--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ, গান্ধী পৰিয়াল আদিৰ সৈতে ইটালীৰ নামটো বহু সময়ত বহুতৰে বাবে চৰ্চাৰ বিষয় হৈ আহিছে। শেহতীয়াকৈ গান্ধী পৰিয়ালৰ যুৱৰাজ ৰাহুল গান্ধী চৰ্চালৈ আহিছে ইটালীৰ খাদ্যৰ বাবে।  উত্তৰ প্ৰদেশৰ এখন  ৰেষ্টুৰেণ্টে ৰাহুল গান্ধীৰ নামেৰে   'ইটালিয়ান ডিছ'ৰ নাম ৰখাৰ বিষয়টোকলৈ এতিয়া চৰ্চা তুংগত উঠিছে।

ৰাহুল গান্ধীৰ নামেৰে বিদেশী খাদ্যৰ নাম ৰখাৰ কথাটোকলৈ স্বাভাৱিকতে কংগ্ৰেছ সুখী হ’ব লাগিছিল যদিও তেনে হোৱা নাই। বিপৰীতে কংগ্ৰেছে বিষয়টোকলৈ নেতিবাচক প্ৰতিক্ৰিয়াহে প্ৰকাশ কৰিছে। 

কংগ্ৰেছৰ সৈতে ইটালীৰ সম্পৰ্কৰ বিষয়টো পৰাপক্ষত কংগ্ৰেছৰ নেতাসকলে এৰাই চলিব বিচাৰি আহিছে। কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন  সভানেত্ৰীৰ পদত থকা ছোনিয়া গান্ধী ইটালীমূলৰ।

 ইটালীমূলৰ হোৱা বাবেই পূৰ্বে ছোনিয়া গান্ধীক প্ৰধানমন্ত্ৰীৰ ৰূপত কোনেও চাব বিচৰা নাছিল। সেয়ে ইটালীৰ গোন্ধটোক কংগ্ৰেছে নিজৰ গাৰ পৰা গুচাবলৈ চেষ্টা অব্যাহত ৰাখিছে।

এনে সময়তে উত্তৰ প্ৰদেশৰ ৰেষ্টুৰেণ্টে ৰাহুল গান্ধীৰ নামত  'ইটালিয়ান ডিছ'ৰ নাম ৰখাৰ বিষয়টোক সহজভাবে ল’ব পৰা নাই কংগ্ৰেছে।উত্তৰ প্ৰদেশৰ ৰেষ্টুৰেণ্ট খনৰ বিৰুদ্ধে সেয়ে কংগ্ৰেছে প্ৰতিবাদ কৰাৰ ভাবুকি দিছে।

উত্তৰ প্ৰদেশৰ ইটাৱাত থকা ৰেষ্টুৰেণ্ট খনৰ  মেনু কাৰ্ডত দলৰ নেতা ৰাহুল গান্ধীৰ নামৰ অপব্যৱহাৰ হোৱাৰ পিছত কংগ্ৰেছ দলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে।

চহৰখনৰ চিভিল লাইনছ অঞ্চলত অৱস্থিত ৰেষ্টুৰেণ্টখনে ইটালীৰ পাস্তা, মেক্সিকান পাস্তা আৰু হেংঅ'ভাৰ পাস্তাকে ধৰি ইটালীৰ বহু সুস্বাদু খাদ্য পৰিৱেশন কৰি আহিছে৷ 

এই খাদ্যবোৰ "ইটালিয়ান ৰাহুল গান্ধী" শ্ৰেণীৰ অধীনত তালিকাভুক্ত কৰা হৈছে। লক্ষণীয়ভাৱে, ৰাহুলে প্ৰায়ে আইতাকক লগ কৰিবলৈ ইটালী ভ্ৰমণ কৰে। ইটালীৰ প্ৰতি থকা ৰাহুলৰ মৰমৰ বাবেই হয়তো খাদ্যৰ নামত ৰাহুলৰ নাম সংযোগ কৰা হৈছে।

 ইটাৱা জিলা কংগ্ৰেছ সমিতিয়ে মেনু কাৰ্ডখন তৎক্ষণাৎ আঁতৰ নকৰিলে আৰু ৰেষ্টুৰেণ্টখনে ক্ষমা নিবিচাৰিলে আন্দোলন কৰাৰ ভাবুকি দিছে।

ইটাৱা জিলা কংগ্ৰেছ সমিতিৰ সদস্যসকলে জ্যেষ্ঠ আৰক্ষী অধীক্ষকক এই সন্দৰ্ভত  এখন পত্ৰ প্ৰদান কৰে। কংগ্ৰেছৰ প্ৰতিবাদৰ পিছতে জ্যেষ্ঠ আৰক্ষী অধীক্ষকে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ  প্ৰতিশ্ৰুতি দিয়া বুলি জানিব পৰা গৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস