--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। গাঁৱৰ যাত্ৰাপাৰ্টীত অসুৰ বধ কৰিবলৈ গৈ সঁচা-সঁচিকৈ কিশোৰৰ মুণ্ডচ্ছেদ কৰিলে মা কালীৰূপী কিশোৰে। সেই সময়ত যাত্ৰা পাৰ্টীৰ নাটক চলি আছিল। নাটকৰ সৈতে একাত্ম হৈ পৰিছিল প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰী। নাটকত মাক কালীৰ ৰূপত অভিনয় কৰিছিল  এজন কিশোৰে ।  মা কালীৰ ভাও লোৱা সেই কিশোৰজনেই উত্তেজনাৰ মাজতে অসুৰ বধ কৰিবলৈ গৈ অসুৰৰ ভাও লোৱা আন এজন কিশোৰৰ ডিঙিত ডাৰে ঘপিয়াই দিয়ে। 

এই শিহৰণকাৰী  ঘটনাটো উত্তৰ প্ৰদেশৰ কানপুৰৰ এখন গাঁৱত সংঘটিত হৈছে। ভাগৱত কথা প্ৰদৰ্শনৰ সময়ত অসুৰৰ চৰিত্ৰত অভিনয় কৰি থকা কিশোৰজনক কালীৰূপী কিশোৰজনে  হত্যা কৰে। আঘাতপ্ৰাপ্ত কিশোৰজনক  ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল  চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ঘটনাটো কানপুৰৰ বিলহাউৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত বামভিয়াপুৰ গাঁৱত সংঘটিত হৈছে।  ভাগৱত কথা উপলক্ষে গাঁৱখনত যাত্ৰা নাটৰ  আয়োজন কৰা হৈছিল। কেইবাজনো নাবালক আৰু কিশোৰে  নাটকত  অংশগ্ৰহণ কৰিছিল। 

যাত্ৰা পাৰ্টীৰ নাট খন গাঁও খনৰ বাসিন্দা সুভাষ চাইনীৰ ঘৰত আয়োজন কৰা হৈছিল। ইপিনে অভিনয় কৰা কিশোৰৰ হাতত কিয় চোকা অস্ত্ৰ তুলি দিয়া হৈছিল তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে।  গাওঁবাসীয়ে কৈছে যে তেওঁক এটা ভোঁতা শিলহে ব্যৱহাৰ কৰিবলৈ কোৱা হৈছিল। অৱশ্যে, কিশোৰজনে অৱশেষত তেওঁৰ ঘৰলৈ গৈ ঘৰৰ  পৰা দা এখন লৈ আহিছিল ।  

সেই দা খনৰেই তেওঁ অসুৰৰূপী কিশোৰজনৰ ডিঙিত আঘাত কৰিছিল। গাওঁবাসীসকলে এনে দৃশ্য দেখি হতবাক হৈ পৰিছিল। ।  ইফালে এই ভয়াৱহ  খবৰটো পোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে। অনুষ্ঠানটোৰ আয়োজকসকলৰ ভূমিকাকলৈয়ো বহুতে প্ৰশ্ন উত্থাপন কৰিছে। বহুতে প্ৰশ্ন কৰিছে "কিশোৰজনক সঁচা দা লৈ মঞ্চলৈ যাবলৈ কিয় অনুমতি দিয়া হৈছিল? কোনেও তেওঁক কিয় বাধা দিয়া নাছিল? বিলহাউৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কেশৱ তিৱাৰীয়ে কয়  যে ঘটনাটোৰ তদন্ত চলি আছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু