--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেথি আৰু ৰায়বেৰেলী। এই দুই সমষ্টি এতিয়া দেশৰ ৰাজনীতিৰ চৰ্চাৰ বিষয়।ৰাহুল গান্ধীয়ে আমেথিৰ সলনি ৰায়বেৰেলীৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিষয়টোক বিজেপিয়ে কংগ্ৰেছক উপলুঙা কৰাৰ অস্ত্ৰ হিচাবে বাছি লৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি আন বহু বিজেপি নেতা-নেত্ৰীয়ে ৰাহুলে ৰায়বেৰেলীৰ পৰা নিৰ্বাচন খেলাৰ কথাটোকলৈ ৰাহুলক   কটাক্ষ কৰিছে।   কংগ্ৰেছেও  আজি বিজেপিৰ সমালোচনাৰ প্ৰত্যুত্তৰ  সামাজিক মাধ্যমত দিয়া পৰিলক্ষিত হৈছে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাহুল গান্ধীক 'ডৰো মত, ভাগো মত' বুলি উপহাস কৰাৰ পিছতে    এই সন্দৰ্ভত  প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ নেতাসকলে কয় যে দবা আৰু ৰাজনীতিৰ এজন অভিজ্ঞ খেলুৱৈ হিচাপে ৰাহুল গান্ধীয়ে ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে। তেওঁৰ সমষ্টি নিৰ্বাচনৰ  বিষয়ে ভালদৰে চিন্তা কৰা হৈছে।  কংগ্ৰেছৰ যোগাযোগ বিভাগৰ ভাৰপ্ৰাপ্ত  সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় "মনত ৰাখিব, ৰাহুল গান্ধী ৰাজনীতি আৰু দবা খেলৰ এজন অভিজ্ঞ খেলুৱৈ। দলৰ নেতৃত্বই বহু আলোচনাৰ পিছত  আৰু  বৃহত্তৰ ৰণনীতিৰ অংশ হিচাপে এই  সিদ্ধান্ত লৈছে। এই  সিদ্ধান্তই বিজেপি আৰু  ইয়াৰ  সমৰ্থকসকলক বিচলিত কৰিছে’’।  

তেওঁ লগতে কয় যে ৰায়বেৰেলীক ইন্দিৰা গান্ধী আৰু ছোনিয়া গান্ধীয়ে প্ৰতিনিধিত্ব কৰিছে আৰু এয়া কোনো  'উত্তৰাধিকাৰৰ বিষয় নহয়; এয়া   দায়িত্ব আৰু কৰ্তব্য'। গান্ধী পৰিয়ালৰ বাবে  কেৱল আমেথি-ৰায়বেৰেলীয়েই নহয়, উত্তৰৰ পৰা দক্ষিণলৈ সমগ্ৰ দেশ গান্ধী পৰিয়ালৰ দুৰ্গ। ৰাহুল গান্ধী উত্তৰ প্ৰদেশৰ পৰা তিনিবাৰ আৰু কেৰালাৰ পৰা এবাৰ সাংসদ হৈছে। প্ৰধানমন্ত্ৰীয়ে বিন্ধ্য পাৰ হৈ  কোনো এখন আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাহস কিয় গোটাব নোৱাৰে?" ।

ইপিনে কংগ্ৰেছ নেত্ৰী  সুপ্ৰিয়া শ্ৰীনেটে ইংগিত দিছে  যে প্ৰিয়ংকা গান্ধীয়ে উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে । তেওঁ কয় "প্ৰিয়ংকাই  জোৰদাৰ প্ৰচাৰ চলাই আছে আৰু নৰেন্দ্ৰ মোদীৰ বাবে কঠিন প্ৰত্যাব্বান হিচাবে  প্ৰমাণিত হৈছে।’’  কংগ্ৰেছে লগতে কয় , 'খেলিবলৈ এতিয়াও কেইটামান দবাৰ চাল বাকী আছে'। 
উল্লেখ শুকুৰবাৰে বংগৰ বৰ্ধমানত এক ৰেলী সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰায়বেৰেলীৰ পৰা দ্বিতীয়খন আসনত ৰাহুলে  প্ৰতিদ্বন্দ্বিতা কৰাকলৈ ৰাহুলক কটাক্ষ কৰিছিল।  প্ৰধানমন্ত্ৰীয়ে কয়, "তেওঁলোকে ঘূৰি ফুৰে আৰু সকলোকে কয়, 'ডৰো মত'। আজি মই  কৈছো, মই মোৰ হৃদয়ৰ পৰা কৈছো,  ডৰো মত, ভাগো মত!" প্ৰধানমন্ত্ৰীয়ে কৈছিল, "মই কৈছো  যে ৰাহুল  ৱায়নাডৰ পৰাজিত হ'বলৈ গৈ আছে। পৰাজয়ৰ আশংকাত তেওঁ দ্বিতীয় খন আসন বিচাৰিবলৈ আৰম্ভ কৰিছিল। কংগ্ৰেছৰ পালি নেতাসকলে  কৈ আহিছিল যে ৰাহুল  আমেথিলৈ আহিব। তেওঁ পৰাজয়ৰ ভয়ত তালৈ যাব নোৱাৰিলে। অৱশেষত, তেওঁ ৰায়বৰেলীলৈ গ'ল।  ডৰো মত, ভাগো মত!"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু