--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড প্ৰেমীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰাচীন ভাৰতৰ মূল মহাকাব্য 'মহাভাৰত'ৰ ওপৰত নিৰ্মাণ হ'বলৈ গৈ আছে এখন নতুন চিনেমা। যাৰ বাজেটত আনুমানিক ৭০০ কোটি টকা। ফলত ভাৰতৰ ইতিহাসৰ আটাইতকৈ দামী চিনেমা হ’বলৈ গৈ আছে।

এক সূত্ৰ অনুসৰি, প্ৰযোজক ফিৰোজ নাদিয়াদৱালাই ইতিমধ্যে ‘মহাভাৰত’ৰ কাম আৰম্ভ কৰিছে। চিত্ৰনাট্য নিৰ্মাণৰ কাম যোৱা ৪-৫ বছৰ ধৰি চলি আছে। ইয়াৰ উপৰিও দলটোৱে কেইবাবছৰ ধৰি আন আন প্ৰি-প্ৰডাকচন প্ৰস্তুতি চলাই আহিছে।

যদি সকলো ঠিকে থাকে তেন্তে ২০২৫ চনৰ আৰম্ভণিতে আৰম্ভ হ’ব ছবিখনৰ মূল শ্বুটিং। তাৰ পাছত সেই বছৰৰ ডিচেম্বৰ মাহত ডাঙৰ পৰ্দাত মুক্তি পাব। 'মহাভাৰত' মূলতঃ হিন্দী ভাষাত বনোৱা হ'ব। অৱশ্যে ইয়াক আন কেইবাটাও ভাষাতো মুকলি কৰা হ’ব।

এই বৃহৎ বাজেটৰ চিনেমাখনত কোনে অভিনয় কৰিব? 

জানিব পৰা মতে, প্ৰযোজক ফিৰোজে বিভিন্ন চৰিত্ৰত অক্ষয় কুমাৰ, অজয় ​​দেৱগণ, ৰণবীৰ সিং, পৰেশ ৰাৱাল, নানা পাটেকাৰ, অনিল কাপুৰ আদি তাৰকাক বিবেচনা কৰিছে। ইয়াৰ বাহিৰেও মহিলাৰ চৰিত্ৰত দেখা যাব নতুন মুখ । তদুপৰি দক্ষিণৰ চিনেমাৰ প্ৰথম শাৰীৰ কেইজনমান তাৰকাও চিনেমাখনত থাকিব। সেয়া কোন কোন হ'ব তাক জানিব পৰা হোৱা নাই।

মহাকাব্যিক চিনেমাখন কোনে পৰিচালনা কৰিব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। অৱশ্যে প্ৰযোজক ফিৰোজ নাদিয়াদৱালাই ছবিখন এনেদৰে নিৰ্মাণ কৰিব বিচাৰিছে যে ইয়াক হলিউড মাৰ্ভেল আৰু ডিচি কমিক্সৰ চিনেমাৰ সৈতে তুলনা কৰিব পৰা যায়।

১৯৬৫ চনত বলীউডত নিৰ্মাণ হৈছিল ‘মহাভাৰত’ চিনেমা। ই দৰ্শকৰ হৃদয় জয় কৰি বক্স অফিচত সফল হৈ উঠিছিল। সূত্ৰটোৰ মতে, সেইখন চিনেমাখনৰ আৰ্হি নিৰ্মাণ কৰা হ’ব এতিয়াৰ মহাভাৰতৰ কাম । ইয়াৰ বেছিভাগ একচন দৃশ্য বাস্তৱিক হ’ব। ইয়াত ভিএফএক্সতকৈ চৰিত্ৰ, চিত্ৰনাট্য আৰু আৱেগক অধিক গুৰুত্ব দিয়া হ’ব।’

উল্লেখযোগ্য যে চিনেমাখনৰ বেকগ্ৰাউণ্ড মিউজিকটো হ’ব নিউয়ৰ্কত। দুবাৰকৈ অস্কাৰ বিজয়ী সংগীত প্ৰযোজক হান্স জিমাৰেও দায়িত্ব পালন কৰিব। ভিএফএক্সৰ কামো কৰিব আমেৰিকাৰ এটা আগশাৰীৰ কোম্পানীয়ে। ইয়াৰ পূৰ্বে ভাৰতত ইমান বৃহৎ পৰিসৰত কোনো চিনেমা নিৰ্মাণ হোৱা নাই। গতিকে সংশ্লিষ্ট লোকসকলে ভাবে যে দৰ্শকৰ বাবে কিবা এটা আচৰিত হ’বলৈ গৈ আছে। যদিও শেহতীয়াকৈ বহু দামী চিনেমা বিফল হৈছে। সেয়েহে ‘মহাভাৰত’ কিমান পৰিমাণে সফল হ'ব পাৰে তাৰ বাবে দৰ্শকে আৰু কমেও তিনি বছৰ অপেক্ষা কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’