--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে ৰাহুল গান্ধীয়ে দাবী কৰিছে যে দুই এদিনতে ৰাহুল গান্ধীৰ বিৰুদ্ধে ইডিয়ে অভিযান চলাব। যোৱা ২৯ জুলাইত তেওঁ সংসদত দিয়া চক্ৰবেহু ভাষণৰ বাবে ইডিয়ে তেওঁৰ বিৰুদ্ধে অভিযান চলাবলৈ পৰিকল্পনা কৰিছে। 
ইডিৰ ভিতৰৰ মানুহে তেওঁক এই বিষয়ে খবৰ দিয়াৰ বুলি কংগ্ৰেছ সাংসদগৰাকীয়ে শুকুৰবাৰে পুৱা সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। 

তেওঁ ইডিৰ  বাবে চাহ বিস্কুট লৈ অপেক্ষা কৰি আছে বুলিও সামাজিক মাধ্যমত মন্তব্য কৰে। এক্সৰ জৰিয়তে ৰাহুল গান্ধীয়ে কৈছে- আপাতদৃষ্টিত, দুই এজনে মোৰ চক্ৰবেহু ভাষণ ভাল নাপালে। ইডিৰ ভিতৰৰসকলে মোক কৈছে এটা অভিযানৰ পৰিকল্পনা কৰা হৈছে। তেওঁ ইডিক মেনচন কৰিয়েই লিখিছে- খোলা বাহুৰে অপেক্ষা কৰি আছোঁ।
উল্লেখ্য যে, সংসদৰ বাজেট অধিবেশনৰ বিতৰ্কত প্ৰায় ৪৫ মিনিটৰ এটা ভাষণত ৰাহুল গান্ধীয়ে কুৰুক্ষেত্ৰৰ মহাভাৰতৰ কিদৰে চক্ৰবেহুত অভিমন্যুক হত্যা কৰা হৈছিল সেই বিষয়ে উদাহৰণ দি বৰ্তমানো চক্ৰবেহু ৰচনা কৰা বুলি উল্লেখ কৰিছিল।
ৰাহুল এই ভাষণতে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কৈছিল মোডীৰ কাৰ্যাকালত মন্ত্ৰীৰ পৰা আৰম্ভ কৰি কৃষক, ভোটাৰ নিবনুৱা সকলোৱেই ভীতিগ্ৰস্ত হৈ আছে। হাজাৰ বছৰ পূৰ্বে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত অভিমন্যু নামৰ এজন যুৱকক চক্ৰবেহুত বন্দী কৰি ৬ জনে মিলি হত্যা কৰিছিল। মই সেই চক্ৰবেহুক লৈ কিছু অধ্যয়ন কৰিছোঁ। জানিবলৈ পাৰিছোঁ এই চক্ৰবেহুৰ আন এটা নাম পদ্মবেহু। পদমু ফুলৰ দৰেই আঁকাৰ হোৱাৰ বাবেই ইয়াক পদ্মবেহু বুলি কোৱা হয়।

এইদৰেই সংসদৰ ৰাহুলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ পাছতেই বিজেপি নেতাসকলেও তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এই চক্ৰবেহু ভাষণৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতেই ৰাহুল গান্ধীয়ে এইদৰে তেওঁৰ বিৰুদ্ধে ইডিৰ অভিযান চলাৰ সম্ভাৱনা ব্যক্ত কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।
ইয়াৰোপৰি কেৰালাৰ ৱায়নাডক সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনৰ  পিছত ৱায়ানাদৰ সাংসদ হিচাপে তেওঁ হাত হাৰি মানুহৰ মন বিচলিত কৰিবলৈ তেওঁ নতুন আখ্যান মেলিছে বুলি বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে মন্তব্য কৰিছে।
আনহাতে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ মিত্ৰ লালন সিঙে বিৰোধী নেতা ৰাহুল গান্ধীৰ দাবীত মন্তব্য কৰি কয় যে গান্ধীয়ে হয়তো এনেকুৱা কোনো কাম কৰিছিল যাৰ ফলত ইডিয়ে তেওঁৰ বিৰুদ্ধে অভিযানৰ পৰিকল্পনা কৰিছে। বিনা দুখত এনে হোৱাৰ প্ৰশ্নয়ে নুঠে বুলি কেন্দ্ৰীয়মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
Advertisement