--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে ৰাহুল গান্ধীয়ে দাবী কৰিছে যে দুই এদিনতে ৰাহুল গান্ধীৰ বিৰুদ্ধে ইডিয়ে অভিযান চলাব। যোৱা ২৯ জুলাইত তেওঁ সংসদত দিয়া চক্ৰবেহু ভাষণৰ বাবে ইডিয়ে তেওঁৰ বিৰুদ্ধে অভিযান চলাবলৈ পৰিকল্পনা কৰিছে। 
ইডিৰ ভিতৰৰ মানুহে তেওঁক এই বিষয়ে খবৰ দিয়াৰ বুলি কংগ্ৰেছ সাংসদগৰাকীয়ে শুকুৰবাৰে পুৱা সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। 

তেওঁ ইডিৰ  বাবে চাহ বিস্কুট লৈ অপেক্ষা কৰি আছে বুলিও সামাজিক মাধ্যমত মন্তব্য কৰে। এক্সৰ জৰিয়তে ৰাহুল গান্ধীয়ে কৈছে- আপাতদৃষ্টিত, দুই এজনে মোৰ চক্ৰবেহু ভাষণ ভাল নাপালে। ইডিৰ ভিতৰৰসকলে মোক কৈছে এটা অভিযানৰ পৰিকল্পনা কৰা হৈছে। তেওঁ ইডিক মেনচন কৰিয়েই লিখিছে- খোলা বাহুৰে অপেক্ষা কৰি আছোঁ।
উল্লেখ্য যে, সংসদৰ বাজেট অধিবেশনৰ বিতৰ্কত প্ৰায় ৪৫ মিনিটৰ এটা ভাষণত ৰাহুল গান্ধীয়ে কুৰুক্ষেত্ৰৰ মহাভাৰতৰ কিদৰে চক্ৰবেহুত অভিমন্যুক হত্যা কৰা হৈছিল সেই বিষয়ে উদাহৰণ দি বৰ্তমানো চক্ৰবেহু ৰচনা কৰা বুলি উল্লেখ কৰিছিল।
ৰাহুল এই ভাষণতে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কৈছিল মোডীৰ কাৰ্যাকালত মন্ত্ৰীৰ পৰা আৰম্ভ কৰি কৃষক, ভোটাৰ নিবনুৱা সকলোৱেই ভীতিগ্ৰস্ত হৈ আছে। হাজাৰ বছৰ পূৰ্বে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত অভিমন্যু নামৰ এজন যুৱকক চক্ৰবেহুত বন্দী কৰি ৬ জনে মিলি হত্যা কৰিছিল। মই সেই চক্ৰবেহুক লৈ কিছু অধ্যয়ন কৰিছোঁ। জানিবলৈ পাৰিছোঁ এই চক্ৰবেহুৰ আন এটা নাম পদ্মবেহু। পদমু ফুলৰ দৰেই আঁকাৰ হোৱাৰ বাবেই ইয়াক পদ্মবেহু বুলি কোৱা হয়।

এইদৰেই সংসদৰ ৰাহুলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ পাছতেই বিজেপি নেতাসকলেও তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এই চক্ৰবেহু ভাষণৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতেই ৰাহুল গান্ধীয়ে এইদৰে তেওঁৰ বিৰুদ্ধে ইডিৰ অভিযান চলাৰ সম্ভাৱনা ব্যক্ত কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।
ইয়াৰোপৰি কেৰালাৰ ৱায়নাডক সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনৰ  পিছত ৱায়ানাদৰ সাংসদ হিচাপে তেওঁ হাত হাৰি মানুহৰ মন বিচলিত কৰিবলৈ তেওঁ নতুন আখ্যান মেলিছে বুলি বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে মন্তব্য কৰিছে।
আনহাতে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ মিত্ৰ লালন সিঙে বিৰোধী নেতা ৰাহুল গান্ধীৰ দাবীত মন্তব্য কৰি কয় যে গান্ধীয়ে হয়তো এনেকুৱা কোনো কাম কৰিছিল যাৰ ফলত ইডিয়ে তেওঁৰ বিৰুদ্ধে অভিযানৰ পৰিকল্পনা কৰিছে। বিনা দুখত এনে হোৱাৰ প্ৰশ্নয়ে নুঠে বুলি কেন্দ্ৰীয়মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু