--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাম তেওঁৰ কিশোৰী লাল শৰ্মা। বহুতে তেওঁক কে এল বুলিয়েই জানে। গান্ধী পৰিয়ালৰ ভাতঘৰৰ মানুহ শৰ্মা। কে এল শৰ্মাই  ১৯৮৩ চনত ৰাজীৱ গান্ধীৰ সৈতে ৰায়বেৰেলী আৰু আমেথিৰ ৰাজনীতিৰ পথাৰত ভৰি দিছিল। ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত গান্ধী পৰিয়ালৰ সৈতে তেওঁৰ সম্পৰ্ক ঘনিষ্ঠ হৈ পৰিছিল।আমেথি লোকসভা আসনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাবে শৰ্মাক বাছনি কৰিছে কংগ্ৰেছে। 

 এই সমষ্টিটো এটা সময়ত  ৰাহুল গান্ধীয়ে প্ৰতিনিধিত্ব কৰিছিল।লোকসভা নিৰ্বাচনত  কে এল শৰ্মাই আমেথিত বৰ্তমানৰ বিজেপি সাংসদ স্মৃতি ইৰাণীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব। শৰ্মা মূলতঃ পঞ্জাৱৰ লুধিয়ানাৰ বাসিন্দা। শৰ্মাই দীৰ্ঘদিন ধৰি  ছোনিয়া গান্ধীৰ হৈ  ৰায়বেৰেলীত দলৰ  কাম পৰিচালনা কৰি আহিছে।১৯৯১  চনত ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত শৰ্মাই ৰায়বেৰেলী আৰু আমেথিত কংগ্ৰেছৰ ভেটি মজবুত কৰাৰ কামত নিজকে নিয়োজিত কৰিছিল। 

কংগ্ৰেছৰ হৈ কে এল শৰ্মাই ৰায়বেৰেলী আৰু আমেথি দুয়োখন আসনৰ তত্বাৱধানৰ দায়িত্ব গ্ৰহণ কৰিছিল।  কে এল শৰ্মা কংগ্ৰেছৰ বাবে  সদায় অবিশ্বাস্যভাৱে নিষ্ঠাৱান আৰু সমৰ্পিত নেতা । ছোনিয়া গান্ধী আৰু গান্ধী পৰিয়ালৰ আন সদস্যসকলৰ প্ৰিয় হোৱা বাবেই কংগ্ৰেছে এইবাৰ শৰ্মাক আমেথিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ