--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধী ভাৰতৰ নাগৰিক নহয়! তেওঁৰ মনোনয়ন বাতিল কৰিব লাগে। এই দাবী জনাই নিৰ্বাচন আয়োগৰ কাষ চাপিছে  অনিৰুদ্ধ প্ৰতাপ সিং নামৰ এজন ব্যক্তিয়ে। অভিযোগকাৰী লোকজনে দাবী কৰিছে যে ৰাহুল কেৱল এজন বিদেশী নাগৰিকেই নহয় , তেওঁ মোদী উপাধিৰ গোচৰতো  দণ্ডিত হৈছে। সেয়েহে আইনীভাৱে তেওঁৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ নাই। 

অনিৰুদ্ধ প্ৰতাপ সিঙৰ  অধিবক্তা অশোক পাণ্ডেই ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰায়বৰেলী জিলা দণ্ডাধীশৰ ওচৰত অভিযোগ দাখিল কৰিছে। অধিবক্তাগৰাকীয়ে কয় "ৰাহুল গান্ধী ভাৰতৰ নাগৰিক নহয়। ২০০৬ চনত ৰাহুল গান্ধীয়ে নিজেই কৈছিল যে তেওঁ এজন ব্ৰিটিছ নাগৰিক। এজন ব্ৰিটিছ নাগৰিকে ভাৰতত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। কেৱল এয়াই নহয়, অধিবক্তাজনে দাবী কৰে যে ৰাহুল গান্ধীক এটা অপৰাধমূলক গোচৰত দুবছৰৰ শাস্তি  বিহা হৈছে। 

মোদী উপাধি মানহানিৰ গোচৰত ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহা হৈছে। যদিও উচ্চতম ন্যায়ালয়ে শাস্তি স্থগিত ৰাখিছে, ন্যায়ালয়ে  ক'তো কোৱা নাছিল যে ৰাহুলে পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। সেয়েহে তেওঁৰ মনোনয়ন বাতিল কৰিব লাগে। অনিৰুদ্ধ প্ৰতাপ সিঙক প্ৰতিনিধিত্ব কৰা অধিবক্তা অশোক পাণ্ডেয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰায়বৰেলী জিলা দণ্ডাধীশৰ ওচৰত অভিযোগ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ