--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধী ভাৰতৰ নাগৰিক নহয়! তেওঁৰ মনোনয়ন বাতিল কৰিব লাগে। এই দাবী জনাই নিৰ্বাচন আয়োগৰ কাষ চাপিছে  অনিৰুদ্ধ প্ৰতাপ সিং নামৰ এজন ব্যক্তিয়ে। অভিযোগকাৰী লোকজনে দাবী কৰিছে যে ৰাহুল কেৱল এজন বিদেশী নাগৰিকেই নহয় , তেওঁ মোদী উপাধিৰ গোচৰতো  দণ্ডিত হৈছে। সেয়েহে আইনীভাৱে তেওঁৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ নাই। 

অনিৰুদ্ধ প্ৰতাপ সিঙৰ  অধিবক্তা অশোক পাণ্ডেই ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰায়বৰেলী জিলা দণ্ডাধীশৰ ওচৰত অভিযোগ দাখিল কৰিছে। অধিবক্তাগৰাকীয়ে কয় "ৰাহুল গান্ধী ভাৰতৰ নাগৰিক নহয়। ২০০৬ চনত ৰাহুল গান্ধীয়ে নিজেই কৈছিল যে তেওঁ এজন ব্ৰিটিছ নাগৰিক। এজন ব্ৰিটিছ নাগৰিকে ভাৰতত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। কেৱল এয়াই নহয়, অধিবক্তাজনে দাবী কৰে যে ৰাহুল গান্ধীক এটা অপৰাধমূলক গোচৰত দুবছৰৰ শাস্তি  বিহা হৈছে। 

মোদী উপাধি মানহানিৰ গোচৰত ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহা হৈছে। যদিও উচ্চতম ন্যায়ালয়ে শাস্তি স্থগিত ৰাখিছে, ন্যায়ালয়ে  ক'তো কোৱা নাছিল যে ৰাহুলে পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। সেয়েহে তেওঁৰ মনোনয়ন বাতিল কৰিব লাগে। অনিৰুদ্ধ প্ৰতাপ সিঙক প্ৰতিনিধিত্ব কৰা অধিবক্তা অশোক পাণ্ডেয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰায়বৰেলী জিলা দণ্ডাধীশৰ ওচৰত অভিযোগ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু