--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। গাঁৱৰ যাত্ৰাপাৰ্টীত অসুৰ বধ কৰিবলৈ গৈ সঁচা-সঁচিকৈ কিশোৰৰ মুণ্ডচ্ছেদ কৰিলে মা কালীৰূপী কিশোৰে। সেই সময়ত যাত্ৰা পাৰ্টীৰ নাটক চলি আছিল। নাটকৰ সৈতে একাত্ম হৈ পৰিছিল প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰী। নাটকত মাক কালীৰ ৰূপত অভিনয় কৰিছিল  এজন কিশোৰে ।  মা কালীৰ ভাও লোৱা সেই কিশোৰজনেই উত্তেজনাৰ মাজতে অসুৰ বধ কৰিবলৈ গৈ অসুৰৰ ভাও লোৱা আন এজন কিশোৰৰ ডিঙিত ডাৰে ঘপিয়াই দিয়ে। 

এই শিহৰণকাৰী  ঘটনাটো উত্তৰ প্ৰদেশৰ কানপুৰৰ এখন গাঁৱত সংঘটিত হৈছে। ভাগৱত কথা প্ৰদৰ্শনৰ সময়ত অসুৰৰ চৰিত্ৰত অভিনয় কৰি থকা কিশোৰজনক কালীৰূপী কিশোৰজনে  হত্যা কৰে। আঘাতপ্ৰাপ্ত কিশোৰজনক  ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল  চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ঘটনাটো কানপুৰৰ বিলহাউৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত বামভিয়াপুৰ গাঁৱত সংঘটিত হৈছে।  ভাগৱত কথা উপলক্ষে গাঁৱখনত যাত্ৰা নাটৰ  আয়োজন কৰা হৈছিল। কেইবাজনো নাবালক আৰু কিশোৰে  নাটকত  অংশগ্ৰহণ কৰিছিল। 

যাত্ৰা পাৰ্টীৰ নাট খন গাঁও খনৰ বাসিন্দা সুভাষ চাইনীৰ ঘৰত আয়োজন কৰা হৈছিল। ইপিনে অভিনয় কৰা কিশোৰৰ হাতত কিয় চোকা অস্ত্ৰ তুলি দিয়া হৈছিল তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে।  গাওঁবাসীয়ে কৈছে যে তেওঁক এটা ভোঁতা শিলহে ব্যৱহাৰ কৰিবলৈ কোৱা হৈছিল। অৱশ্যে, কিশোৰজনে অৱশেষত তেওঁৰ ঘৰলৈ গৈ ঘৰৰ  পৰা দা এখন লৈ আহিছিল ।  

সেই দা খনৰেই তেওঁ অসুৰৰূপী কিশোৰজনৰ ডিঙিত আঘাত কৰিছিল। গাওঁবাসীসকলে এনে দৃশ্য দেখি হতবাক হৈ পৰিছিল। ।  ইফালে এই ভয়াৱহ  খবৰটো পোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে। অনুষ্ঠানটোৰ আয়োজকসকলৰ ভূমিকাকলৈয়ো বহুতে প্ৰশ্ন উত্থাপন কৰিছে। বহুতে প্ৰশ্ন কৰিছে "কিশোৰজনক সঁচা দা লৈ মঞ্চলৈ যাবলৈ কিয় অনুমতি দিয়া হৈছিল? কোনেও তেওঁক কিয় বাধা দিয়া নাছিল? বিলহাউৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কেশৱ তিৱাৰীয়ে কয়  যে ঘটনাটোৰ তদন্ত চলি আছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ