--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়তো ৰাহুল গান্ধীৰ শাস্তি স্থগিত ৰখাৰ পথত হেঙাৰ হৈ থিয় দিছে   মানহানিৰ গোচৰৰ অভিযোগকাৰী বিজেপি বিধায়ক পূৰ্ণেশ মোদীয়ে। বিজেপি বিধায়কগৰাকীয়ে  উচ্চতম ন্যায়ালয়ত এক সতৰ্কবাণী আবেদন  দাখিল কৰিছে। 

আবেদনত বিধায়ক মোদীয়ে কৈছে যে  যদি কংগ্ৰেছ নেতাজনে মোদী উপাধি মন্তব্য গোচৰত তেওঁৰ দোষী সাব্যস্তকৰণ  স্থগিত ৰাখিবলৈ  উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰে তেন্তে তেওঁকো যাতে  শুনানিত উপস্থিত থাকিবলৈ দিয়া হয়।  উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়ত বিধায়ক পূৰ্ণেশ মোদীয়ে উপস্থিত থাকিব বিচাৰি কৰা আবেদন খনৰ কথা বুধবাৰে পোহৰলৈ আহে।  উল্লেখ্য গুজৰাট উচ্চ ন্যায়ালয়ৰ একক ন্যায়াধীশৰ বিচাৰপীঠে ৭ জুলাইত ৰাহুল গান্ধীৰ মানহানিৰ গোচৰত দোষী সাব্যস্তকৰণৰ বিষয়ত  স্থগিতাদেশ বিচাৰি কৰা আবেদন খাৰিজ কৰিছিল।

 ইপিনে উচ্চতম  ন্যায়ালয়ৰ ৱেবছাইট অনুসৰি  পূৰ্ণেশ মোদীয়ে তেওঁৰ অধিবক্তা পি এছ সুধীৰৰ জৰিয়তে ৭ জুলাইৰ দিনাই  উচ্চতম ন্যায়ালয়ত  কেভেট আবেদন খন দাখিল কৰিছিল।

৭ জুলাইত মোদী উপাধি সম্পৰ্কীয় গোচৰত কাৰাদণ্ডৰে দণ্ডিত ৰাহুল গান্ধীয়ে  গুজৰাট উচ্চ ন্যায়ালয়ত দুবছৰৰ কাৰাদণ্ডৰ নিৰ্দেশত স্থগিতাদেশ বিচাৰি কৰা আবেদন নাকচ কৰিছিল  গুজৰাট উচ্চ ন্যায়ালয়ে ।  গুজৰাট উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে ১০ টা অতিৰিক্ত অপৰাধমূলক মানহানিৰ গোচৰ থকা বুলি মন্তব্য কৰাৰ লগতে ছুৰাট আদালতৰ ৰায় সঠিক আছিল বুলি কৈছিল। আদালতে কৈছিল  যে সত্ৰ আদালতে জাৰি কৰা আদেশটো  সঠিক।

 উল্লেখ্য ৰাহুল গান্ধীয়ে গান্ধীয়ে কেমব্ৰিজত বীৰ ছাভাৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰাৰ  পিছত পুনে আদালতত বীৰ ছাভাৰকাৰৰ নাতিয়েকে ৰাহুলৰ বিৰুদ্ধে গোচৰ তৰিছে। ২৩ মাৰ্চত গুজৰাটৰ ছুৰাট দণ্ডাধীশৰ আদালতৰ ন্যায়াধীশ এইচ এইচ বাৰ্মাই ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ কোলাৰত 'মোদী' উপাধি ব্যৱহাৰ কৰি আপত্তিজনক মন্তব্য কৰাৰ বাবে ৰাহুলক দুবছৰৰ কাৰাদণ্ড বিহিছিল। ২৪ মাৰ্চত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১০২(১)- আৰু চুৰাট দণ্ডাধীশৰ আদালতৰ ৰায়ৰ ওপৰত ভিত্তি কৰি জনপ্ৰতিনিধিত্ব আইনৰ (১৯৫১) অনুচ্ছেদ ৮(৩)ৰ অধীনত ৰাহুলৰ সংসদৰ সদস্যপদ খাৰিজ কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস