--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন আগতে ৰাস্তাৰ দাঁতিত বহি জোতা চিলাই কৰিছিল। মানুহে আহি চিলাই বা পলিচ কৰিবলৈ জোতাবোৰ পেলাই দিয়ে। এতিয়া সেই মানুহবোৰেই আহি ৰাম চেটৰ লগত চিনাকি হ’বলৈ আহিছে। গাড়ী ৰখাই কথা পাতে। ইয়াৰ বাবে উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ চামৰাৰ শিল্পী ৰামে ৰাহুল গান্ধীক ধন্যবাদ জনাইছে। ৰাহুলে সন্মান দিয়াৰ বাবেই তেওঁৰ অৱস্থা সলনি হ’ল।

একাংশই দহ লাখ টকা পৰ্যন্ত ধন দি ৰাহুলে তেওঁৰ দোকানত চিলাই কৰা জোতাযোৰ কিনিব বিচাৰিছিল। কিন্তু ৰাম অটল। সেই জোতা তেওঁ বিক্ৰী নকৰে।

চুলতানপুৰত এটা মানহানিৰ গোচৰৰ শুনানিত অংশগ্ৰহণ কৰিবলৈ গৈছিল কংগ্ৰেছ সাংসদ ৰাহুল। বাটত ৰামৰ জোতা মেৰামতি কৰা দোকানত ৰয়। তেওঁ ব্যৱসায়ৰ বিষয়ে সোধা-পোছা কৰিলে। তেওঁৰ পৰা জোতা বনোৱাৰ পাঠো লৈছিল। ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে ৰাহুলে জোতা চিলাই কৰা ভিডিঅ’। পিছদিনা ৰাহুলে ৰামক চিলাই মেচিন এটা দিয়ে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ আগত ৰামে কয় যে ৰাহুল তেওঁৰ দোকানলৈ অহাৰ পিছৰে পৰা জীৱন সলনি হৈছে।

ৰাহুলে চিলাই কৰা জোতা কিনিবলৈ বহু লোকে লাখ লাখ টকাৰ প্ৰস্তাৱ দিছে বুলিও ৰামে কয়। তেওঁৰ ভাষাত "প্ৰথমে এজন ব্যক্তিয়ে পাঁচ লাখ টকা দিব বিচাৰিছিল। এতিয়া সেই অফাৰ ১০ লাখ টকা হৈছেগৈ। নগদ ধনেৰে ভৰা বেগ এটা লৈ মানুহ এজন আহিল, মই লোৱা নাছিলো। মই সেই জোতা বিক্ৰী নকৰো।’’ ৰাম এটা অস্থায়ী জুপুৰীত থাকে। বিদ্যুতৰ সংযোগ নাই। সেইবাবেই ৰাতি ঘৰত চিলাই কৰিব নোৱাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ