--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাম তেওঁৰ কিশোৰী লাল শৰ্মা। বহুতে তেওঁক কে এল বুলিয়েই জানে। গান্ধী পৰিয়ালৰ ভাতঘৰৰ মানুহ শৰ্মা। কে এল শৰ্মাই  ১৯৮৩ চনত ৰাজীৱ গান্ধীৰ সৈতে ৰায়বেৰেলী আৰু আমেথিৰ ৰাজনীতিৰ পথাৰত ভৰি দিছিল। ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত গান্ধী পৰিয়ালৰ সৈতে তেওঁৰ সম্পৰ্ক ঘনিষ্ঠ হৈ পৰিছিল।আমেথি লোকসভা আসনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাবে শৰ্মাক বাছনি কৰিছে কংগ্ৰেছে। 

 এই সমষ্টিটো এটা সময়ত  ৰাহুল গান্ধীয়ে প্ৰতিনিধিত্ব কৰিছিল।লোকসভা নিৰ্বাচনত  কে এল শৰ্মাই আমেথিত বৰ্তমানৰ বিজেপি সাংসদ স্মৃতি ইৰাণীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব। শৰ্মা মূলতঃ পঞ্জাৱৰ লুধিয়ানাৰ বাসিন্দা। শৰ্মাই দীৰ্ঘদিন ধৰি  ছোনিয়া গান্ধীৰ হৈ  ৰায়বেৰেলীত দলৰ  কাম পৰিচালনা কৰি আহিছে।১৯৯১  চনত ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত শৰ্মাই ৰায়বেৰেলী আৰু আমেথিত কংগ্ৰেছৰ ভেটি মজবুত কৰাৰ কামত নিজকে নিয়োজিত কৰিছিল। 

কংগ্ৰেছৰ হৈ কে এল শৰ্মাই ৰায়বেৰেলী আৰু আমেথি দুয়োখন আসনৰ তত্বাৱধানৰ দায়িত্ব গ্ৰহণ কৰিছিল।  কে এল শৰ্মা কংগ্ৰেছৰ বাবে  সদায় অবিশ্বাস্যভাৱে নিষ্ঠাৱান আৰু সমৰ্পিত নেতা । ছোনিয়া গান্ধী আৰু গান্ধী পৰিয়ালৰ আন সদস্যসকলৰ প্ৰিয় হোৱা বাবেই কংগ্ৰেছে এইবাৰ শৰ্মাক আমেথিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক