--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ, গান্ধী পৰিয়াল আদিৰ সৈতে ইটালীৰ নামটো বহু সময়ত বহুতৰে বাবে চৰ্চাৰ বিষয় হৈ আহিছে। শেহতীয়াকৈ গান্ধী পৰিয়ালৰ যুৱৰাজ ৰাহুল গান্ধী চৰ্চালৈ আহিছে ইটালীৰ খাদ্যৰ বাবে।  উত্তৰ প্ৰদেশৰ এখন  ৰেষ্টুৰেণ্টে ৰাহুল গান্ধীৰ নামেৰে   'ইটালিয়ান ডিছ'ৰ নাম ৰখাৰ বিষয়টোকলৈ এতিয়া চৰ্চা তুংগত উঠিছে।

ৰাহুল গান্ধীৰ নামেৰে বিদেশী খাদ্যৰ নাম ৰখাৰ কথাটোকলৈ স্বাভাৱিকতে কংগ্ৰেছ সুখী হ’ব লাগিছিল যদিও তেনে হোৱা নাই। বিপৰীতে কংগ্ৰেছে বিষয়টোকলৈ নেতিবাচক প্ৰতিক্ৰিয়াহে প্ৰকাশ কৰিছে। 

কংগ্ৰেছৰ সৈতে ইটালীৰ সম্পৰ্কৰ বিষয়টো পৰাপক্ষত কংগ্ৰেছৰ নেতাসকলে এৰাই চলিব বিচাৰি আহিছে। কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন  সভানেত্ৰীৰ পদত থকা ছোনিয়া গান্ধী ইটালীমূলৰ।

 ইটালীমূলৰ হোৱা বাবেই পূৰ্বে ছোনিয়া গান্ধীক প্ৰধানমন্ত্ৰীৰ ৰূপত কোনেও চাব বিচৰা নাছিল। সেয়ে ইটালীৰ গোন্ধটোক কংগ্ৰেছে নিজৰ গাৰ পৰা গুচাবলৈ চেষ্টা অব্যাহত ৰাখিছে।

এনে সময়তে উত্তৰ প্ৰদেশৰ ৰেষ্টুৰেণ্টে ৰাহুল গান্ধীৰ নামত  'ইটালিয়ান ডিছ'ৰ নাম ৰখাৰ বিষয়টোক সহজভাবে ল’ব পৰা নাই কংগ্ৰেছে।উত্তৰ প্ৰদেশৰ ৰেষ্টুৰেণ্ট খনৰ বিৰুদ্ধে সেয়ে কংগ্ৰেছে প্ৰতিবাদ কৰাৰ ভাবুকি দিছে।

উত্তৰ প্ৰদেশৰ ইটাৱাত থকা ৰেষ্টুৰেণ্ট খনৰ  মেনু কাৰ্ডত দলৰ নেতা ৰাহুল গান্ধীৰ নামৰ অপব্যৱহাৰ হোৱাৰ পিছত কংগ্ৰেছ দলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে।

চহৰখনৰ চিভিল লাইনছ অঞ্চলত অৱস্থিত ৰেষ্টুৰেণ্টখনে ইটালীৰ পাস্তা, মেক্সিকান পাস্তা আৰু হেংঅ'ভাৰ পাস্তাকে ধৰি ইটালীৰ বহু সুস্বাদু খাদ্য পৰিৱেশন কৰি আহিছে৷ 

এই খাদ্যবোৰ "ইটালিয়ান ৰাহুল গান্ধী" শ্ৰেণীৰ অধীনত তালিকাভুক্ত কৰা হৈছে। লক্ষণীয়ভাৱে, ৰাহুলে প্ৰায়ে আইতাকক লগ কৰিবলৈ ইটালী ভ্ৰমণ কৰে। ইটালীৰ প্ৰতি থকা ৰাহুলৰ মৰমৰ বাবেই হয়তো খাদ্যৰ নামত ৰাহুলৰ নাম সংযোগ কৰা হৈছে।

 ইটাৱা জিলা কংগ্ৰেছ সমিতিয়ে মেনু কাৰ্ডখন তৎক্ষণাৎ আঁতৰ নকৰিলে আৰু ৰেষ্টুৰেণ্টখনে ক্ষমা নিবিচাৰিলে আন্দোলন কৰাৰ ভাবুকি দিছে।

ইটাৱা জিলা কংগ্ৰেছ সমিতিৰ সদস্যসকলে জ্যেষ্ঠ আৰক্ষী অধীক্ষকক এই সন্দৰ্ভত  এখন পত্ৰ প্ৰদান কৰে। কংগ্ৰেছৰ প্ৰতিবাদৰ পিছতে জ্যেষ্ঠ আৰক্ষী অধীক্ষকে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ  প্ৰতিশ্ৰুতি দিয়া বুলি জানিব পৰা গৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে