিৰ্মাণ হৈছিল ‘মহাভাৰত’ চিনেমা। ই দৰ্শকৰ হৃদয় জয় কৰি বক্স অফিচত সফল হৈ উঠিছিল। সূত্ৰটোৰ মতে, সেইখন চিনেমাখনৰ আৰ্হি নিৰ্মাণ কৰা হ’ব এতিয়াৰ মহাভাৰতৰ কাম । ইয়াৰ বেছিভাগ একচন দৃশ্য বাস্তৱিক হ’ব। ইয়াত ভিএফএক্সতকৈ চৰিত্ৰ, চিত্ৰনাট্য আৰু আৱেগক অধিক গুৰুত্ব দিয়া হ’ব।’

উল্লেখযোগ্য যে চিনেমাখনৰ বেকগ্ৰাউণ্ড মিউজিকটো হ’ব নিউয়ৰ্কত। দুবাৰকৈ অস্কাৰ বিজয়ী সংগীত প্ৰযোজক হান্স জিমাৰেও দায়িত্ব পালন কৰিব। ভিএফএক্সৰ কামো কৰিব আমেৰিকাৰ এটা আগশাৰীৰ কোম্পানীয়ে। ইয়াৰ পূৰ্বে ভাৰতত ইমান বৃহৎ পৰিসৰত কোনো চিনেমা নিৰ্মাণ হোৱা নাই। গতিকে সংশ্লিষ্ট লোকসকলে ভাবে যে দৰ্শকৰ বাবে কিবা এটা আচৰিত হ’বলৈ গৈ আছে। যদিও শেহতীয়াকৈ বহু দামী চিনেমা বিফল হৈছে। সেয়েহে ‘মহাভাৰত’ কিমান পৰিমাণে সফল হ'ব পাৰে তাৰ বাবে দৰ্শকে আৰু কমেও তিনি বছৰ অপেক্ষা কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ