--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়তো ৰাহুল গান্ধীৰ শাস্তি স্থগিত ৰখাৰ পথত হেঙাৰ হৈ থিয় দিছে   মানহানিৰ গোচৰৰ অভিযোগকাৰী বিজেপি বিধায়ক পূৰ্ণেশ মোদীয়ে। বিজেপি বিধায়কগৰাকীয়ে  উচ্চতম ন্যায়ালয়ত এক সতৰ্কবাণী আবেদন  দাখিল কৰিছে। 

আবেদনত বিধায়ক মোদীয়ে কৈছে যে  যদি কংগ্ৰেছ নেতাজনে মোদী উপাধি মন্তব্য গোচৰত তেওঁৰ দোষী সাব্যস্তকৰণ  স্থগিত ৰাখিবলৈ  উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰে তেন্তে তেওঁকো যাতে  শুনানিত উপস্থিত থাকিবলৈ দিয়া হয়।  উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়ত বিধায়ক পূৰ্ণেশ মোদীয়ে উপস্থিত থাকিব বিচাৰি কৰা আবেদন খনৰ কথা বুধবাৰে পোহৰলৈ আহে।  উল্লেখ্য গুজৰাট উচ্চ ন্যায়ালয়ৰ একক ন্যায়াধীশৰ বিচাৰপীঠে ৭ জুলাইত ৰাহুল গান্ধীৰ মানহানিৰ গোচৰত দোষী সাব্যস্তকৰণৰ বিষয়ত  স্থগিতাদেশ বিচাৰি কৰা আবেদন খাৰিজ কৰিছিল।

 ইপিনে উচ্চতম  ন্যায়ালয়ৰ ৱেবছাইট অনুসৰি  পূৰ্ণেশ মোদীয়ে তেওঁৰ অধিবক্তা পি এছ সুধীৰৰ জৰিয়তে ৭ জুলাইৰ দিনাই  উচ্চতম ন্যায়ালয়ত  কেভেট আবেদন খন দাখিল কৰিছিল।

৭ জুলাইত মোদী উপাধি সম্পৰ্কীয় গোচৰত কাৰাদণ্ডৰে দণ্ডিত ৰাহুল গান্ধীয়ে  গুজৰাট উচ্চ ন্যায়ালয়ত দুবছৰৰ কাৰাদণ্ডৰ নিৰ্দেশত স্থগিতাদেশ বিচাৰি কৰা আবেদন নাকচ কৰিছিল  গুজৰাট উচ্চ ন্যায়ালয়ে ।  গুজৰাট উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে ১০ টা অতিৰিক্ত অপৰাধমূলক মানহানিৰ গোচৰ থকা বুলি মন্তব্য কৰাৰ লগতে ছুৰাট আদালতৰ ৰায় সঠিক আছিল বুলি কৈছিল। আদালতে কৈছিল  যে সত্ৰ আদালতে জাৰি কৰা আদেশটো  সঠিক।

 উল্লেখ্য ৰাহুল গান্ধীয়ে গান্ধীয়ে কেমব্ৰিজত বীৰ ছাভাৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰাৰ  পিছত পুনে আদালতত বীৰ ছাভাৰকাৰৰ নাতিয়েকে ৰাহুলৰ বিৰুদ্ধে গোচৰ তৰিছে। ২৩ মাৰ্চত গুজৰাটৰ ছুৰাট দণ্ডাধীশৰ আদালতৰ ন্যায়াধীশ এইচ এইচ বাৰ্মাই ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ কোলাৰত 'মোদী' উপাধি ব্যৱহাৰ কৰি আপত্তিজনক মন্তব্য কৰাৰ বাবে ৰাহুলক দুবছৰৰ কাৰাদণ্ড বিহিছিল। ২৪ মাৰ্চত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১০২(১)- আৰু চুৰাট দণ্ডাধীশৰ আদালতৰ ৰায়ৰ ওপৰত ভিত্তি কৰি জনপ্ৰতিনিধিত্ব আইনৰ (১৯৫১) অনুচ্ছেদ ৮(৩)ৰ অধীনত ৰাহুলৰ সংসদৰ সদস্যপদ খাৰিজ কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল